W7s news,,গুৱাহাটী; ৬ মে’, ২০২৬: মাতৃৰ নিঃস্বাৰ্থ মৰম আৰু ত্যাগক শব্দৰে বুজোৱা কঠিন যদিও সেই অনন্য বন্ধনক উদযাপন কৰাৰ সুযোগ কোনেও হেৰুৱাব নিবিচাৰে। এগৰাকী মাতৃৰ যি নিৰৱচ্ছিন্ন সমৰ্থন আৰু নিৰ্ভেজাল মৰম, সেয়াই আমাৰ প্ৰতিটো খোজত সাহসৰ উৎস হৈ থিয় দিয়ে। মাতৃৰ প্ৰতি উসৰ্গিত এই পবিত্ৰ দিনটোৰ গাম্ভীৰ্য ৰক্ষা কৰি ৰেডিচন ব্লু গুৱাহাটীয়ে আগবঢ়াইছে এক ব্যতিক্ৰমী উপহাৰ। মাতৃৰ সৈতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই এক উষ্ম পৰিৱেশত সুস্বাদু আহাৰ গ্ৰহণ কৰিব পৰাকৈ হোটেলখনৰ কেফে বি ইউত আয়োজন কৰা হৈছে এক বিশেষ ব্ৰাঞ্চৰ।
অহা ৮, ৯ আৰু ১০ মে’ৰ সম্পূৰ্ণ সপ্তাহান্তজুৰি চলিবলগীয়া এই আয়োজনে পৰিয়ালৰ বাবে এক আমোদজনক আৰু আৰামদায়ক পৰিৱেশ নিশ্চিত কৰিব। অহা ৮ আৰু ৯ মে’ৰ দুপৰীয়া তথা নিশাৰ আহাৰৰ উপৰি ১০ মে’ অৰ্থাৎ দেওবাৰে দুপৰীয়া ১২:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ এক বিশেষ ব্ৰাঞ্চৰ ব্যৱস্থা ৰখা হৈছে। লক্ষ্যণীয়ভাৱে, সপ্তাহান্তৰ এই অৱসৰ বিনোদন আৰু পৰিয়ালৰ মধুৰ মিলনৰ জৰিয়তে প্ৰতিগৰাকী মাতৃক শ্ৰদ্ধা জনোৱাৰ বাবেই হোটেল কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এনে সুন্দৰ পদক্ষেপ।
উল্লেখ্য যে, ৰেডিচন ব্লু গুৱাহাটীৰ এই আয়োজনৰ কেন্দ্ৰবিন্দু হৈছে এক বিশাল খাদ্যসম্ভাৰ, য’ত থকা লাইভ কাউণ্টাৰসমূহে গ্ৰাহকক সতেজ পাষ্টা, গ্ৰিল আৰু থলুৱা খাদ্যৰ সোৱাদ দিব। ইয়াৰ সমান্তৰালভাৱে মাতৃ দিৱসৰ বিশেষ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা কেক, পেষ্ট্ৰি আৰু চকলেটৰ বিভিন্ন শৈল্পিক ব্যঞ্জনে উৎসৱৰ পৰিৱেশটোক অধিক সুমধুৰ কৰি তুলিব।
আনহাতে, অকল ভোজনৰ মাজতে সীমাবদ্ধ নাৰাখি সমগ্ৰ অনুষ্ঠানটোত শিশুসকলৰ বাবে বিশেষ খেল-ধেমালিৰ স্থান আৰু পৰিয়ালৰ মাজত নিবিড় সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। দেওবাৰৰ বিশেষ ব্ৰাঞ্চৰ সময়ত উৎসৱৰ আনন্দ দুগুণ কৰিবলৈ বিভিন্ন খেলৰ আয়োজন কৰাৰ লগতে বিজয়ীসকলৰ বাবে ৰখা হৈছে আকৰ্ষণীয় উপহাৰ, যাতে সকলো বয়সৰ অতিথিৰ বাবে এই উদযাপন চিৰস্মৰণীয় হৈ ৰয়।
কেফে বি ইউৰ সমগ্ৰ পৰিৱেশে এই বিশেষ দিনটোৰ প্ৰকৃত তাৎপৰ্য অতি সুন্দৰকৈ ফুটাই তুলিব। হোটেলখনৰ সাজ-সজ্জা আৰু নিৰ্বাচিত উপাদানসমূহৰ জৰিয়তে এক উৎসৱমুখৰ আৱহৰ লগতে এক মৰ্যাদাপূৰ্ণ গাম্ভীৰ্যৰ অপূৰ্ব মিশ্ৰণ ঘটোৱা হৈছে, যিয়ে গ্ৰাহকৰ মনত এক সুকীয়া আমেজ সৃষ্টি কৰিব।
এই পদক্ষেপ সন্দৰ্ভত ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ গুৰমিত ৰান্ধৱাই কয়, “মাতৃ দিৱস হৈছে এনে এক ক্ষণ যিটো প্ৰতিজন ব্যক্তিৰ বাবে ভিন্ন ধৰণে ব্যক্তিগত হৈ পৰে। আমাৰ বহুজনৰ বাবে এই দিনটোৱে আমাক অলপ থমকি ৰ’বলৈ আৰু আমাৰ মায়ে বছৰ বছৰ ধৰি আমাৰ বাবে কৰি অহা নিৰৱ ত্যাগক স্বীকৃতি দিয়াৰ কথা সোঁৱৰাই দিয়ে। ৰেডিচন ব্লু গুৱাহাটীত আমি এনে এক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছোঁ, যিয়ে সেই অনুভৱক প্ৰতিফলিত কৰিব পাৰে, যি অতিশয় আড়ম্বৰপূৰ্ণ নহ’লেও হ’ব পাৰে উষ্ম, চিন্তাশীল আৰু সকলোৱে সহজে সংযোগ স্থাপন কৰিব পৰা। বৰ্তমান সময়ত পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰাটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এনে পৰিপ্ৰেক্ষিতত কেফে বি ইউত আয়োজন কৰা এই ব্ৰাঞ্চৰ জৰিয়তে আমি পৰিয়ালসমূহক এনে এটা স্থান দিব বিচাৰিছোঁ য’ত তেওঁলোকে একত্ৰিত হৈ সুস্বাদু আহাৰ গ্ৰহণ কৰিব পাৰে আৰু ইজনে সিজনৰ সৈতে সময় অতিবাহিত কৰিব পাৰে।”
প্ৰণিধানযোগ্য যে, গ্ৰাহকৰ হৃদয় জয় কৰিব পৰা আৰু চিৰস্মৰণীয় ভোজনৰ অভিজ্ঞতা প্ৰদানত বিশেষ গুৰুত্ব দি অহা ৰেডিচন ব্লু গুৱাহাটীয়ে মানুহক একত্ৰিত কৰা এনে উদযাপনসমূহৰ বাবে এক অন্যতম প্ৰিয় গন্তব্যস্থান হিচাপে নিজকে প্ৰতিষ্ঠা কৰি আহিছে।
আসন সংৰক্ষণ আৰু অধিক তথ্যৰ বাবে গ্ৰাহকসকলে ৰেডিচন ব্লু গুৱাহাটীৰ সৈতে যোগাযোগ কৰিব পাৰিব- ৮৮১১০৯৯৩৯৭ নম্বৰত।

No comments:
Post a Comment