W7s news গুৱাহাটী: পূব-গুৱাহাটী বিহু সম্মিলনৰ ৬৫ সংখ্যক সমাৰোহৰ লাইখুঁটা স্থাপন কার্যসূচী দেওবাৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'ব। পূব-গুৱাহাটী বিহু সম্মিলনৰ উপদেষ্টা তথা আজীবন সদস্যা ড" অৰুণিমা বৰুৱাই লাইখুঁটা স্থাপন কৰি ৬৫ সংখ্যক সমাৰোহখনিৰ শুভাৰম্ভ কৰে। তেওঁ লগতে এই সন্মিলনৰ সফলতা কামনা কৰে।
৬৫ সংখ্যক সমাৰোহৰ সভাপতি বিপুল তালুকদাৰে সভাপতিত্ব কৰা সভাখনত সমাৰোহৰ প্ৰধান উপদেষ্টা সঞ্জীৱ কুমাৰ লহকৰ, ৰঞ্জন বৰা, কাৰ্যকৰী সভাপতি নৱ কুমাৰ মজুমদাৰ, পল্লৱ বৰা, গোবিন্দ শর্মা,
সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াৰ লগতেপূব-গুৱাহাটী বিহু সম্মিলনৰ সমূহ পৃষ্ঠপোষকমণ্ডলী, প্রধান উপদেষ্টামণ্ডলী তথা উপদেষ্টামণ্ডলী, বিষয়ববীয়া, কার্যনির্বাহক সদস্য, আজীৱন তথা সাধাৰণ সদস্যৰ লগতে সমূহ শুভাকাংক্ষী ৰাইজক উপস্থিত থাকে।
এই উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
No comments:
Post a Comment