মাৰুতি ছুজুকিৰ সৈতে ২০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ; উত্তৰ-পূব ভাৰতজুৰি আস্থা, গতিশীলতা আৰু বিকাশৰ দুটা দশক উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 26 June 2026

মাৰুতি ছুজুকিৰ সৈতে ২০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ; উত্তৰ-পূব ভাৰতজুৰি আস্থা, গতিশীলতা আৰু বিকাশৰ দুটা দশক উদযাপন

 


গ্ৰাহকৰ আস্থাৰ ওপৰত গঢ়ি উঠা ২০ বছৰীয়া যাত্ৰাৰ মূল্যায়ন; অঞ্চলজুৰি পৰৱৰ্তী পৰ্যায়ৰ বিকাশৰ লক্ষ্যৰে আগবাঢ়িছে অসমৰ এই গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান


২০ বছৰীয়া বিকাশৰ যাত্ৰাত ১.২ লাখৰো অধিক বাহন বিক্ৰী, ৬.৩ লাখৰো অধিক বাহনত সেৱা আৰু ১১ লাখৰো অধিক গ্ৰাহকৰ সৈতে সংযোগ স্থাপন



W7s news গুৱাহাটী: ২০ বছৰ পূৰ্বে গুৱাহাটীত মাৰুতি ছুজুকিৰ এটা মাত্ৰ শ্ব’ৰূমেৰে যাত্ৰা আৰম্ভ কৰিছিল পোদ্দাৰ কাৰ ৱৰ্ল্ডে। অসমৰ গ্ৰাহকৰ বাবে আস্থা, স্বচ্ছতা আৰু দীৰ্ঘম্যাদী সম্পৰ্কৰ ওপৰত আধাৰিত বাহন ক্ৰয় আৰু মালিকানাৰ এক উন্নত অভিজ্ঞতা গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা এই যাত্ৰাই এতিয়া সম্পূৰ্ণ কৰিলে দুটা সুদীৰ্ঘ দশক।


মাৰুতি ছুজুকিৰ সৈতে ২০ বছৰৰ অংশীদাৰিত্ব সম্পূৰ্ণ কৰাৰ এই বিশেষ সময়ছোৱাত উত্তৰ-পূব ভাৰতৰ অন্যতম আগশাৰীৰ মাৰুতি ছুজুকি ডিলাৰ নেটৱৰ্ক হিচাপে নিজৰ স্থান অধিক শক্তিশালী কৰিছে পোদ্দাৰ কাৰ ৱৰ্ল্ডে। অসম আৰু পশ্চিমবংগত ৬৫টাতকৈ অধিক গ্ৰাহক সংযোগ কেন্দ্ৰৰে বিস্তৃত প্ৰতিষ্ঠানটোৱে বিগত দুটা দশকত ১.২ লাখৰো অধিক বাহন বিক্ৰী, ৬.৩ লাখৰো অধিক বাহনত সেৱা আগবঢ়োৱা আৰু ৩.৮৩ লাখৰো অধিক বীমা আঁচনিৰ সুবিধা প্ৰদান কৰাৰ লগতে ১১ লাখৰো অধিক গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে।


গুৰুত্বপূৰ্ণ যে, এই পৰিসংখ্যাৰ সৈতে জড়িত হৈ আছে প্ৰতিষ্ঠানটোৰ ব্যৱসায়িক বিস্তাৰৰ লগতে গ্ৰাহকৰ দীৰ্ঘদিনীয়া আস্থা আৰু নিৰ্ভৰশীলতাৰ যাত্ৰা। বাহন ক্ৰয়ৰ মুহূৰ্ততে দায়িত্ব শেষ নকৰি, বাহনৰ মালিকানাৰ প্ৰতিটো পৰ্যায়তে সহযাত্ৰী হিচাপে পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ ওপৰত আস্থা ৰাখি আহিছে গ্ৰাহকে।


