গোপাল দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত ব’হাগী উৎসৱ ২০২৬ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 11 May 2026

গোপাল দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত ব’হাগী উৎসৱ ২০২৬





W7s news গুৱাহাটী::

গোপাল দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটী, ছাত্ৰীবাৰী গোলাপ দাস মেনচনত দেওবাৰে প্ৰথম বাৰ্ষিক ব’হাগী উৎসৱ ২০২৬ অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মধ্য গুৱাহাটী শাখা সাহিত্য সভাৰ সম্পাদক কলম চন্দ্ৰ লহকৰে বিহুৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে৷ বিয়লি মধ্য গুৱাহাটী শাখা সাহিত্য সভাৰ সদস্যসকলে এটি সমবেত সংগীতেৰে সাংস্কৃতিক কাৰ্যসূচীৰ সূচনা কৰে৷ মুকলি বিহু উদ্বোধন কৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে৷ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে গোপাল দাস স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক অনিল ডেকাই৷ বিহুৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ সচিব স্বৰ্গজ্যোতি চেতিয়া, সিমান্ত চেতনা মঞ্চৰ অভিনাষ মহন্ত উপস্থিত থকৰি উপৰিও মধ্য গুৱাহাটী শাখা সভাৰ সম্পাদক কমল চন্দ্ৰ লহকৰ, জেউতি লহকৰ, অপূৰ্ব দাস, প্ৰতিমা দেৱী, ৰঞ্জনা দাস, নয়ন দাস, মুনীন্দ্ৰ লহকৰ, সীমা দে, চবিনী দাস, শুভ্ৰজ্যোতি সৰকাৰ, মিঠু দাস, পল্লৱী দাস, বুলু দাস, নীৰা দাস প্ৰতিমা দেৱী গোস্বামী আদি৷ লেখক-কবি-সাংস্কৃতিক কৰ্মী অনিল ডেকা আৰু বাবুল ৰাজবংশীয়ে আঁত ধৰা নিশাৰ সাংস্কৃতিক কাৰ্যসূচীত লখিমপুৰৰ নাহৰ ছোৱালী হুঁচৰি দল, গণেশপাৰা ৰাংঢালি জেং বিহু দল, বীণাপানি সাংস্কৃতিক বিদ্যালয় দুৰ্গা সৰোবৰ শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান, জনপ্ৰিয় কণ্ঠশিলী বৈশালী কাশ্যপ, ৰাকেশ শৰ্মা, অংকিতা ৰাগিনী আৰু জ্যেষ্ঠ কণ্ঠশিল্পী তুলিকা লহকৰে মঞ্চত গীত পৰিৱেশন কৰে লগত জনপ্ৰিয় কৌতুক গোষ্ঠী ‘বেছি কৰে’ৰ উদয় শংকৰ ভূঞাই হাঁহি-ধেমালিৰ মাজেৰে বিহু মঞ্চ ৰজনজনাই তোলে৷ শিশু শিল্পী সিদ্ধাৰ্থ শৰ্মাই বিহু নৃত্যৰ লগতে জুবিন ওপৰত লিখা কবিতা পাঠ কৰে ৷‘ অনুষ্ঠানত অঞ্চলটোৰ ভালেমান বয়োজ্যেষ্ঠ আৰু উদ্যমী যুৱ প্ৰজন্মক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানৰ শেষত বিহু উৎসৱৰ সফল সমাপ্তিত সহায়-সহযোগিতা কৰা সকলো ৰাইজলৈ শলাগৰ শৰাই যাচে গোপাল দাস স্মৃতিৰক্ষা সমিতিৰ সহকাৰী সম্পাদক বাবুল ৰাজবংশীয়ে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here