এল গোপাল জুৱেলাৰ্ছ (কুবেৰ এ চি মাৰ্কেট)ৰ ভাৰতৰ সৰ্বাধিক পছন্দৰ খুচুৰা বিক্ৰেতাৰ সন্মান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 12 April 2026

এল গোপাল জুৱেলাৰ্ছ (কুবেৰ এ চি মাৰ্কেট)ৰ ভাৰতৰ সৰ্বাধিক পছন্দৰ খুচুৰা বিক্ৰেতাৰ সন্মান


  



W7s news,,গুৱাহাটী, ১২ এপ্ৰিল।ফেন্সি বজাৰৰ হেম বৰুৱা ৰোডৰ কুবেৰ এ চি মাৰ্কেটত অৱস্থিত এল গোপাল জুৱেলাৰ্ছ (শংকৰলাল ছোনীৰ এটা ইউনিট)ক শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত এক বৰ্ণিল অনুষ্ঠানত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। অসমৰ পৰা এল গোপাল জুৱেলাৰ্ছক ভাৰতৰ সৰ্বাধিক পছন্দৰ খুচুৰা বিক্ৰেতা হিচাপে সন্মানিত কৰা হয়। মুম্বাইৰ বি কে চিৰ জিঅ’ কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত ইণ্ডিয়া জেমছ এণ্ড জুৱেলাৰী শ্ব’ৰ সময়ত অল ইণ্ডিয়া জেম এণ্ড জুৱেলাৰী ডমেষ্টিক কাউন্সিলে এই বঁটা প্ৰদান কৰে। এই বঁটা প্ৰদান কৰে আইডিপি জেম’লজিকেল ৱৰ্ল্ডৱাইডৰ প্ৰতিষ্ঠাপক গৌৰৱ এছ ইছাৰে। এল গোপাল জুৱেলাৰ্ছৰ মুৰব্বী গকুল ছোনীৰ পুত্ৰ প্ৰতীক ছোনীয়ে এই সন্মানীয় বঁটা লাভ কৰে। গোকুল ছোনীয়ে কয় যে কুবেৰ এ চি মাৰ্কেটত অৱস্থিত এল গোপাল জুৱেলাৰ্ছে বিগত পাঁচ দশক ধৰি গহনা ব্যৱসায়ত জড়িত হৈ আছে। গ্ৰাহকৰ প্ৰবল চাহিদাৰ বাবে শীঘ্ৰেই এল গোপাল জুৱেলাৰ্ছে ব্যৱসায় সম্প্ৰসাৰণ কৰিব। গোপাল জুৱেলাৰ্ছে ফেন্সি বজাৰৰ জেইল ৰোডলৈ অতি শীঘ্ৰেই "স্বৰ্ণবেদ জুৱেলছ" নামৰ এটা দা ডাঙৰ শ্ব'ৰুম খুলি আছে, য'ত সোণ, হীৰা আৰু ৰূপৰ সৈতে জড়িত সকলো সামগ্ৰী একেখন চালিৰ তলত উপলব্ধ হ'ব। তেওঁ কয় যে এল গোপাল জুৱেলাৰ্ছ গহনাসমূহৰ কলাত্মক আৰু উদ্ভাৱনীমূলক ডিজাইনৰ বাবে গ্ৰাহকৰ মাজত অতি জনপ্ৰিয়। তেওঁ ইয়াৰ সন্মানীয় গ্ৰাহকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে, যাৰ আস্থাৰ ফলত আজি মুম্বাইত এল গোপাল জুৱেলাৰ্ছক এই সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here