W7s news,,গুৱাহাটী, ১৪ জুন ২০২৬: থলুৱা শিল্প আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ এক বৃহৎ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে ভাৰত চৰকাৰৰ ভৌগোলিক সূচক ৰেজিষ্ট্ৰিয়ে অসমৰ চাৰিটা অনন্য সাংস্কৃতিক আৰু হস্তশিল্প সামগ্ৰীক জিআই স্বীকৃতি প্ৰদান কৰিছে। নতুনকৈ জিআই স্বীকৃতি লাভ কৰা চাৰিটা সামগ্ৰী : কাৰ্বি আংলঙৰ হস্ততাঁত সামগ্ৰী, অসমৰ বিহুৰ বাদ্যযন্ত্ৰ পেঁপা, অসমৰ বাঁহ শিল্প, আৰু দেউৰী হস্ততাঁত সামগ্ৰীয়ে অসমৰ জনজাতীয় ঐতিহ্য, সংগীত পৰম্পৰা আৰু পৰম্পৰাগত হস্তশিল্পৰ এক সমৃদ্ধ বৈচিত্ৰ্য প্ৰতিফলিত কৰে। এই সাফল্যত ভাৰতীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (নাবাৰ্ড)-ৰ গুৰুত্বপূৰ্ণ সহায় আৰু সমৰ্থন উল্লেখযোগ্য।
ঐতিহ্য সংৰক্ষণৰ লগতে শিল্পীসকলৰ অৰ্থনৈতিক স্থিৰতা নিশ্চিত কৰাৰ লক্ষ্যৰে নাবাৰ্ডে অসমৰ বহু স্বতন্ত্ৰ আৰু পৰম্পৰাগত সামগ্ৰীৰ জিআই প্ৰমাণীকৰণ প্ৰক্ৰিয়াত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। নাবাৰ্ড অসমৰ মুখ্য মহাপ্ৰৱন্ধক
লোকেন দাসে কয়— “এই স্বীকৃতিয়ে কেৱল সামগ্ৰীসমূহৰ প্ৰামাণিকতা আৰু পৰিচয়ক শক্তিশালী কৰাই নহয়, লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মূল্য বজাৰত ইয়াৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব। এই সাফল্য প্ৰাপ্তিৰ লগতে নাবাৰ্ডৰ সহায়ত লাভ কৰা জিআই-প্ৰমাণিত সামগ্ৰীৰ সংখ্যা বাৰ (১২)টালৈ বৃদ্ধি পাইছে, যি গ্ৰাম্য জীৱিকা উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।”
অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য ইয়াৰ জনজাতীয় হস্ততাঁত, হস্তশিল্প আৰু পৰম্পৰাগত কলা-কৌশলত সুস্পষ্টভাৱে প্ৰতিফলিত হয়। ইয়াৰে বহু সামগ্ৰী গ্ৰাম্য সম্প্ৰদায়ৰ আৰ্থ সামাজিক গাঁথনিৰ সৈতে গভীৰভাৱে জড়িত আৰু প্ৰজন্ম ধৰি সংগৃহিত জ্ঞান আৰু কাৰুশিল্পৰ প্ৰতীক। এই আইনগত প্ৰমাণীকৰণে ৰাজ্যখনৰ পৰম্পৰাগত খণ্ডসমূহৰ এক বিজয়ী মুহূৰ্ত প্ৰতিফলিত কৰিছে, যি অজস্ৰ গ্ৰাম্য শিল্পী আৰু শিপিনীৰ বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা, উন্নত বজাৰৰ সুবিধা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিব।
জিআই প্ৰমাণীকৰণৰ পিছত নাবাৰ্ড অসমে সামগ্ৰিক পৰিৱেশ-ভিত্তিক দৃষ্টিভংগীৰে জিআই সামগ্ৰীৰ প্ৰচাৰৰ বাবে পদক্ষেপৰ পৰিকল্পনা কৰিছে, যাৰ লক্ষ্য স্বীকৃতিৰ পৰা বজাৰ নেতৃত্বাধীন জীৱিকাবৰ্ধনলৈ পৰিৱৰ্তন। "অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সৰ্বাংগীন গ্ৰাম্য উন্নয়নক সমান্তৰালভাৱে প্ৰসাৰিত কৰাৰ লগতে জিআই-প্ৰমাণিত সামগ্ৰীসমূহক বহনক্ষম,স্থায়ী, আৰু পাৰিতোষিক জীৱিকাৰ সুযোগলৈ ৰূপান্তৰিত কৰাটোৱেই হৈছে সামগ্ৰিক দৃষ্টিভংগী"- দাসে লগতে উল্লেখ কৰে।
No comments:
Post a Comment