উত্তৰ-পূব ভাৰতত গাড়ী ব্যৱহাৰৰ নতুন সম্ভাৱনা বৃদ্ধি পোৱাৰ সময়তে পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ এই ২০ বছৰীয়া সাফল্যই বিশেষ তাৎপৰ্য বহন কৰিছে। উন্নত পথ যোগাযোগ, নতুন সুযোগৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহ, উদ্যোগশীলতাৰ বিস্তাৰ আৰু আন্তঃগাঁথনিৰ উন্নয়নে অঞ্চলটোত বাহন ক্ৰয়ৰ ধাৰাক অধিক শক্তিশালী কৰিছে। এই পৰিৱৰ্তনৰ সৈতে খোজ মিলাই পোদ্দাৰ কাৰ ৱৰ্ল্ডেও সংগঠিত বাহন বিক্ৰী ব্যৱস্থা, উন্নত সেৱা সুবিধা, পথ সুৰক্ষাৰ প্ৰচেষ্টা আৰু দক্ষ লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিত গুৰুত্ব দি আহিছে।


লক্ষ্যণীয় যে, বৰ্তমান উত্তৰ-পূব আৰু পূব ভাৰতৰ প্ৰায় ২,০০০ লোকৰ প্ৰত্যক্ষ তথা পৰোক্ষ জীৱিকা সুৰক্ষিত কৰি তুলিছে পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ বিস্তৃত ডিলাৰ নেটৱৰ্কে। ইয়াৰ ভিতৰত অসমৰ ১,৪০০ তকৈও অধিক আৰু পশ্চিম বংগৰ ৬০০ তকৈও অধিক কৰ্মী অন্তৰ্ভুক্ত হৈ আছে। কৰ্মসংস্থাপন সৃষ্টি কৰাৰ সমান্তৰালভাৱে বিক্ৰেতা আৰু সেৱা সহযোগীসকলক সামৰি গঢ়ি উঠা এক বৃহৎ ব্যৱসায়িক পৰিৱেশকো এই নেটৱৰ্কৰ জৰিয়তে সৱল কৰি তুলিছে প্ৰতিষ্ঠানটোৱে।


অসমৰ পৰা যাত্ৰা আৰম্ভ কৰা পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ ব্যৱসায়িক পৰিসৰ এতিয়া ৰাজ্যখনৰ একাধিক জিলালৈ সম্প্ৰসাৰিত হৈছে। কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, বাক্সা, বজালী, দৰং, কাৰ্বি আংলং আৰু বৰপেটাকে ধৰি বিভিন্ন প্ৰান্তৰ গ্ৰাহকক সেৱা আগবঢ়াই আহিছে প্ৰতিষ্ঠানটোৱে। একে সময়তে পশ্চিম বংগৰ খড়গপুৰ আদিকে ধৰি বিভিন্ন অঞ্চলতো শক্তিশালী স্থিতি গঢ়ি তুলিছে পোদ্দাৰ কাৰ ৱৰ্ল্ডে। তদুপৰি, এইবাৰ ছিকিমত ব্যৱসায়িক সম্প্ৰসাৰণৰ জৰিয়তে এক নতুন অধ্যায়ৰ সূচনা কৰাৰ প্ৰস্তুতি চলাইছে প্ৰতিষ্ঠানটোৱে। তাত মাৰুতি ছুজুকিৰ এৰিনা আৰু নেক্সা ডিলাৰশ্বিপ পৰিচালনা কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। এই সম্প্ৰসাৰণৰ ফলত অঞ্চলটোত গাড়ী ক্ৰয়ৰ সুযোগ বৃদ্ধি পোৱাৰ লগতে বিক্ৰী-পৰৱৰ্তী সেৱা ব্যৱস্থাও অধিক সুদৃঢ় হ’ব বুলি ধাৰণা কৰা হৈছে।


পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ দুই দশকজোৰা এই যাত্ৰাই প্ৰতিফলন ঘটাইছে পোদ্দাৰ গোষ্ঠীৰ বৃহত্তৰ ব্যৱসায়িক আদৰ্শৰ। গ্ৰাহকৰ প্ৰতি দীৰ্ঘম্যাদী দায়বদ্ধতা, মানৱ সম্পদৰ উন্নয়নত বিনিয়োগ আৰু সেৱা আগবঢ়োৱা সমাজখনৰ বাবে স্থায়ী মূল্য সৃষ্টি কৰাৰ লক্ষ্যৰেই অগ্ৰসৰ হৈছে গোষ্ঠীটো। গোষ্ঠীটোৰ সহযোগী অন্যান্য ব্যৱসায়িক শাখাৰ ক্ষেত্ৰতো এই নীতিক সমানেই প্ৰাধান্য দিয়া হয়। পোদ্দাৰ গোষ্ঠীৰ মতে, সাময়িক সফলতাৰ পৰিৱৰ্তে ধাৰাবাহিকতা, বিশ্বাস আৰু অৰ্থপূৰ্ণ সম্পৰ্কৰ ভিত্তিতহে বহনক্ষম উন্নয়নৰ পথ প্ৰশস্ত হয়।


এই উপলক্ষে পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ প্ৰতিষ্ঠাপক অনুপ পোদ্দাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, “২০ বছৰ পূৰ্বে আমি এই অঞ্চলৰ অন্যতম বৃহৎ ডিলাৰ গোষ্ঠী হৈ উঠাৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰা নাছিলো। আমাৰ একমাত্ৰ লক্ষ্য আছিল শ্ব’ৰূমলৈ অহা প্ৰতিজন গ্ৰাহকৰ আস্থা অৰ্জন কৰা। আজি দুই দশকৰ সেই দীৰ্ঘদিনীয়া যাত্ৰালৈ উভতি চালে মোৰ ধাৰণা হয়, বিক্ৰী হোৱা বাহনৰ সংখ্যাতকৈ গ্ৰাহকৰ সৈতে গঢ়ি উঠা আন্তৰিক সম্পৰ্কহে আমাৰ আটাইতকৈ ডাঙৰ সাফল্য। বাৰে বাৰে আমাৰ ওচৰলৈ ঘূৰি অহা প্ৰতিজন গ্ৰাহক, আমাৰ সৈতে কাম কৰা প্ৰতিগৰাকী কৰ্মী আৰু আমাৰ ওপৰত গভীৰ বিশ্বাস ৰখা প্ৰতিটো পৰিয়ালে এই যাত্ৰাক সমৃদ্ধ কৰি তুলিছে। মাৰুতি ছুজুকিৰ দীৰ্ঘদিনীয়া সহযোগিতা তথা অসম আৰু উত্তৰ-পূব ভাৰতৰ ৰাইজৰ আকুণ্ঠ সমৰ্থনৰ বাবে আমি আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁলোকৰ মৰম আৰু বিশ্বাসেই পোদ্দাৰ কাৰ ৱৰ্ল্ডক তেওঁলোকৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰাৰ সুযোগ প্ৰদান কৰিছে।”


মন কৰিবলগীয়া যে, বিগত দুই দশকত পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ আশাব্যঞ্জক বিকাশে উত্তৰ-পূব ভাৰতৰ গ্ৰাহকসকলৰ ক্ৰমবৰ্ধমান ব্যক্তিগত বাহনৰ চাহিদা আৰু আকাংক্ষাক প্ৰতিফলিত কৰিছে। ২০০৬-০৭ বিত্তীয় বৰ্ষত য’ত প্ৰতিষ্ঠানটোৱে বছৰি প্ৰায় ১,৪০০ খন গাড়ী বিক্ৰী কৰিছিল, ২০২৩-২৪ বিত্তীয় বৰ্ষত সেই সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাই সৰ্বাধিক ৯,৫৬৪ খন স্পৰ্শ কৰে। একে সময়তে প্ৰতিষ্ঠানটোৰ সেৱা বা চাৰ্ভিচ বিভাগে ৬.৩ লাখতকৈও অধিক জব কাৰ্ড প্ৰক্ৰিয়াকৰণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ৪.৪৩ লাখতকৈও অধিক নিয়মীয়া ৰক্ষণাবেক্ষণ সেৱা, ৬৪,৭৭৮ টা বডী ৰিপেয়াৰিং আৰু ১.২১ লাখতকৈও অধিক অতিৰিক্ত মেৰামতিৰ সেৱা অন্তৰ্ভুক্ত হৈ আছে।


