W7s news,,কমলপুৰ,২৬জুনঃ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা ২৭জুনত ঈদ উপলক্ষে দ্বিগুণপাৰ আঞ্চলিক যুৱ সমাজৰ উদ্যোগত দ্বিগুণপাৰ ৰাজহুৱা খেওপথাৰত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।কাৰ্যসূচীমতে কাইলৈ পুৱা ৮বজাত ঈদ মেহফিল উদযাপন সমিতিৰ সভাপতি মইদুল ইছলামে ঈদ মেহফিলৰ পতাকা উত্তোলন কৰিব।৯বজাত স্মৃতি তৰ্পন,১০বজাত গছপুলি ৰোপণ,১১বজাত খেল-ধেমালি প্ৰতিযোগিতা,সন্ধিয়া ৬বজাত বন্তি প্ৰজ্বলন।৬.৩০বজাত বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত থাকিব পশু চিকিৎসক নুৰুদ্দিন আলী,বিশিষ্ট সমাজকৰ্মী লক্ষ্মীকান্ত দাস আৰু উত্তৰ কামৰূপ জিলা বিজেপিৰ উপ-সভাপতি হেমন্ত বৰা।৭বজাত জিকিৰ উদ্বোধন কৰিব ৰঙিয়া ছেচন কৰ্টৰ প্ৰশাসনিক বিষয়া তফিকৰ ৰহমান আৰু বিশিষ্ট ব্যৱসায়ী ফাইজুল আলীয়ে। ৮বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই।নিশা ১১বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব পূবপাৰ জিলা পৰিষদৰ সদস্য কুমুদ কাকতিয়ে।আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,বিধায়ক ভৱেশ কলিতা , যুৱ নেতা প্ৰাণজিৎ চৌধুৰী,কমলপুৰ ৰাজহ চক্ৰ বিষয়া তুলসী ৰঞ্জন কলিতা আৰু কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাহুল দৈমাৰী।গীতে মাতে নিশা জীপাল কৰিব ৰহিম ৰাজ আৰু মিছ জুলিয়ে।অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে সাংস্কৃতিক সন্ধিয়াৰ সভাপতি মইদুল ইছলাম,সম্পাদকদ্বয় এলেআ আলী আৰু বুলবুল আলীয়ে।
Post Top Ad
Responsive Ads Here
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.

No comments:
Post a Comment