ঐতিহ্য আৰু আধুনিকতাৰ অপূৰ্ব যুগলবন্দী: ‘WEAVE ICONS’ৰ জৰিয়তে অসমৰ বয়নশিল্পলৈ নতুন আশাৰ সঞ্চাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 15 June 2026

ঐতিহ্য আৰু আধুনিকতাৰ অপূৰ্ব যুগলবন্দী: ‘WEAVE ICONS’ৰ জৰিয়তে অসমৰ বয়নশিল্পলৈ নতুন আশাৰ সঞ্চাৰ




W7s news,,গুৱাহাটী, ১৫ জুন: অসমৰ স্বাভিমান তথা ঐতিহ্যমণ্ডিত ৰেচম নগৰী শুৱালকুছিৰ পৰম্পৰাগত বয়নশিল্পই বৰ্তমান সময়ত এক জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আধুনিক নগৰীয়া জীৱনশৈলীৰ আকৰ্ষণ আৰু দ্ৰুত অৰ্থনৈতিক সফলতাৰ আশাত নতুন প্ৰজন্মৰ বহু যুৱক-যুৱতী এই অমূল্য শিল্পকৰ্মৰ পৰা ক্ৰমান্বয়ে আঁতৰি যাবলৈ ধৰিছে, যিয়ে আমাৰ বাপতিসাহোন সাংস্কৃতিক পৰিচয়ৰ ভৱিষ্যতক লৈ এক গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই স্পৰ্শকাতৰ প্ৰেক্ষাপটতে জন্ম হৈছে এক ব্যতিক্ৰমী আৰু মহৎ প্ৰয়াসৰ— “WEAVE ICONS – From Loom to the Limelight”। মুম্বাইস্থিত প্ৰখ্যাত ফেশ্বন আলোকচিত্ৰশিল্পী, চলচ্চিত্ৰ নিৰ্মাতা তথা ‘Rhythmic Threads’ৰ প্ৰতিষ্ঠাপক সোমশুভ্ৰ চৰকাৰৰ এই অনন্য সাংস্কৃতিক গল্পকথনমূলক উদ্যোগে আমাৰ শিপিনীসকলৰ মনত হেৰাই যোৱা গৌৰৱবোধ, মৰ্যাদা আৰু সামাজিক স্বীকৃতি পুনৰুদ্ধাৰৰ এক সংকল্প হাতত লৈছে। এই সৃজনশীল যাত্ৰাত বিশিষ্ট ডিজাইনাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা দীপাংকৰ কাশ্যপে নিজৰ অনুপম সৃষ্টিশীলতাৰে শুৱালকুছিৰ ছয়গৰাকী প্ৰতিভাশালী যুৱ শিপিনীক তেওঁৰ অভিনৱ ডিজাইনৰ ক’চাৰ সাজেৰে বিশ্বদৰবাৰত এক গ্লেমাৰাছ ৰূপত উপস্থাপন কৰিছে। তেওঁলোকৰ সৈতে ব্ৰেণ্ড মিউজ ‘জিৰায়া’ই পৰম্পৰা আৰু আধুনিকতাৰ মাজত এক সুদৃঢ় নান্দনিক সেতু গঢ়ি তুলিছে। ‘WEAVE ICONS’-এ সমগ্ৰ বিশ্বক এই বাৰ্তাই প্ৰেৰণ কৰিব খুজিছে যে শিপিনীসকল কেৱল বস্ত্ৰ উৎপাদক নহয়, তেওঁলোক আমাৰ অমূল্য সাংস্কৃতিক ঐতিহ্যৰ অতন্দ্ৰ প্ৰহৰী। নতুন প্ৰজন্মই যাতে এই শিল্পক অতীতৰ এক পুৰণি ধাৰণা বুলি গণ্য নকৰি ভৱিষ্যতৰ এক গৌৰৱময়, সন্মানীয় আৰু সম্ভাৱনাপূৰ্ণ জীৱিকা হিচাপে গ্ৰহণ কৰিব পাৰে, তাৰ বাবেই এক আহ্বান— “ডাঙৰ সপোন দেখা, নিজৰ ভৱিষ্যৎ গঢ়া; কিন্তু নিজৰ হাতত থকা অমূল্য ঐতিহ্যৰ মূল্য কেতিয়াও অৱমূল্যায়ন নকৰিবা।” ‘Rhythmic Threads’ৰ এই প্ৰচেষ্টাই অসমৰ বয়নশিল্পক লৈ এক নতুন যুগান্তকাৰী চিন্তাধাৰাৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here