কেৱল ‘বৃদ্ধকাল’ৰ ব্যাধি নহয় উচ্চ ৰক্তচাপ; ভাৰতৰ চহৰাঞ্চলত বাস কৰা প্ৰতি ৪ গৰাকী যুৱকৰ ভিতৰত এজনৰ জীৱনলৈ ৰক্তচাপে নমাইছে বিপদঃ গুৱাহাটীৰ পিয়াৰলেছ হাস্পতাল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 15 May 2026

কেৱল ‘বৃদ্ধকাল’ৰ ব্যাধি নহয় উচ্চ ৰক্তচাপ; ভাৰতৰ চহৰাঞ্চলত বাস কৰা প্ৰতি ৪ গৰাকী যুৱকৰ ভিতৰত এজনৰ জীৱনলৈ ৰক্তচাপে নমাইছে বিপদঃ গুৱাহাটীৰ পিয়াৰলেছ হাস্পতাল


 

২৫ ৰ পৰা ৪০ বছৰ বয়সৰ লোকৰ মাজত জীৱনশৈলীজনিত উচ্চ ৰক্তচাপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সোনকালে স্বাস্থ্য পৰীক্ষা কৰাৰ আহ্বান হাস্পতাল কৰ্তৃপক্ষৰ


W7s news,,গুৱাহাটী; ১৫ মে’, ২০২৬: বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ আগমুহূৰ্ত্ততে, পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে ভাৰতত ২০ বছৰৰ পৰা ৩০ বছৰ বয়সৰ যুৱকৰ মাজত উদ্বেগজনকভাৱে বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। হাস্পতালখনে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়া উচ্চ ৰক্তচাপ কেৱল বৃদ্ধ লোকৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। বিপৰীতে, সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ মাজত এক গুৰুতৰ স্বাস্থ্যজনিত চিন্তাৰ কাৰণ হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে এই নীৰৱ ঘাতক ব্যাধি।

সমগ্ৰ বিশ্বতে আজি পালন কৰা উচ্চ ৰক্তচাপ দিৱসৰ বিশেষ ক্ষণত গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালে উন্মোচন কৰিছে এই “নীৰৱ ঘাতক” ব্যাধিটোৰ চৰম ভয়াৱহতা। সাধাৰণতে কোনো আগজাননী নিদিয়াকৈয়ে শৰীৰত বাহ লোৱা এই বিশেষ স্বাস্থ্য অৱস্থাই দ্ৰুতগতিত বৃদ্ধি কৰিছে হৃদৰোগ, ষ্ট্ৰোক, বৃক্কৰ বিকলতা আৰু অকাল মৃত্যুৰ দৰে চৰম বিপদৰ সম্ভাৱনা। ২০২৩ চনৰ আই চি এম আৰ-ইণ্ডিয়াব অধ্যয়নৰ উদ্ধৃতি দি হাস্পতালখনে কয় যে ভাৰতৰ চহৰীয়া অঞ্চলৰ ২৫ ৰ পৰা ৪০ বছৰ বয়সৰ ২৫.৩ শতাংশ প্ৰাপ্তবয়স্ক লোকেই উচ্চ ৰক্তচাপত ভুগিছে। অত্যন্ত উদ্বেগৰ বিষয় এয়ে যে আক্ৰান্ত হোৱা বেছিভাগ ব্যক্তিয়ে নিজৰ এই শাৰীৰিক সমস্যাৰ বিষয়ে এতিয়াও সম্পূৰ্ণ অজ্ঞাত।

