জীৱিত দাতাৰ পৰা যকৃৎ সংৰোপণৰ সফলতা ; গুৱাহাটীৰ স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালত সফলতাৰে অব্যাহত আছে যকৃৎ সংৰোপণ কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 14 June 2026

জীৱিত দাতাৰ পৰা যকৃৎ সংৰোপণৰ সফলতা ; গুৱাহাটীৰ স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালত সফলতাৰে অব্যাহত আছে যকৃৎ সংৰোপণ কাৰ্যসূচী

 





গুৱাহাটী : গুৱাহাটীৰ মালিগাওঁস্থিত স্বাগত  ছুপাৰ স্পেচিয়েলিটি হাস্পতাল এণ্ড চাৰ্জিকেল ইনষ্টিটিউটত যোৱা ২৭ মে'  পুনৰ  জীৱিত দাতাৰ পৰা যকৃৎ সংৰোপণ (Living Donor Liver Transplantation - LDLT) সফলতাৰে সম্পন্ন কৰি যকৃৎ সংৰোপণৰ ক্ষেত্ৰত  সফলতাৰ  ধাৰা অব্যাহত আছে    ইয়াৰ জৰিয়তে  চিকিৎসালয়খনে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ যকৃৎ সংৰোপণৰ কেন্দ্ৰ হিচাপে বিশেষ স্থান অধিকাৰ কৰিছে বৰ্তমান এই হাস্পতালখনেই অঞ্চলটোৰ একমাত্ৰ কেন্দ্ৰ যিয়ে নিয়মীয়াকৈ আৰু সুলভ মূল্যত যকৃৎ সংৰোপণ অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে যাৰ ফলত অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলে ঘৰৰ ওচৰতে উন্নত সংৰোপণ চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। 

উল্লেখ্য চলিত বৰ্ষৰ আৰম্ভণিতে এপ্ৰিলত  চিকিৎসালয়খনে ৫২ বছৰীয়া মহম্মদ আছগৰ আলীৰ দেহত সফলতাৰে যকৃৎ সংৰোপণ কৰিছিল   ' তেওঁৰ ২০ বছৰীয়া পুত্ৰ  এঞ্জামুল হকে দাতা হিচাপে অৱদান আগবঢ়াইছিল। সেই সংৰোপণৰ উৎকৃষ্ট ফলাফলৰ দ্বাৰা উৎসাহিত হৈ চিকিৎসালয়খনে ২৭ মে'  আন এক যকৃৎ সংৰোপণ সফলতাৰে সম্পন্ন কৰে।

 এইবাৰ গ্ৰহণকাৰী আছিল ৬০ বছৰীয়া  মন্মথ কলিতা আৰু দাতা আছিল তেওঁৰ ২৫ বছৰীয়া পুত্ৰ  ধ্ৰুৱজ্যোতি দাস। এই অত্যন্ত জটিল সংৰোপণ অস্ত্ৰোপচাৰসমূহ প্ৰতিষ্ঠানটোৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা গঠিত বহুমুখী সংৰোপণ দলে (Multidisciplinary Transplant Team) সফলতাৰে সম্পন্ন কৰে। চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, অস্ত্ৰোপচাৰৰ পিছত গ্ৰহণকাৰী আৰু দাতা উভয়ে  বৰ্তমান  আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। বৰ্তমান ঘৰত তেওঁলোকে সুন্দৰকৈ আছে।

 ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত স্বাগত  ছুপাৰ স্পেচিয়েলিটি হাস্পতাল এণ্ড চাৰ্জিকেল ইনষ্টিটিউটৰ কৰ্তৃপক্ষই  সদৰি কৰা অনুসৰি  এই সংৰোপণ কাৰ্যসূচীত চিকিৎসকৰ দলটোক  নেতৃত্ব দিছে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিজ্ঞ চাৰ্জন হিচাপে পৰিচিত অধ্যাপক  ডাঃ সুভাষ খান্নাই। উল্লেখযোগ্য যে, প্ৰথমজন গ্ৰহণকাৰী মহম্মদ আছগৰ আলী ইয়াৰ পূৰ্বে সংকটজনক অৱস্থাত কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি 'বলগীয়া হৈছিল তেওঁক সফলতাৰে যকৃৎ সংৰোপণ কৰাৰ আগতে বেণ্ডিং (banding), চেংছটেকেন টিউব সুমুওৱা (Sengstaken tube insertion) আৰু বি.আৰ.টি.' (BRTO)- দৰে কেইবাটাও জীৱনদায়িনী প্ৰক্ৰিয়াৰ মাজেৰে যাবলগীয়া হৈছিল। 

