বিশেষায়িত বিনিয়োগ খণ্ডত ইনভেছকো মিউচুৱেল ফাণ্ডৰ আত্মপ্ৰকাশ; ‘ছামিট ইকুইটী লং-শ্বৰ্ট ফাণ্ড’-ৰ সূচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 9 July 2026

বিশেষায়িত বিনিয়োগ খণ্ডত ইনভেছকো মিউচুৱেল ফাণ্ডৰ আত্মপ্ৰকাশ; ‘ছামিট ইকুইটী লং-শ্বৰ্ট ফাণ্ড’-ৰ সূচনা

 

এনএফঅ’ আৰম্ভঃ ২ জুলাই, ২০২৬; সমাপ্তিঃ ১৬ জুলাই, ২০২৬


W7s news,,গুৱাহাটী, ৭ জুলাই, ২০২৬: বিনিয়োগকাৰীসকলৰ বাবে বিশেষায়িত বিনিয়োগৰ সুযোগ সম্প্ৰসাৰণৰ অৰ্থে এক নতুন পদক্ষপ গ্ৰহণ কৰিছে ইনভেছকো মিউচুৱেল ফাণ্ডে। ‘ছামিট এছআইএফ’ ব্ৰেণ্ডৰ অধীনত প্ৰতিষ্ঠানটোৱে এইবাৰ প্ৰৱেশ কৰিছে স্পেচিয়েলাইজড ইনভেষ্টমেণ্ট ফাণ্ড (এছআইএফ) খণ্ডত। এই খণ্ডৰ অধীনত প্ৰথমটো বিনিয়োগ কৌশল হিচাপে বজাৰত মুকলি কৰা হৈছে ‘ছামিট ইকুইটী লং-শ্বৰ্ট ফাণ্ড’ (এইটো এটা অপেন-এণ্ডেড ইকুইটী বিনিয়োগ কৌশল, য’ত তালিকাভুক্ত ইকুইটী আৰু ইকুইটী-সম্পৰ্কীয় বিভিন্ন বিত্তীয় সঁজুলিত বিনিয়োগ কৰা হ’ব। একেদৰে ডেৰিভেটিভ সঁজুলিৰ জৰিয়তে ইকুইটীত সীমিত পৰিসৰত শ্বৰ্ট এক্সপ’জাৰৰ সুযোগো থাকিব)।

‘ছামিট ইকুইটী লং-শ্বৰ্ট ফাণ্ড’ এনেদৰে প্ৰস্তুত কৰা হৈছে, যাতে লং পজিশ্যনৰ জৰিয়তে বজাৰৰ ঊৰ্ধ্বমুখী গতিৰ সম্ভাৱনাক কামত লগোৱাৰ লগতে শ্বৰ্ট পজিশ্যনৰ জৰিয়তে বজাৰৰ নিম্নমুখী ধাৰাৰ পৰাও কৌশলগতভাৱে লাভ আদায় কৰিব পৰা যায়। বজাৰ পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি বিনিয়োগ পৰিচালনা কৰা আৰু অতিৰিক্ত ৰিটাৰ্ণ (আলফা) অৰ্জনৰ লক্ষ্যৰেই এই বিনিয়োগ কৌশল তৈয়াৰ কৰা হৈছে। ইনভেছকো মিউচুৱেল ফাণ্ডৰ ‘ছামিট এছআইএফ’-ৰ মূল বিনিয়োগ দৰ্শনো এই কৌশলৰ মাজত প্ৰতিফলিত হৈছে।

উল্লেখযোগ্য যে, এই বিনিয়োগ কৌশলে পোৰ্টফ’লিঅ’ক অধিক শক্তিশালী কৰিবলৈ দুটা সুকীয়া বিনিয়োগ পদ্ধতিৰ সমন্বয় ৰাখিছে। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে ডাইৰেকচনেল লং ষ্ট্ৰেটেজী, যিটো ইনভেছকো এছেট মেনেজমেণ্ট (ইণ্ডিয়া)-ৰ নিজস্ব কেটেগৰাইজেশ্যন ফ্ৰেমৱৰ্কৰ ভিত্তিত বটম-আপ ষ্টক নিৰ্বাচনৰ জৰিয়তে পৰিচালিত হ’ব। দ্বিতীয়টো হৈছে ডেৰিভেটিভভিত্তিক টেকটিকেল শ্বৰ্ট পজিশ্যন, যাৰ লক্ষ্য প্ৰত্যাশাতকৈ দুৰ্বল প্ৰদৰ্শন কৰিব পৰা শ্বেয়াৰৰ নিম্নমুখী গতিৰ সুযোগ গ্ৰহণ কৰা। এই বিনিয়োগ কৌশলৰ দায়িত্বত থাকিব হিতেন জৈন। ফাণ্ডটোৰ বেঞ্চমাৰ্ক হিচাপে নিৰ্ধাৰণ কৰা হৈছে বিএছই ৫০০ টিআৰআই।

