ৰাউটলেজৰ দ্বাৰা প্ৰকাশিত শ্বিলং-ভিত্তিক আই এ এছ বিষয়া তথা চিকিৎসকৰ নতুন গ্ৰন্থ; তথ্য, বাস্তৱ, জীৱন আৰু চেতনা সম্পৰ্কে আলোচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 14 May 2026

ৰাউটলেজৰ দ্বাৰা প্ৰকাশিত শ্বিলং-ভিত্তিক আই এ এছ বিষয়া তথা চিকিৎসকৰ নতুন গ্ৰন্থ; তথ্য, বাস্তৱ, জীৱন আৰু চেতনা সম্পৰ্কে আলোচনা


 

W7s news,,শ্বিলং, ১৪ মে’: তথ্য, বাস্তৱ আৰু চেতনা সম্পৰ্কে নতুনকৈ চিন্তাৰ দুৱাৰ মুকলি কৰিছে এখন নতুন গ্ৰন্থই। শ্বিলং-ভিত্তিক আই এ এছ বিষয়া তথা চিকিৎসক ডাঃ জোৰাম বেদাই ৰচনা কৰিছে এই নতুন গ্ৰন্থখন। লক্ষ্যণীয়ভাৱে, এই গ্ৰন্থখনত বিজ্ঞান আৰু দৰ্শনৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰশ্ন- বাস্তৱত তথ্যৰ প্ৰকৃত ভূমিকা কি -সেই বিষয়ক সমসাময়িক চৰ্চাক অধিক প্ৰসাৰিত কৰাৰ চেষ্টা কৰা হৈছে।


বিভিন্ন শাস্ত্ৰৰ গৱেষণা, ধাৰণা আৰু বিশ্লেষণক একেলগে তুলি ধৰিছে এই বিশেষ গ্ৰন্থখনে। জীৱন, মন, চেতনা, জ্ঞানব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা আৰু বাস্তৱৰ বৃহৎ গাঁথনিত তথ্যৰ ভূমিকা এই গ্ৰন্থখনত গভীৰভাৱে আলোচনা কৰা হৈছে। বিজ্ঞান, দৰ্শন, জ্ঞানচৰ্চা আৰু প্ৰযুক্তিৰ সংযোগস্থলত চলি থকা সমসাময়িক আলোচনাতো এই গ্ৰন্থখনে এটা নতুন তথা গুৰুত্বপূৰ্ণ মাত্ৰা যোগ কৰিছে।


উল্লেখ্য যে, প্ৰকাশ পোৱাৰ পিছৰে পৰাই আন্তঃৰাষ্ট্ৰীয় ডিজিটেল প্লেটফৰ্মসমূহত দ্ৰুত পৰিচিতি অৰ্জন কৰিবলৈ আৰম্ভ কৰিছে ডাঃ জোৰাম বেদাৰ এই গ্ৰন্থখনে। শেহতীয়াকৈ এমাজন ইণ্ডিয়াৰ “হট নিউ ৰিলিজ” তালিকাৰ মেটাফিজিক্স শাখাতো গ্ৰন্থখনে দখল কৰিছে শীৰ্ষ স্থান। একে সময়তে এমাজন ইণ্ডিয়াৰ মেটাফিজিক্স বেষ্ট চেলাৰ তালিকাৰ শীৰ্ষ ১০ খন গ্ৰন্থৰ ভিতৰতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই প্ৰকাশনে।


বিশ্বজুৰি জনপ্ৰিয় ই-বুক আৰু অডিঅ'বুক প্লেটফৰ্ম 'ৰাকুটেন কোবো’তো গ্ৰন্থখনে মেটাফিজিক্স শাখাত লাভ কৰিছে উল্লেখনীয় আন্তঃৰাষ্ট্ৰীয় দৃশ্যমানতা। শেহতীয়াকৈ বিভিন্ন দেশৰ ডিজিটেল ষ্ট'ৰত গ্ৰন্থখনৰ অৱস্থান আছিল- পেৰুত ৩ নম্বৰ, কলম্বিয়াত ৮ নম্বৰ, চাইপ্ৰাছ আৰু এষ্টোনিয়াত ১১ নম্বৰ, আৰ্জেণ্টিনাত ১৩ নম্বৰ, ছিলিত ১৫ নম্বৰ, চেক গণৰাজ্যত ১৭ নম্বৰ, ডেনমাৰ্কত ৩৬ নম্বৰ আৰু ফিলিপাইনত ৪১ নম্বৰ। একাধিক দেশৰ ডিজিটেল ষ্ট’ৰত এই উপস্থিতিয়ে গ্ৰন্থখনৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় পৰিচিতি আৰু পাঠকৰ আগ্ৰহৰ এক স্পষ্ট ইংগিত প্ৰদান কৰিছে।


উল্লেখ্য যে, ডাঃ জোৰাম বেদা হৈছে ২০০৮ বেচৰ এগৰাকী আই এ এছ বিষয়া আৰু দেশৰ অন্যতম মৰ্যাদাপূৰ্ণ চিকিৎসা মহাবিদ্যালয় জিপমাৰৰ এগৰাকী প্ৰাক্তন ছাত্ৰ। বৰ্তমান তেওঁ মেঘালয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত তথা সচিব হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here