শ্যাম সুন্দৰ চান্দিৱালাৰ গুৱাহাটীৰ শ্ব’ৰুমৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন; গ্ৰাহকৰ বাবে বিশেষ অফাৰ আৰু আকৰ্ষণীয় পুৰস্কাৰ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 9 July 2026

শ্যাম সুন্দৰ চান্দিৱালাৰ গুৱাহাটীৰ শ্ব’ৰুমৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন; গ্ৰাহকৰ বাবে বিশেষ অফাৰ আৰু আকৰ্ষণীয় পুৰস্কাৰ ঘোষণা


 


W7s news,,গুৱাহাটী, ৯ জুলাই, ২০২৬: গ্ৰাহকৰ আস্থা আৰু সমৰ্থনৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ আনন্দক বিশেষভাৱে উদযাপন কৰিছে শ্যাম সুন্দৰ চান্দিৱালাই। উৎকৃষ্ট কাৰুকাৰ্য আৰু হ’লমাৰ্কযুক্ত ৰূপৰ নিৰ্ভৰযোগ্য সংগ্ৰহৰ বাবে সুপৰিচিত প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ শ্ব’ৰুমৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰে। বিশুদ্ধতা, গুণগত মান আৰু আস্থাক ভিত্তি কৰি বিগত এটা বছৰে গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ এই সাফল্যক সমুখত ৰাখিয়েই প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰিছে শ্যাম সুন্দৰ চান্দিৱালাই।


উল্লেখ্য যে, গুৱাহাটীৰ শ্ব’ৰুমৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে ৯ জুলাইৰ পৰা ১৫ জুলাই, ২০২৬ পৰ্যন্ত এক বিশেষ উদযাপনৰ আয়োজন কৰিছে শ্যাম সুন্দৰ চান্দিৱালাই। এই বৰ্ষপূৰ্তি উপলক্ষে গ্ৰাহকসকলৰ বাবে ৰখা হৈছে একাধিক বিশেষ অফাৰ আৰু আকৰ্ষণীয় পুৰস্কাৰ লাভৰ সুযোগ। উদযাপন চলি থকাৰ সময়ছোৱাত গ্ৰাহকসকলে গহনাৰ মেকিং চার্জত ১০ শতাংশ ৰেহাই লাভ কৰাৰ লগতে সৰ্বোচ্চ খুচুৰা মূল্য অৰ্থাৎ এমআৰপিত ৫ শতাংশ ৰেহাই (চৰ্ত প্ৰযোজ্য) লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ সমান্তৰালভাৱে প্ৰতিটো ক্ৰয়ৰ বিপৰীতে আগবঢ়োৱা হ’ব এখন লাকী ড্ৰ’ কুপন, যাৰ জৰিয়তে আকৰ্ষণীয় উপহাৰ জিকাৰ সুযোগ পাব গ্ৰাহকসকলে।


প্ৰথম বৰ্ষপূৰ্তিৰ এই ক্ষণত উপনীত হৈ বিগত এটা বছৰৰ যাত্ৰাৰ দিশতো আলোকপাত কৰে প্ৰতিষ্ঠানটোৱে। এই সময়ছোৱাৰ ভিতৰতেই গুৱাহাটীৰ শ্ব’ৰুমটোৱে হ’লমাৰ্কযুক্ত আচল ৰূপৰ গহনা আৰু প্ৰিমিয়াম মানৰ ৰূপৰ সামগ্ৰীৰ বাবে ক্ৰেতাসকলৰ অন্যতম নিৰ্ভৰযোগ্য স্থান হিচাপে পৰিচিতি লাভ কৰিছে। বিশুদ্ধতা, স্বচ্ছতা আৰু গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি পৰিচালিত এই শ্ব’ৰুমটোৱে ইতিমধ্যে সমগ্ৰ অঞ্চলটোৰ ক্ৰেতাসকলৰ আস্থা আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।


গ্ৰাহকসকলৰ ভিন্ন পছন্দ আৰু প্ৰতিটো উপলক্ষ্যৰ কথা মনত ৰাখি গুৱাহাটীৰ এই শ্ব’ৰুমটোত সজোৱা হৈছে হ’লমাৰ্কযুক্ত ৰূপৰ গহনা, ৰূপৰ মূৰ্তি, বাচন-বৰ্তন, ইলেক্ট্ৰ’ফৰ্মিং সংগ্ৰহ, উপহাৰৰ সামগ্ৰী, উৎসৱ-পাৰ্বনৰ বিশেষ কালেকশ্যন আৰু প্ৰিমিয়াম মানৰ বিভিন্ন ৰূপৰ সামগ্ৰীৰ এক বিশাল সম্ভাৰ। সকলো বয়সৰ ক্ৰেতাৰ ৰুচি আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই বিশেষ সংগ্ৰহ গঢ়ি তোলা হৈছে।


লক্ষ্যণীয় যে, প্ৰথম বৰ্ষপূৰ্তিৰ এই আয়োজনৰ জৰিয়তে এটা বছৰৰ সফল যাত্ৰা উদযাপন কৰাৰ লগতে গ্ৰাহকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতাও প্ৰকাশ কৰিছে শ্যাম সুন্দৰ চান্দিৱালাই। প্ৰতিষ্ঠানটোৰ মতে, গ্ৰাহকসকলৰ অটুট আস্থা আৰু নিৰন্তৰ সমৰ্থনেই এই সফলতা অৰ্জনৰ প্ৰধান শক্তি। সেই উপলক্ষে বৰ্ষপূৰ্তি উদযাপনৰ সপ্তাহজুৰি গুৱাহাটীৰ শ্ব’ৰুমলৈ আহিবৰ বাবে সকলোকে সাদৰ আমন্ত্ৰণ জনাইছে প্ৰতিষ্ঠানটোৱে। এই সময়ছোৱাত শ্ব’ৰমুত গ্ৰাহকসকলে ‘দ্য শ্বাইন অৱ পিউৰিটি’-ৰ অভিজ্ঞতা লাভ কৰাৰ লগতে বিশেষ উৎসৱকালীন সুবিধাসমূহো উপভোগ কৰিব পাৰিব।

অফাৰৰ সময়সীমাঃ

৯ জুলাই – ১৫ জুলাই, ২০২৬


শ্ব’ৰুমৰ ঠিকনাঃ

শ্যাম সুন্দৰ চান্দিৱালা – গুৱাহাটী শ্ব’ৰুম

খ্ৰীষ্টান বস্তি, টেক’ বেল ৰেষ্টুৰেণ্টৰ সমীপত

গুৱাহাটী – ৭৮১০০৫, অসম

যোগাযোগঃ +৯১ ৯১৪৪৪ ৮৪২৮৮

শ্যাম সুন্দৰ চান্দিৱালা

দ্য শ্বাইন অৱ পিউৰিটি

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here