মোদী চৰকাৰৰ সফল ১২ বছৰ গুৱাহাটীত 'স্বচ্ছতা অভিযান' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 14 June 2026

মোদী চৰকাৰৰ সফল ১২ বছৰ গুৱাহাটীত 'স্বচ্ছতা অভিযান'

 



W7s news গুৱাহাটী::


ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত এক সোণালী অধ্যায় ৰচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সেৱা, সুশাসন, উন্নয়ন আৰু জনকল্যাণৰ সফল ১২ বছৰ সম্পূৰ্ণ হোৱা ঐতিহাসিক ক্ষণক স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে দেওবাৰে গুৱাহাটীত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এক স্বচ্ছ আৰু সুস্থ অসম গঢ়াৰ সংকল্পৰে ভাৰতীয় জনতা পাৰ্টি, অ’বিচি মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত মহানগৰীৰ চাবিপুলস্থিত ৰাম জানকী মন্দিৰ প্ৰাংগণত এক 'স্বচ্ছতা অভিযান' কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হৈ যায়।

আজি আবেলি ৪:০০ বজাত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত বিজেপি দলৰ সক্ৰিয় কাৰ্যকৰ্তা ক্ৰমে—ৰাজু চাহানী, ৰবিন্দ্ৰ চাহানী, বিদ্যানন্দ ঝা, চুনীল সাহ, সুজিত সিং আৰু কমল কুমাৰ**ৰ লগতে মৰ্চাৰ অলেখ দলীয় সতীৰ্থ আৰু শুভাকাংক্ষীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

এই সন্দৰ্ভত স্বচ্ছ ভাৰত কোষ, অ' বি চি মৰ্চা, বিজেপি অসম প্ৰদেশৰ আহ্বায়ক গণেশ সিঙে সংবাদ মাধ্যমৰ আগত কয়- "বিশ্বনেতা তথা ভাৰত মাতৃৰ গৌৰৱোজ্জ্বল সন্তান নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰিছে। এই ঐতিহাসিক সফল ১২ বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত আমি এক স্বচ্ছ আৰু সুস্থ অসম গঢ়াৰ বাবে পুনৰ সংকল্পবদ্ধ হৈছোঁ। আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগতে ৰাইজৰ এই সক্ৰিয় অংশগ্ৰহণে আমাৰ এই অভিযানক অধিক সফল আৰু অনুপ্ৰেৰণাদায়ক কৰি তুলিব।"

কাৰ্যসূচীৰ অংশ হিচাপে উপস্থিত কাৰ্যকৰ্তাসকলে মন্দিৰ চৌহদ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ চাফ-চিকুণ কৰে আৰু সমাজত স্বচ্ছতাৰ সজাগতা বৃদ্ধিৰ বাবে সকলোকে আহ্বান জনায়। দলীয় কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনাই কাৰ্যসূচীটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here