গ্ৰুপটোৰ কাৰ্যপ্ৰণালী, প্ৰশিক্ষণমূলক কাৰ্যসূচী আৰু সামগ্ৰিক প্ৰদৰ্শনৰ পৰ্যালোচনা
W7s news,,গুৱাহাটী, ১১ মে’ঃএনচিচিৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বীৰেন্দ্ৰ বৎস, ৱাই এছ এম, এছ এম, ভি এছ এম সোমবাৰে এন চি চি গুৱাহাটী গ্ৰুপত উপস্থিত হৈ গ্ৰুপৰ কাম-কাজ, প্ৰশিক্ষণৰ কাম-কাজ আৰু সামগ্ৰিক প্ৰদৰ্শনৰ পৰ্যালোচনা কৰে। মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি গ্ৰুপটোৰ সামগ্ৰিক কাৰ্যপ্ৰণালী, প্ৰশিক্ষণমূলক কাৰ্যসূচী আৰু সামগ্ৰিক প্ৰদৰ্শনৰ পৰ্যালোচনা কৰে। তেওঁৰ সৈতে এই পৰিদৰ্শনত এনচিচি এনইআৰ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এডীজি) মেজৰ জেনেৰেল অনুৰাগ বিজ লগতে গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্রিগেডিয়াৰ এন চি খুমান উপস্থিত আছিল। তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলত গ্ৰুপটোৱে ৰূপায়ণ কৰি অহা বিভিন্ন প্ৰশিক্ষণমূলক কাৰ্যসূচী, সামাজিক সেৱা, সমাজ উন্নয়নমূলক পদক্ষেপ আৰু এডভেঞ্চাৰ কাৰ্যকলাপসমূহৰ বিষয়ে সঞ্চালক প্ৰধানগৰাকীক বিস্তৃতভাৱে অৱগত কৰে। লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিবিৰ, যুৱ বিনিময় কাৰ্যসূচী আৰু যুৱ সমাজৰ মাজত শৃংখলা, নেতৃত্ববোধ আৰু জাতীয় সংহতি গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপত এনচিচি কেডেটসকলৰ সাফল্যৰ বিষয়েও আলোকপাত কৰা হয়।
লেফটেনেণ্ট জেনেৰেল বীৰেন্দ্ৰ বৎসে গুৱাহাটী গ্ৰুপৰ অধীনস্থ বিভিন্ন এনচিচি ইউনিটৰ কমাণ্ডিং অফিচাৰ (COs) আৰু অফিচাৰছ-ইন-চাৰ্জ (OICs)-সকলৰ সৈতে মত বিনিময় কৰে। তেওঁ এনচিচিৰ অধিক বিস্তাৰ, সকলো স্তৰৰ যুৱক-যুৱতীক সামৰি অন্তৰ্ভুক্তিমূলক ব্যৱস্থা নিশ্চিত কৰা, কাৰ্যসূচীৰ পৰিসৰ বৃদ্ধি কৰা আৰু চাইবাৰ শিক্ষা তথা ড্ৰোন প্ৰশিক্ষণৰ দৰে ভৱিষ্যতমুখী পাঠ্যসূচী অন্তৰ্ভুক্ত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
ইয়াৰ উপৰিও তেওঁ এনচিচি কেডেটসকলৰ সৈতেও মত বিনিময় কৰি একতা, শৃংখলা আৰু দেশৰ প্ৰতি নিঃস্বাৰ্থ সেৱাৰ মূল আদৰ্শ অক্ষুণ্ণ ৰাখি জীৱনৰ সকলো ক্ষেত্ৰতে উৎকৰ্ষ সাধনৰ বাবে সদায় আগবাঢ়ি যাবলৈ উৎসাহিত কৰে।
সঞ্চালক প্ৰধানগৰাকীয়ে গুৱাহাটী গ্ৰুপৰ বিষয়াসকল, এএনও, পিআই কৰ্মচাৰী আৰু কেডেটসকলৰ নিষ্ঠা, পেছাদাৰী মনোভাৱ আৰু দায়বদ্ধতাৰ ভূয়সী প্ৰশংসা কৰে। অঞ্চলটোত এনচিচিৰ বিভিন্ন কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গ্ৰুপটোৱে অব্যাহত ৰাখি অহা প্ৰচেষ্টাক তেওঁ সাধুবাদ জনায় আৰু দেশ গঢ়াৰ লক্ষ্যৰে সকলো পদাধিকাৰী আৰু কেডেটক অধিক উৎসাহ, নিষ্ঠা আৰু দায়িত্ববোধেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

No comments:
Post a Comment