ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন আহ্বান জেটউইংছ বিজনেছ স্কুলত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 3 July 2026

ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন আহ্বান জেটউইংছ বিজনেছ স্কুলত


 

নতুন শিক্ষাবৰ্ষৰ নামভৰ্তি আৰম্ভ

W7s newsগুৱাহাটী ঃ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত গুৱাহাটীৰ চেনীকুঠিত থকা জেটউইংছ বিজনেছ স্কুলত নতুন শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ এই শিক্ষা প্ৰতিষ্ঠানখনত তিনি বছৰীয়া বিবিএ ডিগ্ৰী পাঠ্যক্ৰম আৰু এভিয়েচন [বিমান পৰিবহণ], হস্পিটেলিটি [আতিথ্য] আৰু বিজনেছ মেনেজমেণ্ট [ব্যৱসায়িক ব্যৱস্থাপনা] বিষয়ত শিক্ষাদান কৰা হয়৷ ইয়াত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে দেশ-বিদেশৰ বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে এশ শতাংশ কৰ্মসংস্থাপন নিশ্চিত কৰিছে৷ জেটউইংছ গ্ৰুপ অব্‌ ইনষ্টিটিউটৰ অধ্যক্ষ সঞ্জয় আদিত্য সিং আৰু জেবিএছৰ অধ্যক্ষ ড॰ মাম্পী বৰাই শিক্ষা প্ৰতিষ্ঠানখনত তিনি বছৰীয়া বিবিএ আৰু এবছৰীয়া পিজিডিবিএ পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰিব বিচৰাসকলক অহা ২০ জুলাইৰ ভিতৰত আবেদনপত্ৰ জমা দিবলৈ আহবান জনাইছে৷ জেবিএছত এভিয়েচন, হস্পিটেলিটি, টুৰিজিম মেনেজমেণ্টৰ ক্ষেত্ৰত স্নাতকোত্তৰ ডিপ্লমা, বৃত্তিমূলক পাঠ্যক্ৰম আদিত নামভৰ্তি কৰিবলৈ বিচৰাসকলে প্ৰতিষ্ঠানটোৰ ই-মেইল  jbs@jettwings.comত নতুবা ফোন নম্বৰ ঃ ৯৭০৬০ ৩০০৩০, ৯৯৫৪০ ৯০৯০০ত ২০ জুলাইৰ পূৰ্বে আবেদন দাখিল কৰিব পাৰিব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here