উত্তৰ-পূবত বৌদ্ধ সাংস্কৃতিক পৰ্যটন বৃদ্ধিৰ বাবে এবিটিঅ’ৰ সৈতে এনইআইটিচিৰ বুজাবুজি চুক্তি স্বাক্ষৰ; নতুন বিষয়ববীয়াৰ দায়িত্ব গ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 6 April 2026

উত্তৰ-পূবত বৌদ্ধ সাংস্কৃতিক পৰ্যটন বৃদ্ধিৰ বাবে এবিটিঅ’ৰ সৈতে এনইআইটিচিৰ বুজাবুজি চুক্তি স্বাক্ষৰ; নতুন বিষয়ববীয়াৰ দায়িত্ব গ্ৰহণ

 




W7s news গুৱাহাটী : উত্তৰ-পূবৰ বৌদ্ধ সাংস্কৃতিক পৰ্যটনৰ প্ৰসাৰৰ বাবে নৰ্থ ইষ্ট ইণ্ডিয়া টুৰিজিম কনফেডাৰেশ্যন (এনইআইটিচি)-এ সোমবাৰে এছ’চিয়েশ্যন অৱ বুদ্ধিষ্ট ট্যুৰ অপাৰেটৰৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে।


যোৱা মাৰ্চ মাহত অৰুণাচল প্ৰদেশৰ নামচাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলন আৰু পৰিচিতি (এফএএম) ভ্ৰমণৰ সময়ত এই বুজাবুজি চুক্তিক আনুষ্ঠানিকতা প্ৰদান কৰা হৈছিল বুলি সমগ্ৰ অঞ্চলটোৰ পৰ্যটন সংস্থাসমূহক প্ৰতিনিধিত্ব কৰা শীৰ্ষ সংস্থা এনইআইটিচিয়ে উল্লেখ কৰে।


এনইআইটিচিৰ মতে, এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে বিদেশী দৰ্শনাৰ্থীৰ বাবে সুশৃংখলিত তথ্যৰ উপলব্ধতা নিশ্চিতকৰণ তথা ভ্ৰমণ সমন্বয় উন্নত কৰি সমগ্ৰ উত্তৰ-পূবৰ বৌদ্ধ স্থানসমূহলৈ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সুবিধা উন্নীতকৰণ। এই সহযোগিতাই অঞ্চলটোৰ কম পৰিচিত বৌদ্ধ ঐতিহ্যপূৰ্ণ স্থানসমূহৰ চিনাক্তকৰণ আৰু প্ৰচাৰতো সহায় কৰিব বুলি আশা কৰা হৈছে।


গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ভাষণ দি সন্মিলনৰ অধ্যক্ষ চেৰিং ৱাংগেই কয় যে এই পদক্ষেপে পৰম্পৰাগত গন্তব্যস্থানৰ বাহিৰলৈ বৌদ্ধ পৰ্যটনৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰিব।


‘এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীসকলে বৌদ্ধ সাংস্কৃতিক পৰ্যটনৰ বাবে মূলতঃ বোধগয়া বা তিব্বতলৈহে যাত্ৰা কৰিছে। এই সহযোগিতাৰ জৰিয়তে আমি অৰুণাচল প্ৰদেশ, অসমৰ কিছু অংশ আৰু ছিকিমত অৱস্থিত গন্তব্যস্থানসমূহ প্ৰচাৰ কৰাৰ লগতে উত্তৰ-পূবৰ অন্যান্য অঞ্চলসমূহো পৰ্যটনৰ বাবে মুকলি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ।’ৱাংগেই কয়।


বৰ্তমান বিশ্বৰ ২৫খন দেশত এবিটিঅ’ৰ উপস্থিতি আছে, আৰু এই অংশীদাৰিত্বই উত্তৰ-পূবক এক বহল বিশ্বব্যাপী বৌদ্ধ পৰ্যটন বৰ্তনীৰ ভিতৰত স্থান প্ৰদানত সহায় কৰিব বুলি এনইআইটিচিয়ে কয়।


লগতে, এই বুজাবুজি চুক্তিয়ে আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ লগতে একাধিক ৰাজ্যত পৰ্যটনৰ সৈতে জড়িত সুযোগ সৃষ্টি কৰিব বুলিও সংস্থাটোৱে আশা কৰিছে।


এই ঘোষণাৰ সমান্তৰালভাৱে এনইআইটিচিৰ নৱনিৰ্বাচিত প্ৰশাসক পৰিষদৰ আনুষ্ঠানিক দায়িত্ব গ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সমিতিৰো পৰিচিতি ঘটে।


নতুন বিষয়ববীয়াসকল হ’ল-

চেৰিং ৱাংগে – সভাপতি (অৰুণাচল প্ৰদেশ)

এলিনা সতাপথী – উপ-সভাপতি-প্ৰথম (মণিপুৰ)

ঝান্টু ৰায় – উপ- সভাপতি -দ্বিতীয় (ত্ৰিপুৰা)

ইয়াংচেন টংডেন লেপচা – সাধাৰণ সম্পাদক (ছিকিম)

জো আৰ জে থাংগা – যুটীয়া সম্পাদক (মিজোৰাম)

ৰাজকুমাৰ দাস – কোষাধ্যক্ষ (অসম)


সংবাদ মাধ্যমক সম্বোধন কৰি নতুন বিষয়ববীয়াসকলে উত্তৰ-পূব ভাৰতক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়তে এক উৎকৃষ্ট পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে।


এই উন্নয়নসমূহে প্ৰতিষ্ঠানিক নেতৃত্ব শক্তিশালীকৰণ, সহযোগিতামূলক উন্নয়ন আৰু অঞ্চলটোৰ পৰ্যটন খণ্ডৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ দিশত এক সমন্বিত পদক্ষেপ হিচাপে চিহ্নিত কৰে বুলি এনইআইটিচিয়ে কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here