এৰোমা মেজিকে পুনৰ মুকলি কৰিছে ইয়াৰ ছিগনেচাৰ এছেন্সিয়েল অইল আৰু চেলুন পেছাদাৰীসকলৰ বাবে আগবঢ়াইছে পেপটাইড প’চন আৰু ভিটা বুষ্ট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 6 May 2026

এৰোমা মেজিকে পুনৰ মুকলি কৰিছে ইয়াৰ ছিগনেচাৰ এছেন্সিয়েল অইল আৰু চেলুন পেছাদাৰীসকলৰ বাবে আগবঢ়াইছে পেপটাইড প’চন আৰু ভিটা বুষ্ট


 

W7s news,,গুৱাহাটী, ৬ মে’, ২০২৬: ভাৰতৰ প্ৰিমিয়াৰ এৰোমাথেৰাপি প্ৰতিষ্ঠান ব্ল’ছম কোচ্চাৰ এৰোমা মেজিকে গৌৰৱেৰে সম্পূৰ্ণ নতুন, মাৰ্জিত অৱতাৰত ইয়াৰ  এছেন্সিয়েল  অইলৰ  আইকনিক ৰেঞ্জৰ পুনৰ মুকলিৰ  কথা ঘোষণা কৰিছে । ব্ল’ছম কোচ্চাৰ  গ্ৰুপ অৱ কোম্পানীজৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ডাঃ ব্ল’ছম কোচ্চাৰে  গুৱাহাটীত অনুষ্ঠিত এক  সংবাদমেলত এছেন্সিয়েল  অইলৰ বিষয়ে কিছু বক্তব্য আগবঢ়োৱাৰ লগতে চেলুনত উন্নত ফেচিয়েলৰ বাবে ডিজাইন কৰি  নতুনকৈ মুকলি কৰা পেপটাইড পচন আৰু ভিটা বুষ্ট কিটৰ বিষয়ে অৱগত কৰে ।

ডাঃ ব্ল’ছম কোছাৰে কয়, “এছেন্সিয়েল  অইলক  উদ্ভিদৰ আত্মা বুলি কোৱা হয় - উদ্ভিদৰ বিভিন্ন অংশ যেনে পাত, ফল, ফুল, বীজৰ পৰা আহৰণ কৰা  অণুৰে  ইয়াক প্ৰস্তুত  কৰা  হয়  । আমাৰ এছেন্সিয়েল  অইল  কেৱল সৌন্দৰ্য্য বা সুস্থতাৰ সামগ্ৰীয়ে  নহয়, ইয়াৰ মানুহৰ মন, শৰীৰ আৰু আত্মাক শান্ত, সৌন্দৰ্য্য, শক্তিশালী, ভাৰসাম্য আৰু সমন্বয় সাধন কৰাৰ আচৰিত ক্ষমতা আছে ।”

গুৱাহাটীত চেলুন পেছাদাৰীসকলৰ বাবে নতুন ফেচিয়েল কিট মুকলি কৰাৰ কথাও ঘোষণা কৰাৰ লগতে পেপটাইড প’চন কিট আৰু ভিটা বুষ্ট ফেচিয়েল কিটৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে । কিটসমূহৰ বিষয়ে ব্যাখ্যা কৰি ডাঃ ব্ল’ছম কোচ্চাৰে কয়, “পেপটাইড এণ্ড চেৰামাইড প’চন এডভান্সড ছিৰাম মাস্ক কিট মোৰ অনন্য ছিগনেচাৰ  অফাৰিং  আৰু ই হৈছে চেলুন আৰু স্পা উদ্যোগৰ বাবে এক বিশেষ সৃষ্টি । পেপটাইডে প্ৰটিন সৃষ্টিত  সহায় কৰে, ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে, আৰু কোষৰ পুনৰুৎপাদন বৃদ্ধি কৰে, মাত্ৰ কেইটামান পদক্ষেপতে ব্যৱহাৰকাৰীৰ  ছালৰ  গঠন উন্নত কৰে । নিজৰ ক্লায়েণ্টসকলক ব্যতিক্ৰমী ফেচিয়েল দিব পৰাকৈ আজি মই চেলুন পেছাদাৰীসকলৰ  বাবে এই কিটসমূহ  আগবঢ়াইছো ।” মাল্টি-পেপটাইড এণ্ড চেৰামাইড কমপ্লেক্সে মিহি ৰেখা আৰু বলিৰেখা কম কৰি ছালখনক অধিক কোমল কৰি তোলে আৰু ই হাইড্ৰেচন বৃদ্ধি কৰে আৰু কলাজেন উৎপাদনত সহায় কৰে, যাৰ ফলত ই হৈ পৰিছে এক ব্যতিক্ৰমী এন্টি-এজিং ফেচিয়েল ট্ৰিটমেণ্ট ।

এছেন্সিয়েল  অইলৰ ৰূপ বিকশিত হৈছে যদিও সামগ্ৰীটোৰ আত্মা অপৰিৱৰ্তিত হৈ আছে— যি ১০০% বিশুদ্ধ, চিকিৎসামূলক গ্ৰেডৰ এছেন্সিয়েল  অইল, যাক  অতি  মৰম, যত্ন আৰু প্ৰকৃতিৰ উন্নতমানৰ নিষ্কাশনেৰে প্ৰস্তুত কৰা হৈছে । পোন্ধৰবিধ  তেল  এতিয়া নতুন ১০ মিলিলিটাৰৰ  পেকেজিঙত উপলব্ধ আৰু ইয়াৰ ভিতৰত আছে লেভেণ্ডাৰ, বেজিল, চন্দন কাঠ, গোলাপ, নেৰ’লি, লেমনগ্ৰাছ, চাহ গছ, ৱাইলাং ৱাইলাং, আৰু অন্যান্য ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here