W7s News গুৱাহাটী: ৰঙালী বিহুৰ প্ৰাক্ ক্ষণত জনপ্ৰিয় কন্ঠশিল্পী পৱিত্ৰ পি কেৰ কন্ঠত নতুন গীত 'মন গলে' ইউটিউবযোগে মুকলি কৰা হয়। এই গীতটোৰ কথা কুমাৰেশ কৌশিকৰ, সুৰ তথা ব্যৱস্থাপনা সাগৰিকা শৰ্মাৰ, মিক্স, মাষ্টাৰিং আৰু সংগীত তপন দাসৰ। গীতটোত বাঁহী সংগত কৰিছে গুনীন শৰ্মাই, চিতাৰ বাদন কৰিছে শুভাংঙ্কৰ হাজৰিকাই আৰু গীতাৰ বাদন কৰিছে তপন দাসে।
'মন গ'লে মোৰ চহৰৰ
ঠিকনাত তুমি আহিবা
প্ৰীতিভৰা দুহাত মেলি'
গীতটোৱে মুক্তিৰ পাছত ইউটিউবযোগে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
উল্লেখ্য, জনপ্ৰিয় কণ্ঠশিল্পী পৱিত্ৰ পি কেৰ ইতিমধ্যে কেইবাটাও গীত মুকলি হৈছে। তেওঁ বিভিন্ন মঞ্চত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি সমাদৃত হৈছে। তদুপৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
No comments:
Post a Comment