'লেপ এক্স' (LapX)-ৰ শুভাৰম্ভণিৰ সৈতে গুৱাহাটীত এক নতুন বিনোদনৰ যুগৰ সূচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 3 July 2026

'লেপ এক্স' (LapX)-ৰ শুভাৰম্ভণিৰ সৈতে গুৱাহাটীত এক নতুন বিনোদনৰ যুগৰ সূচনা



W7s news গুৱাহাটী:: উত্তৰ-পূব ভাৰতত অভিজ্ঞতাভিত্তিক বিনোদনৰ পৰিসৰ ক্ৰমাৎ সম্প্ৰসাৰিত হোৱাৰ মাজতে গুৱাহাটীত সংযোজন ঘটিলে বিনোদনৰ আন এক নতুন অধ্যায়। LAPX by PUNO'-ৰ শুভাৰম্ভণিৰে মহানগৰখনত আৰম্ভ হ'বলৈ হ'ল  হাই-টেক গো-কার্টিংভিত্তিক এক নতুন বিনোদন অধ্যায়।

উল্লেখ্য , বিগত কেইবছৰমানত গুৱাহাটী উত্তৰ-পূব ভাৰতৰ দ্রুতগতিত বিকশিত হৈ অহা অন্যতম জীৱনশৈলীৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে। কেফে আৰু বিনোদন কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ক্ৰীড়া আৰু পৰিয়ালকেন্দ্রিক আকর্ষণলৈকে, মহানগৰখনে এতিয়া এনে এক সংস্কৃতিক আঁকোৱালি লৈছে, যত গন্তব্যস্থানৰ সমান্তৰালভাৱে অভিজ্ঞতাকো সমান গুৰুত্ব দিয়া হয়। অৱশ্যে, মটৰস্পৰ্ট বা যান-বাহন চালনাৰ সৈতে জড়িত মনোৰঞ্জনৰ ক্ষেত্ৰখনত গুৱাহাটীত এতিয়াও উপযুক্ত সুবিধাৰ অভাৱ আছিল।

মন কৰিবলগীয়া যে, নৱপ্ৰজন্মৰ পেছাদাৰী, শিক্ষার্থী, পৰিয়াল আৰু দুঃসাহসিক ক্রীড়াপ্রেমীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, চহৰখনত দীর্ঘদিন ধৰি এনে এক অভিজ্ঞতাৰ প্ৰয়োজনীয়তা অনুভৱ হৈছিল, যিটো সাধাৰণ ঘুৰা-ফুৰাতকৈ পৃথক হয়। গতি, প্রতিযোগিতা আৰু উত্তেজনাৰ সমন্বয়ৰে অবিস্মৰণীয় মুহূৰ্ত সৃষ্টি কৰিব পৰা এনে এক অভিজ্ঞতাই সকলোৰে বাবে সুলভ হোৱাৰ লগতে ৰোমাঞ্চকৰভাৱে সময় অতিবাহিত কৰাৰ সুযোগো প্ৰদান কৰিব পাৰে।


ভাৰতৰ প্ৰধান চহৰসমূহত দ্রুতগতিত জনপ্রিয় হৈ উঠা মনোৰঞ্জনৰ অন্যতম মাধ্যম হৈছে 'গো-কার্টিং। সুৰক্ষিত পৰিৱেশত ৰেচিঙৰ উত্তেজনা অনুভৱ কৰাৰ লগতে নিজকে প্রত্যাহ্বান জনোৱা আৰু বন্ধু-বান্ধৱৰ সৈতে প্রতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়ে এই ব্যৱস্থাই। সেইবাবেই দেশৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ বৃদ্ধি পাইছে ইয়াৰ জনপ্রিয়তা। কিন্তু গুৱাহাটীত ইমান দিনে এনে উচ্চমানৰ অভিজ্ঞতা লাভ কৰাৰ কোনো উপযুক্ত স্থান নাছিল।


লক্ষ্যণীয়ভারে, সেই অভাৱ এতিয়া পূৰণ হ'বলৈ গৈ আছে।


গুৱাহাটীৰ দুঃসাহসিক ক্রীড়াপ্রেমীসকলৰ বাবে বিশেষভাৱে পৰিকল্পনা কৰা এক ব্যতিক্রমী আউটড'ৰ (বাহ্যিক) অভিজ্ঞতা লৈ মহানগৰখনলৈ আহিছে LAPX by PUNO'। এই নতুন পদক্ষেপে গুৱাহাটীৰ বিনোদন জগতত সংযোজন কৰিব এক নতুন মাত্রা।