‘ছামিট ইকুইটী লং-শ্বৰ্ট ফাণ্ড’-ৰ মুকলি অনুষ্ঠানত ইনভেছকো এছেট মেনেজমেণ্ট (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সৌৰভ নানাৱতীয়ে কয়, “ভাৰতৰ এছেট মেনেজমেণ্ট উদ্যোগ এতিয়া এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সন্ধিক্ষণত উপনীত হৈছে। স্পেচিয়েলাইজড ইনভেষ্টমেণ্ট ফাণ্ড (এছআইএফ) শাখাই অভিজ্ঞ বিনিয়োগকাৰীসকলক এনে এক পৰ্যায়ৰ পোৰ্টফ’লিঅ’ নমনীয়তাৰ সুযোগ প্ৰদান কৰিছে, যিটো ইমানদিনে মূলতঃ প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলৰ মাজতেই সীমাবদ্ধ আছিল। ‘ছামিট এছআইএফ’-ৰ জৰিয়তে অনাগত প্ৰজন্মৰ সম্পদ সৃষ্টিকাৰী বিনিয়োগকাৰীসকলৰ ওচৰলৈ বিশেষায়িত বিনিয়োগ-ভাৱনাক কঢ়িয়াই নিয়াৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে ইনভেছকোৱে।”

এই নতুন বিনিয়োগ কৌশল সম্পৰ্কে অধিক সবিশেষ দাঙি ধৰে ইনভেছকো মিউচুৱেল ফাণ্ডৰ ফাণ্ড মেনেজাৰ হিতেন জৈনে। তেওঁ কয়, “বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল বজাৰখনত কেৱল বজাৰৰ ঊৰ্ধ্বমুখী ধাৰাৰ সৈতে তাল মিলাই অতিৰিক্ত ৰিটাৰ্ণ (আলফা) অৰ্জন কৰাটো সম্ভৱ নহয়। ইয়াৰ বাবে সুযোগৰ সমান্তৰালকৈ বিপদাশংকাকো সমানেই গুৰুত্ব দি পৰিচালনা কৰিবলগীয়া হয়। প্ৰচলিত লং-অনলি ফাণ্ডসমূহে সাধাৰণতে শ্বেয়াৰৰ মূল্য বৃদ্ধি পালেহে মুনাফাৰ সুযোগ লাভ কৰে। কিন্তু বাস্তৱ ক্ষেত্ৰত বজাৰৰ ৰিটাৰ্ণৰ ধাৰা কেতিয়াও সৰলৰৈখিক নহয়; সময়ে সময়ে ইয়াত ডাঙৰ উত্থান-পতন আৰু অস্থিৰতাও দেখা যায়। ‘ছামিট ইকুইটী লং-শ্বৰ্ট ফাণ্ড’ এনেদৰেই প্ৰস্তুত কৰা হৈছে, যাতে লং আৰু শ্বৰ্ট- উভয় ধৰণৰ বিনিয়োগৰ সুযোগক কামত লগাই বজাৰৰ অস্থিৰতা তথা পৰিৱৰ্তিত পৰিস্থিতিৰ পৰা কাৰ্যকৰীভাৱে সম্ভাব্য ৰিটাৰ্ণ অৰ্জন কৰিব পৰা যায়।”

মন কৰিবলগীয়া যে, এই নিউ ফাণ্ড অফাৰ (এনএফঅ’)-ত নূন্যতম বিনিয়োগৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে ১০ লাখ টকা। ইয়াৰ পিছত অতিৰিক্ত বিনিয়োগ ১ টকা বা তাৰ ওপৰত যিকোনো পৰিমাণৰ অতিৰিক্ত ধন বিনিয়োগ কৰিব পৰা যাব। অৱশ্যে স্বীকৃত বিনিয়োগকাৰীসকলৰ ক্ষেত্ৰত এনএফঅ’ চলি থকাৰ সময়ত নূন্যতম বিনিয়োগৰ পৰিমাণ ১ লাখ টকা হ’ব। ইয়াৰ পিছত তেওঁলোকেও ১ টকা বা তাৰ ওপৰত যিকোনো পৰিমাণৰ ধন অতিৰিক্ত বিনিয়োগ কৰিব পাৰিব। আনহাতে, চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন (এছআইপি)-ৰ ক্ষেত্ৰত নূন্যতম আবেদনমূল্য ৰখা হৈছে ১,০০০ টকা। পৰৱৰ্তী বিনিয়োগ প্ৰতি ১ টকাকৈ বৃদ্ধি কৰিব পৰা গ’লেও ‘ছামিট এছআইএফ’-ৰ আটাইকেইটা বিনিয়োগ কৌশল মিলাই নূন্যতম ১০ লাখ টকাৰ বিনিয়োগৰ সীমা বৰ্তাই ৰাখিব লাগিব।

ইয়াৰ উপৰি, আৱণ্টন লাভ কৰা তাৰিখৰ পৰা তিনি মাহৰ ভিতৰত ইউনিট ৰিডিম বা চুইচ-আউট কৰিলে ০.৫০ শতাংশ এক্সিট ল’ড প্ৰযোজ্য হ’ব। অৱশ্যে তিনি মাহ অতিক্ৰম কৰাৰ পিছত ইউনিট ৰিডিম বা চুইচ-আউট কৰিলে কোনো এক্সিট ল’ড দিব নালাগে।

গুৰুত্বপূৰ্ণ যে, এই নিউ ফাণ্ড অফাৰত (এনএফঅ’) আজি, ২ জুলাই ২০২৬-ৰ পৰা আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিনিয়োগকাৰীসকলে অহা ১৬ জুলাই ২০২৬ পৰ্যন্ত আবেদন কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here