W7s news,,আগৰতলা, ১৬ জুলাই ২০২৬: পিয়াজিঅ’ গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন ভাৰতীয় সহযোগী প্ৰতিষ্ঠান পিয়াজিঅ’ ভেহিকেলছ প্ৰাইভেট লিমিটেডে সম্পূৰ্ণ নতুন এপেৱেভ মুকলিৰ জৰিয়তে নিজৰ বৈদ্যুতিক যাত্ৰীবাহী বাহনৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে। নতুন বৈদ্যুতিক তিনিচকীয়া বাহনখনে দ্ৰুতগতিত বৃদ্ধি পোৱা সুলভ মূল্যৰ যাত্ৰীবাহী ইভি শাখাক প্ৰতিনিধিত্ব কৰাৰ লগতে নগৰীয়া আৰু অৰ্ধনগৰীয়া গতিশীলতাৰ বাবে বৰ্ধিত আৰাম, সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰে।
বৈদ্যুতিক তিনিচকীয়া বাহনৰ ক্ষেত্ৰত পিয়াজিঅ’ৰ দীৰ্ঘদিনীয়া বিশেষজ্ঞতাৰ আধাৰত নিৰ্মিত এপেৱেভক এনেদৰে সাজি উলিওৱা হৈছে যাতে ইয়াত সাধাৰণতে প্ৰিমিয়াম এল ৫ মবিলিটি সমাধানৰ ক্ষেত্ৰতহে দেখা পোৱা সুগমতা আৰু মালিকীস্বত্বৰ সৈতে আৰাম আৰু ড্ৰাইভিং আত্মবিশ্বাসৰ সংযোগ ঘটে।এই বাহনখন বিশেষভাৱে শ্বেয়াৰড মবিলিটি অপাৰেচন, নিৰ্ধাৰিত - গতিপথৰ পৰিবহণ আৰু কম দূৰত্বৰ যাত্ৰীৰ পৰিবহণৰ বাবে বিকশিত কৰা হৈছে, য'ত সুলভতা, কাৰ্য্যকৰী দক্ষতা, আৰু উপাৰ্জনৰ সম্ভাৱনাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।
ভাৰতত প্ৰতিষ্ঠানটোৰ ইলেক্ট্ৰিক মবিলিটিৰ যাত্ৰা আৰম্ভ হৈছিল এপে ই-চিটি শ্বোৱাপেবল মডেলৰ প্ৰৱৰ্তনৰ জৰিয়তে, তাৰ পিছত এপে ই-চিটি এফএক্স আৰু পৰৱৰ্তী সময়ত এপে ই-চিটি মেক্স আৰু এপে ই-চিটি আল্ট্ৰা প্লেটফৰ্মৰ জৰিয়তে ইভি পৰ্টফলিঅ’ উন্নীত হৈছিল। এই বিৱৰ্তন অব্যাহত ৰাখি, এপেৱেভে ভাৰতীয় পৰিচালনাৰ পৰিস্থিতিৰ বাবে নিৰ্মিত ব্যৱহাৰিক আৰু বহনক্ষম গতিশীলতা সমাধান প্ৰদানৰ বাবে পিয়াজিঅ’ৰ দায়বদ্ধতাক শক্তিশালী কৰে।
এই সন্দৰ্ভত পিয়াজিঅ’ ভেহিকেলছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডিয়েগো গ্রাফিয়ে কয় - "ভাৰতৰ বৈদ্যুতিক গতিশীলতাৰ পৰিৱেশ দ্ৰুতগতিত বিকশিত হৈছে, বিশেষকৈ যাত্ৰীবাহী তিনিচকীয়া বাহনৰ শাখা, য'ত গ্ৰাহকে নিৰ্ভৰযোগ্য আৰু অৰ্থনৈতিকভাৱে কাৰ্য্যক্ষম সমাধান বিচাৰিছে। এপেৱেভৰ জৰিয়তে আমি এনে এখন বাহন প্ৰৱৰ্তন কৰিছো যিখন বিশেষভাৱে সুলভ মূল্যৰ মালিকীস্বত্ব বিচৰা চালকসকলৰ প্ৰয়োজনীয়তা পূৰণৰ লগতে উচ্চমানৰ আৰাম, সুৰক্ষা আৰু কাৰ্য্যকৰী নিৰ্ভৰযোগ্যতা পূৰণৰ বাবে বিকশিত কৰা হৈছে। বাহনখনে ভাৰতীয় গতিশীলতাৰ প্ৰয়োজনৰ বিষয়ে আমাৰ অভিজ্ঞতাক প্ৰতিফলিত কৰিছে আৰু সমগ্ৰ দেশতে বহনক্ষম পৰিবহণ আৰু জীৱিকা সৃষ্টিৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাক শক্তিশালী কৰে।”