উত্তৰ-পূব ভাৰতৰ প্ৰথমখন হাই-টেক গো-কাটিং এৰেনা (Go-Karting Arena) হিচাপে LAPX-ৰ শুভাৰম্ভণিৰে মটৰস্পৰ্ট-প্রেৰিত বিনোদনৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে PUNO-এ। গতি, নিখুঁততা আৰু উত্তেজনাক প্রাধান্য দি নির্মাণ কৰা এই এৰেনাই বিশ্বমানৰ আন্তঃগাঁথনি আৰু অত্যাধুনিক প্রযুক্তিৰ সমন্বয়ৰে অঞ্চলটোৰ বিনোদনপ্রেমীসকলক এক অনন্য ৰেচিং অভিজ্ঞতা আগবঢ়ার।


গুৰুত্বপূর্ণ যে, LAPX-ৰ শুভাৰম্ভণি PUNO-ৰ বিকাশ যাত্ৰাৰো এক উল্লেখযোগ্য অধ্যায়। উত্তৰ-পূবৰ সৰ্ববৃহৎ ইনড'ৰ (অভ্যন্তৰীণ) বিনোদন কেন্দ্র হিচাপে নিজকে প্রতিষ্ঠা কৰাৰ পিছত, 'জায়েন্ট চুইং' (Giant Swing) আৰু LAPX-ৰ দৰে নতুন প্ৰকল্পৰ জৰিয়তে আউটড'ৰ এডভেঞ্চাৰৰ ক্ষেত্ৰলৈও সম্প্ৰসাৰণ ঘটাইছে ব্রেগুটোরে। এই পদক্ষেপে ভাৰতৰ অন্যতম শীর্ষ অভিজ্ঞতাভিত্তিক বিনোদন ব্রেও হিচাপে প্রতিষ্ঠা লাভ কৰাৰ লক্ষ্যক অধিক সুদৃঢ় কৰি তুলিছে।


উচ্চ ক্ষমতাসম্পন্ন গো-কার্ট, সুপৰিকল্পিত ৰেচিং ট্রেক আৰু গতিশীল পৰিৱেশে পেছাদাৰী কাৰ্ট ৰেছিঙৰ ৰোমাঞ্চ অনুভৱ কৰাৰ সুযোগ প্রদান কৰিব। একে সময়তে, সকলো বয়সৰ দৰ্শনাৰ্থীৰ বাবে আনন্দদায়ক, সহজলভ্য আৰু ৰোমাঞ্চকৰ অভিজ্ঞতা নিশ্চিত কৰাৰ লক্ষ্যও গ্ৰহণ কৰিছে LAPX-এ।

এই শুভাৰম্ভণিৰ বিষয়ে PUNO-ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কার্যবাহী বিষয়া পংকজ আগৰৱালে কয়, "PUNO-ত আমাৰ লক্ষ্য সদায়ে এনে এক অভিজ্ঞতা প্রদান কৰা, যিয়ে মানুহক বাহিৰলৈ ওলাই আহিবলৈ ইজনে সিজনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু অবিস্মৰণীয় স্মৃতি সৃষ্টি কৰিবলৈ অনুপ্রাণিত কৰে। বিগত এটা বছৰত গুৱাহাটীৰ পৰা আমি পোৱা অভূতপূর্ব মৰমে আমাক ন.ন উদ্ভাৱন অব্যাহত ৰাখিবলৈ উৎসাহিত কৰিছে। LAPX-ৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ প্ৰথমখন হাই টেক গো- কাটিং এৰেনা উপস্থাপন কৰিবলৈ পাই আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। প্রযুক্তি, সুৰক্ষা আৰু এড্রিনেলিনৰ সমন্বয়ৰে এই অভিজ্ঞতাই সকলোৰে বাবে এক প্রকৃত ৰেচিং অভিজ্ঞতা প্রদান কৰিব।

উল্লেখ্য, LAPX-ৰ শুভাৰম্ভণিয়ে উত্তৰ-পূব ভাৰতৰ পৰ্যটন আৰু বিনোদনৰ প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ বৰ্ষিত প্রতিপত্তিক আৰু অধিক শক্তিশালী কৰিব। সমগ্র দেশৰ পৰা পৰ্যটকক আকৰ্ষণ কৰি অহা এই অঞ্চলটোত উচ্চমানৰ অৱসৰ বিনোদনৰ চাহিদাও ক্রমাৎ বৃদ্ধি পাইছে। সেই পৰিপ্ৰেক্ষিততে হাই-টেক গো-কাটিঙৰ সংযোজনে চহৰখনৰ পৰ্যটন তালিকাত যোগ কৰিছে এক নতুন আকর্ষণ। ইয়াৰ ফলত অধিক সময় গুৱাহাটীত অৱস্থান কৰিবলৈ উৎসাহিত হব পর্যটকসকল। লগতে, নিজৰ চহৰখনক নতুন ৰূপত উপভোগ আৰু আৱিষ্কাৰ কৰাৰ এক নতুন সুযোগ লাভ কৰিব স্থানীয় বাসিন্দাসকলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here