লক্ষ্যণীয় যে, ভাৰতবৰ্ষৰ এক বৃহৎ সংখ্যক লোকৰ মাজত আজিও এক ভুল ধাৰণা প্ৰচলিত হৈ আছে যে উচ্চ ৰক্তচাপ কেৱল বৃদ্ধ বয়সৰহে এক জটিল সমস্যা। বহুতেই এতিয়াও বিশ্বাস কৰে যে যদিহে তেওঁলোক দেখাত সুস্থ আৰু সবল হৈ থাকে, তেন্তে তেওঁলোকৰ ৰক্তচাপো স্বাভাৱিক হৈ আছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ (২০২১) ৰ পৰিসংখ্যাই উদঙাই দিয়া তথ্য অনুসৰি ১৮ ৰ পৰা ৩৫ বছৰ বয়সৰ মাত্ৰ ৩৭ শতাংশ ব্যক্তিয়েহে জীৱনত কেতিয়াবা নিজৰ ৰক্তচাপ পৰীক্ষা কৰে। এনে পৰিস্থিতিত ২০২৬ বৰ্ষৰ বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ মূল বিষয়বস্তুৱে সোঁৱৰাই দিছে এক গুৰুত্বপূৰ্ণ সত্য। "আপোনাৰ ৰক্তচাপ নিখুঁতভাৱে জুখক, ইয়াক নিয়ন্ত্ৰণ কৰক আৰু দীৰ্ঘজীৱী হওক" শীৰ্ষক এই বাণীয়ে উচ্চ ৰক্তচাপে যিকোনো বয়সতে আক্ৰমণ কৰিব পৰা দিশটোক বিশেষভাৱে আলোকপাত কৰিছে।

গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ জৰুৰীকালীন চিকিৎসা বিভাগৰ জ্যেষ্ঠ চিকিৎসক তথা অধীক্ষক ডাঃ প্ৰণৱ বৰুৱাই কয়, “বৰ্তমানৰ ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত উচ্চ ৰক্তচাপ এক ভয়াৱহ হাৰত বৃদ্ধি পাইছে। এটা দশক পূৰ্বে এই দৃশ্য তেনেই বিৰল আছিল। বিশেষকৈ ২৫ ৰ পৰা ৪০ বছৰ বয়সৰ লোকৰ মাজত এই ব্যাধিয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ মূল কাৰণ হ’ল বহি থকা কামৰ প্ৰকৃতি, তীব্ৰ মানসিক চাপ, নিশা দেৰিলৈকে কাম কৰা অভ্যাস আৰু অত্যাধিক নিমখযুক্ত সংসাধিত খাদ্য গ্ৰহণ। ইয়াৰ লগতে বিশৃংখল নিদ্ৰাৰ অভ্যাসেও এই সংকটক অধিক তীব্ৰতৰ কৰি তুলিছে।”

তেওঁ লগতে কয় যে বহু যুৱ ৰোগীয়েই প্ৰথমবাৰৰ বাবে নিজৰ ৰক্তচাপৰ মাত্ৰা দেখি স্তম্ভিত হৈ পৰে। ডাঃ বৰুৱাই কয়, “বহুতে কেৱল সাধাৰণ স্বাস্থ্য পৰীক্ষা বা সামান্য কিবা অসুখ লৈ হাস্পতাললৈ আহে, কিন্তু তেওঁলোকে উচ্চ ৰক্তচাপৰ দৰে এক ৰোগৰ নিদান লৈ ঘৰলৈ উভতিবলগীয়া হয়। এই ৰোগৰ বাবে পৰৱৰ্তী সময়ত গোটেই জীৱন ধৰি নিয়ন্ত্ৰণৰ প্ৰয়োজন হয়। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল যে আগতীয়া সজাগতা আৰু সঠিক জীৱনশৈলীৰ জৰিয়তে এই ৰোগৰ অধিকাংশ ক্ষেত্ৰই প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন। যুৱক হ’লেই যে এনে বেমাৰৰ পৰা সুৰক্ষিত থাকিব পাৰিব, সেই ধাৰণাটো সম্পূৰ্ণ ভুল।”