মাৰুতি ছুজুকি ড্ৰাইভিং স্কুল উদ্যোগৰ জৰিয়তে পথ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছে পোদ্দাৰ কাৰ ৱৰ্ল্ডে। এই আঁচনিৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে ৫,৬৭০ জনতকৈও অধিক লোকক প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণ প্ৰদান কৰিছে। কেৱল গ্ৰাহক সেৱাৰ মাজতে আৱদ্ধ নাথাকি প্ৰতিষ্ঠানটোৰ ডিলাৰশ্বিপ নেটৱৰ্কে এতিয়া বিক্ৰী, ৱৰ্কশ্বপ, লজিষ্টিকছ, বীমা, কাৰিকৰী সেৱা আৰু বিক্ৰেতাকে ধৰি বিভিন্ন ব্যৱসায়িক খণ্ডৰ হাজাৰ হাজাৰ লোকৰ জীৱিকাৰ মূল আধাৰ হৈ পৰিছে।


উল্লেখ্য যে, ২০২২ চনত পদ্দাৰ ছুজুকিৰ জৰিয়তে দুচকীয়া বাহনৰ বজাৰত প্ৰৱেশ কৰি নিজৰ পৰিবহনভিত্তিক ব্যৱসায়ৰ পৰিসৰ অধিক বৃদ্ধি কৰে পোদ্দাৰ গোষ্ঠীয়ে। ইয়াৰ পাছত বিগত মাত্ৰ চাৰি বছৰৰ ভিতৰতে গুৱাহাটী, নগাঁও, মৰিগাঁও, ৰঙিয়া, বিজয় নগৰ আৰু হোজাইত সাতটাকৈ গ্ৰাহক সংযোগ কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছে প্ৰতিষ্ঠানটোৱে। ইয়াৰ ফলত এক বৃহৎসংখ্যক গ্ৰাহকৰ ওচৰলৈ উন্নত মানদণ্ডৰ বাহন সম্পৰ্কীয় সেৱা আগবঢ়োৱাটো সম্ভৱ হৈ উঠিছে।


ধাৰাবাহিক সফলতা আৰু গ্ৰাহকক প্ৰদান কৰা উৎকৃষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে অলপতে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ নন-মেট্ৰ’ চহৰ শাখাত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মাৰুতি ছুজুকি ডিলাৰ হিচাপে প্ৰথম স্থান লাভ কৰে পোদ্দাৰ কাৰ ৱৰ্ল্ডে। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিয়ে প্ৰতিষ্ঠানটোৰ কাৰ্যদক্ষতা, পৰিচালনাগত উৎকৃষ্টতা আৰু গ্ৰাহক সন্তুষ্টিৰ প্ৰতি থকা দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিকে পুনৰবাৰ প্ৰমাণ কৰিছে।


