চনু সুদে মহানগৰীত মুকলি কৰিব মালাবাৰ গ'ল্ড এণ্ড ডায়মণ্ডছৰ প্ৰথমটো শ্ব'ৰুম* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 15 May 2026

চনু সুদে মহানগৰীত মুকলি কৰিব মালাবাৰ গ'ল্ড এণ্ড ডায়মণ্ডছৰ প্ৰথমটো শ্ব'ৰুম*



*

W7s news,,গুৱাহাটী, ১৪ মে’: মালাবাৰ গ'ল্ড এণ্ড ডায়মণ্ডছে  অসমত নিজৰ প্ৰথম ফ্লেগশ্বিপ শ্ব’ৰুম মুকলিৰ ঘোষণা কৰিছে। জিএছ ৰোডৰ গণেশগুৰিত অৱস্থিত ৮,০০০ বৰ্গফুটৰ এই শ্ব’ৰুমটো ১৬ মে’ত বলিউড অভিনেতা চনু সুদে উদ্বোধন কৰিব।


নতুন শ্ব’ৰুমত সোণ, হীৰা, প্লেটিনাম, ৰূপ আৰু ৰত্নৰ বিস্তৃত সংগ্ৰহ উপলব্ধ থাকিব। ইয়াত পৰম্পৰাগত আৰু আধুনিক দুয়ো ধৰণৰ গহনাৰ বিশেষ সংগ্ৰহ থাকিব। উদ্বোধনী উপলক্ষে গ্ৰাহকসকলে পুৰণি সোণৰ বিনিময়ত তৎক্ষণাত কেছবেক আৰু ৪.৯ শতাংশৰ পৰা আৰম্ভ হোৱা মেকিং চাৰ্জৰ সুবিধাও লাভ কৰিব।


ইষ্ট ৰিজিয়নৰ বিজনেছ হে'ড আমিৰ ৰাউটে কয় যে অসমৰ সৈতে সোণৰ এক গভীৰ সাংস্কৃতিক সম্পৰ্ক আছে আৰু গুৱাহাটী সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ। তেওঁ কয়, এই শ্ব’ৰুমৰ জৰিয়তে গ্ৰাহকসকলক বিশ্বমানৰ ডিজাইন, স্বচ্ছ লেনদেন আৰু বিশ্বাসযোগ্য সেৱা আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে।


আধুনিক আভ্যন্তৰীণ সজ্জা আৰু দক্ষ জুৱেলাৰী পৰামৰ্শদাতাৰে সজ্জিত এই শ্ব’ৰুমে গ্ৰাহকসকলক এক উন্নত আৰু আৰামদায়ক কিনাবেচাৰ অভিজ্ঞতা প্ৰদান কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here