ভাৰতীয় যুৱ প্ৰজন্মৰ মাজত উচ্চ ৰক্তচাপ বৃদ্ধি কৰা মূল কাৰকসমূহ হ’লঃ

দীঘলীয়া সময় ধৰি কাম কৰা আৰু অত্যাধিক মানসিক চাপ

অনবৰতে অনলাইনযোগে অৰ্ডাৰ কৰা খাদ্য আৰু হোটেলৰ আহাৰ গ্ৰহণ

নিদ্ৰাহীনতা (প্ৰতি নিশা ছয় ঘণ্টাতকৈ কম টোপনি)

নিয়মিত স্বাস্থ্য পৰীক্ষাৰ অভাৱ

মূৰৰ বিষ, মূৰ ঘূৰোৱা অথবা ভাগৰুৱা অনুভৱ কৰাৰ দৰে লক্ষণসমূহক গুৰুত্ব নিদিয়া

ডাঃ বৰুৱাই লগতে কয়, “অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপে বছৰ বছৰ ধৰি আমাৰ ৰক্তবাহী ধমনী আৰু গুৰুত্বপূৰ্ণ অংগসমূহৰ নিৰৱে ক্ষতি কৰে বুলি সাধাৰণতে মানুহে উপলব্ধি কৰিব নোৱাৰে। এগৰাকী দেখাত ‘সুস্থ’ যুৱকৰ হৃদৰোগ বা ষ্ট্ৰোক হোৱাৰ সময়লৈকে শৰীৰৰ ভিতৰত ভয়াৱহ ক্ষতি ইতিমধ্যে সম্পন্ন হৈ যায়।”

যুৱক-যুৱতীসকলৰ মাজত হোৱা উচ্চ ৰক্তচাপৰ সৈতে অন্যান্য জীৱনশৈলীজনিত ৰোগৰ এক নিবিড় সম্পৰ্ক আছে বুলিও আঙুলিয়াই দিয়ে ডাঃ প্ৰণৱ বৰুৱাই। তেওঁ লগতে কয়, “উচ্চ ৰক্তচাপ কেতিয়াও অকলে নাহে। আই চি এম আৰৰ তথ্য অনুসৰি এজন উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিৰ বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা তিনিগুণ বেছি থাকে। ইয়াৰ উপৰি পৰৱৰ্তী জীৱনত বৃক্কৰ বিকলতাৰ দৰে সমস্যাৰো এক বৃহৎ সম্ভাৱনা থাকে।”

উচ্চ ৰক্তচাপক লৈ প্ৰচলিত বিভিন্ন ভ্ৰান্ত ধাৰণাৰ সন্দৰ্ভত ডাঃ বৰুৱাই কয়, “বেছিভাগ যুৱক-যুৱতীয়েই বিশ্বাস কৰে যে কোনো লক্ষণ প্ৰকাশ নোপোৱাৰ অৰ্থই হ’ল শৰীৰত কোনো সমস্যা নাই। বহুতে আকৌ ভাবে যে যিহেতু তেওঁলোকে নিয়মীয়াকৈ ব্যায়াম কৰে আৰু ওজনো সঠিক হৈ আছে, গতিকে তেওঁলোকৰ ৰক্তচাপো স্বাভাৱিক হৈ থাকিবই। আনকি একাংশ লোকে এনেকুৱাও ভাবে যে এবাৰ ৰক্তচাপৰ ঔষধ খাবলৈ আৰম্ভ কৰিলে তাক কেতিয়াও বন্ধ কৰিব নোৱাৰি।” তেওঁ লগতে ব্যাখ্যা কৰি কয়, “প্ৰকৃততে প্ৰাৰম্ভিক পৰ্যায়ৰ উচ্চ ৰক্তচাপত আক্ৰান্ত বহু যুৱ ৰোগীয়ে কেৱল নিয়মীয়া জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে ৰক্তচাপ স্বাভাৱিক কৰিব পাৰে। ইয়াৰ বাবে আজীৱন ঔষধ খোৱাৰো প্ৰয়োজন নহয়। কিন্তু এইয়া কেৱল তেতিয়াহে সম্ভৱ, যদিহে ৰোগটো অতি সোনকালে ধৰা পৰে। সেইবাবেই ১৮ বছৰ বয়সৰ পৰাই নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী।”

পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে এই সন্দৰ্ভত কয় যে বৰ্তমানৰ চিকিৎসালয়সমূহে কেৱল ৰোগৰ চিকিৎসা কৰাতে সীমাবদ্ধ নাথাকি তাক প্ৰতিৰোধ কৰাৰ বাবেও সক্ৰিয় হোৱাৰ প্ৰয়োজন আছে। তেওঁ কয়, “উচ্চ ৰক্তচাপ হৈছে বৰ্তমান সময়ৰ আটাইতকৈ সহজতে প্ৰতিৰোধ কৰিব পৰা অথচ আটাইতকৈ অৱহেলিত এক স্বাস্থ্যৰ সংকট। মাত্ৰ দুই মিনিটৰ এটা সাধাৰণ স্বাস্থ্য পৰীক্ষাই বহু দশক ধৰি হ’ব পৰা শাৰীৰিক জটিলতা ৰোধ কৰিব পাৰে। স্বাস্থ্য সেৱাখণ্ডই কেৱল চিকিৎসাৰ ওপৰত গুৰুত্ব নিদি বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ৰোগৰ আগতীয়া চিনাক্তকৰণৰ দিশটোকো সক্ৰিয়ভাৱে আগুৱাই নিব লাগিব।”

প্ৰণিধানযোগ্য যে, পিয়াৰলেছ হাস্পতাল গুৱাহাটীকে ধৰি বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানসমূহত ৰক্তচাপ পৰীক্ষাৰ সুবিধা সহজলভ্য যদিও বৰ্তমানো ইয়াৰ ব্যৱহাৰ আশানুৰূপ হোৱা নাই। উচ্চ ৰক্তচাপ সোনকালে ধৰা পেলোৱাটোৱেই হৈছে গুৰুতৰ স্বাস্থ্য জটিলতা প্ৰতিৰোধ কৰাৰ আটাইতকৈ সহজ আৰু সুলভ উপায়। ইয়াৰ জৰিয়তে হৃদৰোগ আৰু ষ্ট্ৰোকৰ দৰে ব্যয়বহুল চিকিৎসাৰ পৰা পৰিয়ালসমূহক ৰক্ষা কৰিব পৰা যায়। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) এক হিচাপ অনুসৰি, উচ্চ ৰক্তচাপ পৰীক্ষাৰ নামত বিনিয়োগ কৰা মাত্ৰ এটকাই পৰৱৰ্তী সময়ত হৃদৰোগ আৰু ষ্ট্ৰোকৰ চিকিৎসাৰ নামত খৰচ হ’বলগীয়া প্ৰায় আঠ টকা ৰাহি কৰিব পাৰে।

চিকিৎসা খণ্ডৰ ধাৰা বৰ্তমান ৰোগৰ চিকিৎসাৰ পৰা প্ৰতিৰোধৰ দিশলৈ ক্ৰমান্বয়ে ধাবিত হৈছে। এনে সময়তে পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানসমূহে কেৱল চিকিৎসা কেন্দ্ৰৰ পৰিৱৰ্তে জনসাধাৰণৰ এক দীর্ঘম্যাদী স্বাস্থ্য সহযোগী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। যুৱ প্ৰজন্মৰ মাজত উচ্চ ৰক্তচাপ সোনকালে ধৰা পৰিলে এক বিৰল সুবিধা লাভ কৰিব পাৰি। কোনো লক্ষণ প্ৰকাশ পোৱাৰ পূৰ্বেই ইয়াৰ জৰিয়তে গোটেই জীৱন ধৰি হ’ব পৰা শাৰীৰিক অক্ষমতা প্ৰতিৰোধ কৰাৰ শক্তি লাভ কৰাটো সম্ভৱ হৈ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here