বি. বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ত চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী (আই টি ই পি)ৰ শুভাৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 10 July 2026

বি. বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ত চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী (আই টি ই পি)ৰ শুভাৰম্ভ

 

২০২৬–২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'ব বি.এ.-বি.এড. আৰু বি.এছচি.-বি.এড. দ্বৈত স্নাতক ডিগ্ৰী পাঠ্যক্ৰম


W7s news,,গুৱাহাটী, ১০ জুলাই, ২০২৬: অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান বি. বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-এ ২০২৬–২৭ শিক্ষাবৰ্ষৰ পৰা চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী (আই টি ই পি) আৰম্ভ কৰিবলৈ সাজু হৈছে। এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক একক সংহত পাঠ্যক্ৰমৰ অধীনত একেলগে স্নাতক ডিগ্ৰী আৰু শিক্ষক শিক্ষা বিষয়ক  অৰ্হতা লাভ কৰিবলৈ সক্ষম কৰিব।

শিক্ষানুষ্ঠানখনে শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় সংস্কাৰৰ প্ৰতি সঁহাৰিৰ অংশ হিচাপে চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সৈতে যৌথভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰিব।

এই কাৰ্যসূচীৰ অধীনত শিক্ষাৰ্থীসকলে বি.এ.-বি.এড. অথবা বি.এছচি.-বি.এড. দ্বৈত স্নাতক ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব। সংহত পাঠ্যক্ৰমৰ জৰিয়তে তেওঁলোকে মাত্ৰ চাৰি বছৰৰ ভিতৰত দুয়োটা ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰিব, যাৰ ফলত পৃথকে স্নাতক আৰু বি.এড. অধ্যয়ন কৰাৰ তুলনাত সম্পূৰ্ণ এটা শিক্ষাবৰ্ষ ৰাহি হ'ব।

এই কাৰ্যসূচীৰ স্নাতকসকলে উচ্চতৰ মাধ্যমিক স্তৰত শিক্ষকতা কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিব। ইয়াৰ উপৰিও, তেওঁলোকে গতানুগতিক স্নাতকোত্তৰ পাঠ্যক্ৰম, যেনে এম.এ. অথবা এম.এছ চি.ৰ নিজ নিজ বিষয়ত নামভৰ্তি কৰাৰ যোগ্যতাও বাহাল থাকিব।

এই কাৰ্যসূচী শিক্ষাৰ্থীসকলক বিষয়ভিত্তিক গভীৰ জ্ঞান, শিক্ষাদান-পদ্ধতিৰ প্ৰশিক্ষণ, শ্ৰেণীকোঠাৰ বাস্তৱ অভিজ্ঞতা আৰু শিক্ষকতা বৃত্তিৰ বাবে পেছাদাৰী প্ৰস্তুতি প্ৰদানৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে।

এই বিশেষ পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বি. বৰুৱা মহাবিদ্যালয়ে ছাত্ৰ আৰু ছাত্ৰীসকলৰ বাবে সুকীয়া আবাসগৃহৰ ব্যৱস্থা কৰিছে। এই সুবিধাই অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহ যেনে পশ্চিমবংগ, বিহাৰ, ওড়িশা তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

আগ্ৰহী প্ৰাৰ্থীসকলে ২০২৬–২৭ শিক্ষাবৰ্ষৰ বাবে অসম সমৰ্থ নামভৰ্তি পৰ্টেলৰ ( https://assamadmitep.samarth.ac.in/index.php) জৰিয়তে এই কাৰ্যসূচীত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব।

মধ্য গুৱাহাটীত অৱস্থিত এই মহাবিদ্যালয় পথ, ৰে'ল আৰু বিমান যোগাযোগ ব্যৱস্থাৰে সুসংযুক্ত। গুৱাহাটী ৰে'লৱে ষ্টেচন মহাবিদ্যালয়ৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত, আনহাতে আন্তঃৰাজ্যিক বাছ আস্থান প্ৰায় ১০ কিলোমিটাৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰায় ২৩ কিলোমিটাৰ দূৰত অৱস্থিত। সেয়েহে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীসকলৰ বাবে মহাবিদ্যালয়খনলৈ যাতায়াত যথেষ্ট সুবিধাজনক।

সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ শুভাৰম্ভৰ সৈতে বি. বৰুৱা মহাবিদ্যালয়ে (https://www.bborooahcollege.ac.in/) গৌৰৱোজ্জ্বল শৈক্ষিক  উৎকৃষ্টতাৰ ৮৩ বছৰ সম্পূৰ্ণ কৰিছে। ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (নাক)-ৰ মূল্যায়নত স্বায়ত্তশাসিত মহাবিদ্যালয়খনে ৩.৬২ সামগ্ৰিক গ্ৰেড পইণ্টসহ ‘এ++’ স্বীকৃতি লাভ কৰিছে, যি উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী খণ্ডৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত সৰ্বোচ্চ স্বীকৃতিৰ সাফল্যতা হিচাপে গণ্য কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here