W7s news,,গুৱাহাটী, ৪ জুলাই: অসমৰ সৰু বস্ত্ৰ ব্যৱসায়ীসকলক অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰ ব্যৱসায়ক নতুন গতি প্ৰদান কৰাৰ লক্ষ্যৰে নৰ্থ ইষ্টাৰ্ণ গাৰ্মেণ্টছ ট্ৰেডাৰ্ছ এছ'চিয়েচন (নেগ্টা)-ই শনিবাৰে গুৱাহাটীত তিনিদিনীয়া ৪৯ সংখ্যক 'বায়াৰ্ছ এণ্ড চেলাৰ্ছ মিট'-ৰ শুভাৰম্ভ কৰে। দেশৰ আগশাৰীৰ উৎপাদক, ব্ৰেণ্ড আৰু খুচুৰা ব্যৱসায়ীসকলক একেখন মঞ্চত একত্ৰিত কৰি বস্ত্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায়িক সুযোগ সৃষ্টিৰ উদ্দেশ্যে এই বাণিজ্যিক প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।
ভগৱান গণেশৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি নেগ্টাৰ বিষয়ববীয়া আৰু সদস্যসকলে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।
এই উপলক্ষে নেগ্টাৰ সভাপতি শেখৰ আগৰৱালাই কয় যে, বছৰত দুবাৰকৈ আয়োজন কৰা এই 'বায়াৰ্ছ এণ্ড চেলাৰ্ছ মিট' আজিৰ দিনত ভাৰতৰ অন্যতম সন্মানীয় বস্ত্ৰ বাণিজ্য মঞ্চ হিচাপে পৰিগণিত হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সৰু আৰু মধ্যমীয়া বস্ত্ৰ ব্যৱসায়ীসকলে দেশৰ আগশাৰীৰ ব্ৰেণ্ড, উৎপাদক, ডিজাইনাৰ আৰু যোগানকাৰীসকলৰ সৈতে পোনপটীয়া সংযোগ স্থাপনৰ সুযোগ লাভ কৰাৰ লগতে প্ৰতিযোগিতামূলক মূল্যত উন্নত মানৰ সামগ্ৰী সংগ্ৰহ কৰি নিজৰ ব্যৱসায় অধিক শক্তিশালী কৰাৰ সুবিধা লাভ কৰে।
সাধাৰণ সম্পাদক ৱৰুণ ৰুংটাই জনোৱা মতে, অহা উৎসৱমুখৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ প্ৰদৰ্শনীত 'অটাম-উইণ্টাৰ ২০২৬'-ৰ নতুন সংগ্ৰহ বিশেষভাৱে প্ৰদৰ্শন কৰা হৈছে। গুৱাহাটীৰ হোটেল ডেইস্কোত অনুষ্ঠিত এই প্ৰদৰ্শনীৰ সহযোগী স্থল হিচাপে হোটেল অতিথি, হোটেল বিশ্বৰত্ন, হোটেল ৰাজমহল আৰু শ্ৰী মহাবীৰ ধৰ্মশালা ব্যৱহাৰ কৰা হৈছে।
প্ৰদৰ্শনীত ২০০ৰো অধিক প্ৰদৰ্শকে ৬০০ৰো অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ পুৰুষ, মহিলা আৰু শিশুৰ পৰিধান, জোতা আৰু ফেশ্বন সামগ্ৰীৰ শেহতীয়া সংগ্ৰহ প্ৰদৰ্শন কৰিছে। তিনিদিনীয়া এই অনুষ্ঠানত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ ৬৫০ৰো অধিক খুচুৰা ব্যৱসায়ী আৰু বাণিজ্যিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ব্যৱসায়িক যোগাযোগ, সামগ্ৰী সংগ্ৰহ আৰু আগতীয়া অৰ্ডাৰ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
আয়োজকসকলে জনোৱা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়ীসকলৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰদৰ্শনীৰ পৰিকল্পনা কৰা হৈছে। বিশেষকৈ অসমৰ সৰু বস্ত্ৰ ব্যৱসায়ীসকলক নতুন সামগ্ৰী, প্ৰতিযোগিতামূলক মূল্য আৰু অধিক ব্যৱসায়িক সুযোগ প্ৰদান কৰাটোৱেই এই উদ্যোগৰ অন্যতম মূল লক্ষ্য। নেগ্টাৰ জনসংযোগ সম্পাদক ৰাজীৱ আজিতছাৰীয়াই কয় যে, বাণিজ্য আৰু ব্যৱসায়ৰ বিকাশৰ লগতে সমাজকল্যাণমূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ প্ৰতিও নেগ্টা সদায় প্ৰতিশ্ৰুতিবদ্ধ।
এই অনুষ্ঠানৰ সফল আয়োজনত নেগ্টাৰ সভাপতি শেখৰ আগৰৱাল, সাধাৰণ সম্পাদক ৱৰুণ ৰুংটা, উপ-সভাপতি অনিল কোচাৰ, কোষাধ্যক্ষ শৈলেশ গোয়েংকা, জনসংযোগ সম্পাদক ৰাজীৱ আজিতছাৰীয়া, কাৰ্যনিৰ্বাহক সদস্য চন্দন ছেঠিয়া, চন্দন পাৰেখ, অজয় বাৰাড়িয়া, দিনেশ পাৰেখ, ৰবীন্দৰ জৈন, দীপক আগৰৱাল, সঞ্জয় আগৰৱাল, ৰাজ কুমাৰ চৌধুৰী আৰু সঞ্জিত জৈনকে ধৰি সকলো সদস্যই সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াইছে।
তিনিদিনীয়া 'অটাম-উইণ্টাৰ ২০২৬' বস্ত্ৰ প্ৰদৰ্শনী ৬ জুলাইত সামৰণি পৰিব।

No comments:
Post a Comment