তেওঁৰ ক্ষেত্ৰত  গেষ্ট্ৰ'এণ্টেৰ'লজীৰ সহায় কৰিছিল  ডাঃ অমিতাভ গোস্বামীয়ে আনহাতে অস্ত্ৰোপচাৰ সংৰোপণ দলটোত আছিল জ্যেষ্ঠ পৰামৰ্শদাতা যকৃৎ সংৰোপণ শল্য চিকিৎসক ডাঃ বিকাশ মুণ্ডমুখ্য পৰামৰ্শদাতা আৰু গোটৰ মুৰব্বী (যকৃৎ সংৰোপণ) ডাঃ আশিষ জৰ্জ তেনেদৰে  আন শল্য চিকিৎসকসকল আছিল  ক্ৰমেডাঃ অৰিন্দম বৰুৱা, ডাঃ সুপ্ৰিয় চৌধুৰী, ডাঃ বিশ্বজ্যোতি ৰাভা, ডাঃ ঋষিৰাজ ব্ৰহ্ম, ডাঃ ডেনিয়েল ৰাজু, আৰু ডাঃ পৱন ভাৰ্গৱ। 

সংৰোপণৰ এনাছথেছিয়া (অজ্ঞানাৱস্থা) দলটোত আছিল পৰামৰ্শদাতা যকৃৎ সংৰোপণ এনাছথেটিষ্ট ডাঃ শ্বেৰিন এছ. ৰাছালাম, ডাঃ কণিণিকা দাস, আৰু ডাঃ ছাব্বিৰ খান। আনহাতে ইনটেনছিভ  কেয়াৰৰ সুবিধা আগবঢ়াইছিল ডাঃ আয়ুষ্মান খান্না আৰু তেওঁৰ দলে।

 কাৰ্ডিঅ'লজী, ৰেডিঅ'লজী, পেথ'লজী আৰু ছাইকিয়াট্ৰী (মনোৰোগ) বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতাসকলেও ৰোগীসকলৰ সৰ্বাংগীণ যতনৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত আছিল।

 এই সন্দৰ্ভত ডাঃ সুভাষ খান্নাই কয় যে ধাৰাবাহিকভাৱে যকৃৎ সংৰোপণৰ সফল সংৰোপণ আমাৰ প্ৰতিষ্ঠান আৰু সমগ্ৰ উত্তৰ-পূবৰ বাবে  গৌৰৱৰ বিষয়। আমাৰ লক্ষ্য হৈছে এক বহনক্ষম আৰু সুলভ যকৃৎ সংৰোপণ কাৰ্যসূচী প্ৰতিষ্ঠা কৰা।  যাতে ৰোগীসকলে চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ  যোৱাৰ প্ৰয়োজন নহয়। দেশৰ বহুতো চিকিৎসালয়ৰ  তুলনাত আমাৰ  ইয়াত যথেষ্ট কম খৰচত  বিশ্বমানৰ সংৰোপণ চিকিৎসা প্ৰদান কৰিব পৰা যায়।  অঞ্চলটোৰ ভিতৰতে উন্নত আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ আমাৰ প্ৰতিষ্ঠানটোৱে নিজৰ সংৰোপণ কাৰ্যসূচী আৰু আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিছে।  প্ৰতিষ্ঠানটোৱে যকৃৎ বিকল হোৱা আৰু অন্যান্য উন্নত পৰ্যায়ৰ যকৃৎ ৰোগত আক্ৰান্ত ৰোগীসকলক সুলভ চিকিৎসাৰ বিকল্প প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।  

বৰ্ধিত দক্ষতা আৰু আন্তঃগাঁথনিৰ সৈতে চিকিৎসালয়খনে কেৱল উত্তৰ-পূব ভাৰতৰে নহয়, চুবুৰীয়া দেশ বাংলাদেশ, ভূটান, ম্যানমাৰ আৰু নেপালৰ  পৰাও ৰোগী অহাৰ আশা ব্যক্ত কৰিছে   ' যকৃৎ সংৰোপণৰ সুবিধা এতিয়াও অতি সীমিত। আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি  জ্যেষ্ঠ পৰামৰ্শদাতা তথা যকৃৎ সংৰোপণ শল্য চিকিৎসক ডাঃ বিকাশ মুণ্ডৰ দ্বাৰা স্বাগত হাস্পতালত প্ৰতিমাহে এখন বিশেষ 'লিভাৰ ক্লিনিক' (Liver Clinic) পৰিচালনা কৰা হৈছে। ইয়াৰ ফলত যকৃৎ ৰোগ আৰু সংৰোপণৰ মূল্যায়নৰ বাবে পৰামৰ্শৰ প্ৰয়োজন হোৱা ৰোগীসকলে আহি ইয়াৰ সুফল লাভ কৰিব পাৰিব বৰ্তমান নিয়মীয়াকৈ যকৃৎ সংৰোপণ সফলভাৱে সম্পন্ন হোৱাৰ লগে লগে, স্বাগতম ছুপাৰ স্পেচিয়েলিটি হাস্পতাল এণ্ড চাৰ্জিকেল ইনষ্টিটিউটে উত্তৰ-পূব ভাৰতত টাৰ্ছিয়াৰী আৰু যকৃৎ সংৰোপণ স্বাস্থ্যসেৱাৰ বাবে এক প্ৰধান স্বাস্থ্যসেৱা আৰু চিকিৎসা পৰ্যটন কেন্দ্ৰ হিচাপে উন্নীত হোৱাৰ সম্ভাবনা আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here