পূব-গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 4 April 2026

পূব-গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা

 


'W7s news গুৱাহাটী: বিগত বছৰবোৰৰ দৰে অসমৰ ঐতিহ্যমণ্ডিতh পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬৫

সংখ্যক সমাৰোহ  ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্রিললৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত উদ্ যাপন কৰা হ'ব। এই সমাৰোহৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পূব-গুৱাহাটী বিহু সম্মিলনৰ উদ্যোগত আৰু ষ্টাইল বজাৰৰ সহযোগত  ৩০ মার্চৰ পৰা ১০ এপ্রিললৈ আবেলি ৪ বজাৰ পৰা সমাৰোহৰ বাকৰিত বিহু নাচৰ লগতে ঢোল বাদনৰ কৰ্মশালাৰ অনুষ্ঠিত হৈ আছে। উক্ত কর্মশালাত ভাৰত কলা ৰত্ন বঁটা প্রাপক, অসম বিহুৱতী তথা বিহু সম্রাজ্ঞী ড্রীমলী গগৈৰ লগতে অভিজ্ঞ দহজনীয়া প্রশিক্ষকৰ তত্বাৱধানত প্রকৃত বিহু প্রশিক্ষণ দি প্রশিক্ষার্থীসকলক এক মানদণ্ড প্রদান কৰাৰ লগতে উপকৃত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। শনিবাৰে কৰ্মশালাস্থলীত অভিনেত্ৰী নিশিতা গোস্বামী, প্ৰিয়ম পল্লৱী আদি উপস্থিত থাকে। কৰ্মশালাত সম্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক  সীমান্ত ঠাকুৰীয়া আদি উপস্থিত থাকে। উল্লেখ‍্য, এই কৰ্মশালাত ৫ শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here