পোদ্দাৰ গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা মুখ্য পৰিচালন বিষয়া অংকিত পোদ্দাৰে কয়, ''বিগত দুই দশকৰ যাত্ৰাই আমাৰ কেৱল ব্যৱসায়িক পৰিসৰকে বৃদ্ধি কৰা নাই, আমাক তাতকৈও এক মূল্যৱান দৃষ্টিভংগী উপহাৰ দিছে। আচলতে গ্ৰাহকক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰা, কৰ্মচাৰীৰ উন্নয়নত বিনিয়োগ কৰা আৰু দীৰ্ঘম্যাদী লক্ষ্যক সন্মুখত ৰাখি সিদ্ধান্ত লোৱাৰ দৰে মৌলিক বিষয়সমূহেহে বহনক্ষম উন্নয়নৰ প্ৰকৃত ভিত্তি গঢ়ি তোলে আৰু এই দীৰ্ঘদিনীয়া অভিজ্ঞতাই আমাক তাকেই শিকালে। এই নীতিসমূহে এতিয়ালৈকে আমাক পথ প্ৰদৰ্শন কৰি আহিছে আৰু ভৱিষ্যতৰ প্ৰতিটো সিদ্ধান্তৰ ক্ষেত্ৰতো একেদৰেই দিক্‌দৰ্শন কৰিব।”


তেওঁ লগতে কয়, “ছিকিমলৈ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ লগতে উত্তৰ-পূব ভাৰতত আমাৰ স্থিতি অধিক শক্তিশালী কৰাৰ প্ৰস্তুতি চলি থকাৰ মাজতো আমাৰ মূল লক্ষ্য অপৰিৱৰ্তিত আছে। প্ৰতিজন গ্ৰাহক, প্ৰতিগৰাকী কৰ্মী আৰু প্ৰতিখন সমাজৰ আস্থা অৰ্জন কৰিয়েই আমি আগবাঢ়িব বিচাৰো। ব্যৱসায়ৰ সম্প্ৰসাৰণ আমাৰ বাবে নিশ্চয়কৈ গুৰুত্বপূৰ্ণ, কিন্তু এই বিকাশ সদায় আমাৰ মূল্যবোধৰ প্ৰতি অটল থকাৰ স্বাভাৱিক পৰিণতি হিচাপেই বিবেচিত হ’ব।”


২০ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ অংশ হিচাপে সমগ্ৰ মাহজুৰি এক বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে পোদ্দাৰ কাৰ ৱৰ্ল্ডে। ‘এভৰি লেন, এভৰি ৰোড, ২০ ইয়েৰ্ছ অন দ্য ব'ৰ্ড’ শীৰ্ষক এই বিশেষ অভিযানৰ সৈতে সংগতি ৰাখি ছ’চিয়েল মিডিয়াত মুকলি কৰা হৈছে #AssamDrivesWithPCW হেছটেগ। এই একক কাৰ্যসূচীৰ জৰিয়তে গ্ৰাহক, কৰ্মচাৰী, ব্যৱসায়িক অংশীদাৰ আৰু স্থানীয় সমাজখনক একত্ৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ অধীনত বিভিন্ন জিলাত বৰ্ষপূৰ্তি মেলা, গ্ৰাহক কৃতজ্ঞতা অনুষ্ঠান, পথ সুৰক্ষা সজাগতা কাৰ্যসূচী, বিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আৰু কৰ্মচাৰী সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।


তৃতীয় দশকত ভৰি দিয়াৰ সময়ত নতুন সম্প্ৰসাৰণৰ পৰিকল্পনা থাকিলেও, পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ হৈছে বিগত ২০ বছৰে গ্ৰাহকৰ সৈতে গঢ়ি উঠা আস্থাৰ সম্পৰ্কক আৰু অধিক সুদৃঢ় কৰা। গ্ৰাহক, কৰ্মচাৰী তথা স্থানীয় সমাজখনৰ প্ৰতি থকা দীৰ্ঘদিনীয়া দায়বদ্ধতাক মূল ভিত্তি হিচাপে লৈয়েই অগ্ৰসৰ হৈছে প্ৰতিষ্ঠানটো। পৰিবহণ খণ্ডত অধিক উন্নত সেৱা নিশ্চিত কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ ধাৰাবাহিক বিকাশ আৰু জনসাধাৰণৰ ক্ৰমবৰ্ধমান চাহিদাৰ সৈতে সংগতি ৰাখি আগবাঢ়ি যোৱাৰ লক্ষ্যও অটুট ৰাখিছে পোদ্দাৰ কাৰ ৱৰ্ল্ডে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here