সময় আৰু পদকৰ প্ৰতিযোগিতা নহয়; গুৱাহাটীৰ 'জুনিয়ৰ চাৰ্কিটত' অবষ্টেকল ৰেচৰ এক অনন্য অভিজ্ঞতা বুটলিলে শিশুসকলে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 29 March 2026

সময় আৰু পদকৰ প্ৰতিযোগিতা নহয়; গুৱাহাটীৰ 'জুনিয়ৰ চাৰ্কিটত' অবষ্টেকল ৰেচৰ এক অনন্য অভিজ্ঞতা বুটলিলে শিশুসকলে

 


৫০০ৰো অধিক অংশগ্ৰহণকাৰীৰ উছাহজনক সমাগম, বিজয়ৰ মঞ্চতকৈ অংশগ্ৰহণৰ আনন্দতে গুৰুত্ব দিলে মহানগমৰীৰ প্ৰথমটো শিশুৰ বিশেষ দৌৰে


W7s news গুৱাহাটীঃ: পৰম্পৰাগত প্ৰতিযোগিতাৰ গতানুগতিক ধাৰা পৰিহাৰ কৰি গুৱাহাটীত দেওবাৰে অনুষ্ঠিত হয় শিশুসকলৰ বাবে এক বিশেষ অবষ্টেকল ৰেচ। আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘জুনিয়ৰ চাৰ্কিট’ নামৰ এই ব্যতিক্ৰমী অনুষ্ঠানটোত শিশু আৰু অভিভাৱকৰ এক উছাহজনক অংশগ্ৰহণ পৰিলক্ষিত হয়।


কালচাৰ ক্লাব - প্ৰি-স্কুলৰ উদ্যোগত আৰু হাউচ অফ প্লে’ৰ সহযোগত আয়োজিত এই দৌৰত ৩ বছৰৰ পৰা ১৫ বছৰ বয়সৰ শিশুসকলে অংশগ্ৰহণ কৰে। কোনো সময়ৰ সীমা বা স্থানৰ প্ৰতিযোগিতা নোহোৱাকৈ অনুষ্ঠিত এই কাৰ্যসূচীত মূলতঃ অংশগ্ৰহণ, শাৰীৰিক সক্ৰিয়তা আৰু অভিভাৱক-সন্তানৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয়।


উল্লেখ্য যে, প্ৰথমটো সংস্কৰণতে প্ৰায় ২৫০গৰাকী শিশু আৰু ৩০০গৰাকী অভিভাৱকৰ সক্ৰিয় অংশগ্ৰহণেৰে প্ৰায় ৫০০ লোকৰ সমাগমেৰে গুৱাহাটীত এক বিশেষ উৎসাহ পৰিলক্ষিত হয়। এই আয়োজনৰ জৰিয়তে স্পষ্ট হৈ পৰে পৰিয়ালকেন্দ্ৰিক বহিঃক্ৰীড়াৰ প্ৰতি মহানগৰবাসীৰ থকা তীব্ৰ আগ্ৰহ আৰু সহমত। আয়োজনৰ প্ৰথমটো সংস্কৰণতে ঘটা এই বৃহৎ সমাগমে এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠানৰ প্ৰয়োজনীয়তা আৰু জনপ্ৰিয়তাও পুনৰ প্ৰমাণ কৰিছে।


প্ৰায় ১ কিলোমিটাৰ জোৰা এই বিশেষ ট্ৰেকটোত স্থাপন কৰা হৈছিল ক্ৰলিং টানেল, বেলেঞ্চ বিম আৰু কাৰ্গো নেটকে ধৰি ১৫ টাকৈ বিশেষ অবষ্টেকল। অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ আছিল অভিভাৱকসকলৰ সক্ৰিয় অংশগ্ৰহণ। কেৱল দৰ্শকৰূপে অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে নিজৰ সন্তানৰ সৈতে অভিভাৱক সকলৰ উপস্থিতিয়ে সমগ্ৰ দৌৰটোক এক উল্লাসপূৰ্ণ আৰু সজীৱ অভিজ্ঞতালৈ ৰূপান্তৰিত কৰে।


এই বিশেষ আয়োজন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কালচাৰ ক্লাব - প্ৰি-স্কুলৰ প্ৰতিষ্ঠাপক নিখিল মোজিকাই কয় যে শিশুসকলৰ এনে সঁহাৰিয়ে অৰ্থপূৰ্ণ বহিঃক্ৰীড়াৰ বৰ্ধিত চাহিদাকে প্ৰতিফলিত কৰিছে। তেওঁ কয়, "বাস্তৱ জীৱনৰ প্ৰত্যাহ্বানৰ মাজত শিশুৰ আত্মবিশ্বাস, ধৈৰ্য আৰু আনন্দ বৃদ্ধি কৰাৰ লক্ষ্যৰেই জুনিয়ৰ চাৰ্কিটক প্ৰস্তুত কৰা হৈছে। এই আয়োজনত পৰিয়ালসমূহৰ বৃহৎ অংশগ্ৰহণৰ পৰা এই কথাই স্পষ্ট হৈ পৰিছে যে তেওঁলোকে এনে এক মঞ্চক কিমান গুৰুত্ব প্ৰদান কৰে।"


লক্ষ্যণীয়ভাৱে, এই আয়োজনৰ জৰিয়তে আয়োজকসকলে শিশুসকলৰ মাজত বৃদ্ধি পোৱা নিষ্ক্ৰিয় জীৱনশৈলীৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পিত অথচ আমোদজনক বহিঃক্ৰীড়াৰ পুনৰ প্ৰচলনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। একে সময়তে, এই দৌৰ সফলতাৰে সম্পূৰ্ণ কৰা প্ৰতিগৰাকী শিশুক স্বীকৃতি প্ৰদান কৰি তেওঁলোকৰ প্ৰচেষ্টা আৰু অংশগ্ৰহণৰ মানসিকতাক উৎসাহিত কৰা হয়।


উল্লেখ্য যে, প্ৰথমটো সংস্কৰণৰ সফলতাৰ পাছত গুৱাহাটীত এক নতুন আৰু পৰিয়ালকেন্দ্ৰিক বহিঃক্ৰীড়া সংস্কৃতিৰ সূচনা কৰিছে জুনিয়ৰ চাৰ্কিটে। অনাগত সময়ত এই ব্যতিক্ৰমী পদক্ষেপক অধিক ব্যাপক ৰূপত সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here