W7s news গুৱাহাটী : প্ৰাক-ৰঙালী বিহুৰ উলাহৰ মাজতে পূৰবী ডেইৰীয়ে অতিক্ৰম কৰিছে ব্যৱসায়িক সফলতাৰ এক বিশেষ মাইলৰ খুঁটি। শনিবাৰে পূৰবী ডেইৰী চৌহদত আয়োজিত প্ৰাক-ৰঙালী বিহুৰ অনুষ্ঠানৰ ক্ষণত সমবায় প্ৰতিষ্ঠানটোৱে ঘোষণা কৰা মতে, ২০২৫-২৬ বিত্তীয় বৰ্ষত ৪০০ কোটি টকাৰ বাৰ্ষিক টাৰ্ণঅ'ভাৰ লাভ কৰিছে প্ৰতিষ্ঠানটোৱে। কৰ্মচাৰী আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই আনন্দৰ খবৰ আনুষ্ঠানিকভাৱে সদৰী কৰে পূৰবী ডেইৰী কৰ্তৃপক্ষই।
অসমৰ চুকে-কোণে থকা ৫৮,০০০ তকৈও অধিক দুগ্ধ পালকৰ এক শক্তিশালী নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰিয়েই সমবায়টোৰ এই সম্প্ৰসাৰণ অব্যাহত আছে। বৰ্তমান দৈনিক গড় গাখীৰ সংগ্ৰহৰ পৰিমাণ ১.৬ লাখ লিটাৰলৈ বৃদ্ধি পাইছে আৰু সৰ্বাধিক সংগ্ৰহৰ পৰিমাণে দৈনিক ২ লাখ লিটাৰৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ দ্বাৰা গ্ৰাম্য দুগ্ধ অৰ্থনীতি অধিক সৱল হোৱাৰ লগতে কৃষকৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ দিশটো স্পষ্ট হৈ পৰিছে।
ব্যৱসায়িক বিকাশৰ সৈতে সংগতি ৰাখি চলিত বিত্তীয় বৰ্ষত পূৰবী ডেইৰীয়ে গঠন কৰিছে ৯০০ তকৈও অধিক নতুন দুগ্ধ সমবায় সমিতি (ডিচিএছ)। ইয়াৰ ফলত পূৰবী নেটৱৰ্কৰ অধীনত থকা মুঠ সমিতিৰ সংখ্যা এতিয়া ১,৬০০ অতিক্ৰম কৰিছে। গাখীৰ সংগ্ৰহ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰা আৰু গুণগত মান অক্ষুণ্ণ ৰখাৰ বাবে স্থাপন কৰা হৈছে ১১ টা নতুন বাল্ক মিল্ক কুলিং চেণ্টাৰ (বিএমচি)। ইয়াৰ জৰিয়তে ৫৯ টালৈ বৃদ্ধি পাইছে এনে সুবিধা থকা কেন্দ্ৰৰ মুঠ সংখ্যা।
লক্ষ্যণীয়ভাৱে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ৩০৬ কোটি টকাৰ ব্যৱসায় কৰা পূৰবী ডেইৰীয়ে এইবাৰ ৩৩ শতাংশ টাৰ্ণঅ'ভাৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গাখীৰৰ লগতে অন্যান্য দুগ্ধজাত সামগ্ৰীৰ বিক্ৰী বৃদ্ধি আৰু নতুন বজাৰ দখল কৰাৰ ফলতে এই আশাব্যঞ্জক সফলতা লাভ কৰিছে প্ৰতিষ্ঠানটোৱে।
পূৰবীৰ সামগ্ৰীসমূহ বিপণন কৰা নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডে (এনইডিএফএল) সামগ্ৰীৰ পৰিমাণত (গাখীৰৰ সমতুল্য ভিত্তিত) ৪৮ শতাংশ বিকাশ পঞ্জীয়ন কৰিছে। আনহাতে পেকেট গাখীৰৰ বিক্ৰীও ১০ শতাংশলৈ বৃদ্ধি পাইছে।
মূল্য সংযোজিত সামগ্ৰীসমূহে এই যাত্ৰাত প্ৰদান কৰিছে বিশেষ গতি। ১ কেজিৰ পেকেট দৈ আৰু মিঠা দৈৰ দৰে নতুন সামগ্ৰীৰ আগমনে দৈৰ বিক্ৰীত ৪৯ শতাংশৰ এক অভিলেখ বৃদ্ধি নিশ্চিত কৰিছে। ইয়াৰ উপৰিও পনীৰত ৪৮ শতাংশ আৰু ঘিউৰ বিক্ৰীত ৩৭ শতাংশ বৃদ্ধি দেখা গৈছে। আনহাতে ক্ৰীমৰ বিক্ৰী ১২ শতাংশ আৰু লাচিৰ চাহিদাই লাভ কৰিছে ৯ শতাংশ বৃদ্ধি।
আইচক্ৰীম, ফ্লেভাৰড মিল্ক আৰু পূৰবী স্মাৰ্ট ইউএইচটি টেট্ৰা পেক গাখীৰৰ দৰে নতুন শ্ৰেণীৰ সামগ্ৰীৰ সংযোজনে পূৰবীৰ তালিকাক কৰি তুলিছে অধিক শক্তিশালী। এই নতুন সামগ্ৰীসমূহৰ জনপ্ৰিয়তাই সামগ্ৰিক বৃদ্ধিতো এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে।
