ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা, চিকিৎসকৰ সতর্কবাণী** - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 15 May 2026

ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা, চিকিৎসকৰ সতর্কবাণী**



অসমত ৫৭০ টা, কামৰূপ মহানগৰত ৭৪ টা ডেংগু কেছ 


W7s news,,গুৱাহাটী, ১৬ মে’ ২০২৬: ৰাষ্ট্ৰীয় ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্কবাণী জাৰি কৰি কয় যে তাপমাত্রা বৃদ্ধি, জলবায়ু পৰিৱর্তন, দ্ৰুত নগৰায়ণ আৰু দুর্বল পানী ব্যৱস্থাপনা পদ্ধতিৰ ফলত ভাৰতৰ নগৰসমূহ দ্রুত ডেংগুৰ হটস্পটত পৰিণত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ২০২৬ চনত স্বাভাৱিকতকৈ অধিক উষ্ণতা আৰু অধিক হিটৱেভৰ দিনৰ পূর্বাভাস দিয়াৰ পিছত বিশেষজ্ঞসকলে সমগ্ৰ দেশত বাহকজনিত ৰোগ বৃদ্ধিৰ আশংকা প্ৰকাশ কৰিছে।


স্বাস্থ্য সংক্রান্ত অনুমান অনুসৰি, বিশ্বব্যাপী ডেংগু ৰোগীৰ প্ৰায় এক-তৃতীয়াংশ ভাৰতত আছে আৰু বিগত দুটা দশকত এই ৰোগৰ প্ৰাদুৰ্ভাৱ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। অসমত কেৱল ২০২৫ চনৰ নৱেম্বৰলৈকে প্ৰায় ৫৭০টা ডেংগু কেছ ধৰা পৰিছে, যাৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ৭৪টা নিশ্চিত কেছ ৰিপ’ৰ্ট হৈছে।


নেমকেয়াৰ হাস্পতালৰ শিশু বিশেষজ্ঞ ডা: ৰাস্না দাসে কয় যে বিদ্যালয় আৰু খেলাধূলাৰ সময়ত ডেংগু বাহক মহ সক্ৰিয় হৈ থকাৰ বাবে শিশুসকল অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। বমি, পেটৰ তীব্ৰ বিষ, ৰক্তক্ষৰণ, অতিৰিক্ত ক্লান্তি বা শ্বাস-প্ৰশ্বাসত অসুবিধাই দেখা দিলে অভিভাৱকসকলক তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’বলৈ তেওঁ আহ্বান জনায়।


ডা: দাসে কয় যে জমা হৈ থকা পানী আঁতৰোৱা, পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশ অটুট ৰখা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেই বছৰজোৰা ডেংগু প্রতিৰোধৰ মূল চাবিকাঠি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here