এই সন্দৰ্ভত পিয়াজিঅ’ ভেহিকেলছ প্ৰাইভেট লিমিটেডৰ চিভি ডমেষ্টিক বিজনেছ এণ্ড ৰিটেইল ফাইনেন্সৰ কাৰ্যবাহী উপাধ্যক্ষ অমিত সাগৰে কয়- “যাত্ৰীবাহী ইভি শাখাৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাই আছে,বিশেষকৈ যিবোৰ বজাৰত শ্বেয়াৰড মবিলিটি আৰু কম দূৰত্বৰ পৰিবহণে দৈনন্দিন যাতায়তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গ্ৰাহকসকলক অধিগ্ৰহণ খৰচ, কাৰ্য্যকৰী সঞ্চয় আৰু যাত্ৰীৰ অভিজ্ঞতাৰ মাজত এক আদৰ্শ ভাৰসাম্য প্ৰদান কৰিবলৈ এপেৱেভৰ ডিজাইন কৰা হৈছে। শক্তিশালী গুণগত মান, কম ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা, যাত্ৰাৰ আৰাম, আৰু এপেৰ নিৰ্ভৰযোগ্যতাৰ সৈতে, বাহনখনে চালক আৰু ফ্লীট অপাৰেটৰৰ বাবে একেদৰেই এক শক্তিশালী মূল্য প্রস্তাবনা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।”
এপেৱেভ কেইবাটাও ব্যৱহাৰিক আৰু পৰিৱেশন-মুখী বৈশিষ্ট্যৰ সৈতে সজ্জিত:
● দৈনিক নগৰীয়া যাত্ৰী চলাচলৰ বাবে ডিজাইন কৰা ৫.৪ কিলোৱাট ঘণ্টাৰ বেটাৰী পেক।
● ২৫ এন এম টৰ্ক ডেলিভাৰীৰ সৈতে ৩ কিলোৱাটৰৰ শীৰ্ষ মটৰ আউটপুট।
● চহৰৰ ভিতৰত কাৰ্য্যক্ষম পৰিবহণৰ বাবে ঘণ্টাত ৪০ কিলোমিটাৰৰ সৰ্বোচ্চ গতি।
● বিভিন্ন ধৰণৰ পথত উন্নত প্ৰদৰ্শনৰ বাবে ১৯% গ্ৰেডেবিলিটি।
● বাস্তৱ জগতৰ অপাৰেটিং ৰেঞ্জ প্ৰায় ১১০ কিলোমিটাৰ, আৰু প্ৰমাণিত ৰেঞ্জ ১৪০ কিলোমিটাৰ।
● চাৰ্জিং সময় প্ৰায় ৩ ঘণ্টা ৪৫ মিনিট।
● স্থায়িত্ব আৰু সুৰক্ষাৰ বাবে শক্তিশালী সম্পূৰ্ণ ধাতুৰে নিৰ্মিত বডী আৰু মনোকক শৈলী।
● যাত্ৰী-কেন্দ্ৰিক ছাচপেনচন ছেটআপে উন্নত ৰাইডৰ মান নিশ্চিত কৰে আৰু এনভিএইচ স্তৰ হ্ৰাস নিশ্চিত কৰে।
● ভাৰতীয় পথৰ অৱস্থাৰ বাবে উপযোগী ১৮০ মিলিমিটাৰৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স।
● যাত্ৰীৰ আৰাম বৃদ্ধিৰ সৈতে বিশাল কেবিন ডিজাইন।
এই বাহনখনে গ্ৰাহকসকলক বিশ্বাসযোগ্য এপে ব্ৰেণ্ডৰ উত্তৰাধিকাৰৰ দ্বাৰা সমৰ্থিত ব্যৱহাৰিক, অৰ্থনৈতিক, বহনক্ষম আৰু নিৰ্ভৰযোগ্য পৰিবহণ সমাধান আগবঢ়াই ইলেক্ট্ৰিক মবিলিটি শাখাত পিয়াজিঅ’ৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰিব। সমগ্ৰ ভাৰতৰ পিয়াজিঅ’ ডিলাৰশ্বিপৰ জৰিয়তে উপলব্ধ হ’ব এপেৱেভ,ইয়াৰ প্ৰাৰম্ভিক মূল্য ২,৫৫,০০০/- টকা (এক্স-শ্ব’ৰুম পুনে)।

No comments:
Post a Comment