ইফালে, ভৌগোলিক দিশৰ পৰা পূৰবীয়ে বৰাক উপত্যকাৰ দৰে নতুন বজাৰলৈ নিজৰ কাৰ্যকলাপ সম্প্ৰসাৰিত কৰিছে। ইয়াৰ সমান্তৰালভাৱে উজনি অসমতো প্ৰতিষ্ঠানটোৰ উপস্থিতি অধিক সৱল হোৱা পৰিলক্ষিত হৈছে। শিলচৰত দৈনিক ২০,০০০ লিটাৰ ক্ষমতা সম্পন্ন এটা নতুন দুগ্ধ সংসাধন প্ৰকল্প উদ্বোধন কৰাৰ ফলত অঞ্চলটোৰ যোগান শৃংখলাই লাভ কৰিছে এক নতুন মাত্ৰা।
পূৰবী ডেইৰীয়ে বৰ্তমান তিনিটাকৈ সংসাধন প্ৰকল্প পৰিচালনা কৰি আছে। গুৱাহাটীৰ পাঞ্জাবাৰীত এটা দৈনিক ১.৫ লাখ লিটাৰ ক্ষমতাৰ প্ৰকল্প থকাৰ বিপৰীতে ধেমাজিত ১০,০০০ লিটাৰ আৰু শিলচৰত দৈনিক ২০,০০০ লিটাৰ ক্ষমতাৰ আন দুটা প্ৰকল্পই বৰ্তমান দুগ্ধ উৎপাদন অব্যাহত ৰাখিছে।
ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদাই কয়, "পূৰবী ডেইৰীৰ চলিত বৰ্ষৰ এই সফলতাই আমাৰ সমবায় আৰ্হিৰ শক্তি আৰু এই যাত্ৰাৰ অংশীদাৰ হোৱা ৫৮,০০০ তকৈও অধিক কৃষকৰ বিশ্বাসকে প্ৰতিফলিত কৰিছে। অসমত নতুনৰ আৰম্ভণি আৰু সমৃদ্ধিৰ প্ৰতীক ৰঙালী বিহু উদযাপনৰ এই ক্ষণত লাভ কৰা এই সফলতাই কৃষকৰ বাবে বহনক্ষম জীৱিকা নিশ্চিত কৰাৰ লগতে গ্ৰাহকক গুণগত মানৰ দুগ্ধ সামগ্ৰী যোগান ধৰাৰ আমাৰ প্ৰতিশ্ৰুতিক অধিক দৃঢ় কৰিছে।"
ইফালে, বজাৰৰ বিকাশ আৰু গ্ৰাহকৰ পছন্দৰ সন্দৰ্ভত নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডৰ (এনইডিএফএল) পৰিচালন সঞ্চালক সত্যব্ৰত বসুৱে কয়, "মূল্য সংযোজিত সামগ্ৰী আৰু নতুন শ্ৰেণীসমূহৰ শক্তিশালী প্ৰদৰ্শনে গ্ৰাহকৰ পৰিৱৰ্তিত চাহিদা আৰু পূৰবীৰ উদ্ভাৱনী দক্ষতাকে প্ৰতিফলিত কৰিছে। আমাৰ লক্ষ্য হৈছে বজাৰৰ পৰিসৰ বৃদ্ধি কৰা, বিতৰণ ব্যৱস্থা শক্তিশালী কৰা আৰু সমগ্ৰ অঞ্চলটোত এক শক্তিশালী দুগ্ধ মূল্য শৃংখলা গঢ়ি তোলা। যোৱা বিত্তীয় বৰ্ষত পূৰবী সমবায় সংঘসমূহে অসমৰ কৃষকসকলক গড়ে মাহিলী প্ৰায় ২৫ কোটি টকাকৈ বিতৰণ কৰিছে, যিটো আমাৰ বাবে এক অত্যন্ত উৎসাহজনক দিশ।"
ভৱিষ্যতৰ পৰিকল্পনাৰ অংশ হিচাপে 'পূৰবী' ব্ৰেণ্ডৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে বৰ্তমান কেইবাখনো আঁচনি ৰূপায়ণ কৰা হৈছে। ইয়াৰ ভিতৰত পাঞ্জাবাৰীৰ প্ৰকল্পটো দৈনিক ৩ লাখ লিটাৰ ক্ষমতালৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। ইয়াৰ উপৰিও চলিত বৰ্ষৰ মাৰ্চ মাহত যোৰহাট আৰু ডিব্ৰুগড়ত দৈনিক ১ লাখ লিটাৰকৈ আৰু ধেমাজিত ৫০,০০০ লিটাৰ ক্ষমতাৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে।
এই প্ৰকল্পসমূহ কাৰ্যক্ষম হোৱাৰ পাছত সমগ্ৰ অসমৰ দুগ্ধ মূল্য শৃংখলা অধিক সৱল হৈ উঠিব বুলি আশা প্ৰকাশ কৰে পূৰবী ডেইৰীয়ে। লগতে অসম দুগ্ধ উন্নয়ন আঁচনিৰ অধীনত দৈনিক ১০ লাখ লিটাৰ গাখীৰ সংগ্ৰহৰ যি লক্ষ্য ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে, তাক সফল কৰাত বিশেষ অৰিহণা যোগাব এই উদ্যোগসমূহে।
কৃষকৰ বাবে সুস্থিৰ উপাৰ্জন নিশ্চিত কৰা আৰু সমবায় দুগ্ধ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বৃহৎ লক্ষ্যৰে ধাৰাবাহিকভাৱে কাম কৰি গৈছে পূৰবীয়ে। প্ৰতিষ্ঠানটোৰ এই পদক্ষেপে গ্ৰাম্য অৰ্থনীতিৰ লগতে এখন স্বাস্থ্যকৰ সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
No comments:
Post a Comment