চলচ্চিত্ৰ, নেতৃত্ব আৰু আঞ্চলিক কণ্ঠঃ নিৰ্বাচনী ৰাজনীতিৰ উৰ্ধত অপৰাজিতা ভূঞা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 16 February 2026

চলচ্চিত্ৰ, নেতৃত্ব আৰু আঞ্চলিক কণ্ঠঃ নিৰ্বাচনী ৰাজনীতিৰ উৰ্ধত অপৰাজিতা ভূঞা


 

W7s news গুৱাহাটী,,অধিবক্তা, ৰাজনীতিবিদ আৰু চলচ্চিত্ৰ প্ৰযোজিকা অপৰাজিতা ভূঞাই সুদীৰ্ঘ দিন ধৰি ৰাজহুৱা জীৱন, সাংগঠনিক নেতৃত্ব আৰু সাংস্কৃতিক সক্ৰিয়তাৰ সৈতে জড়িত হৈ আহিছে। বিজেপি অসমৰ বৰ্তমানৰ উপ-সভানেত্ৰী তথা বিজেপি মহিলা মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সভানেত্ৰী ভূঞাই শেহতীয়াকৈ আঞ্চলিক চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনতো ভৰি দিছে। এই সাক্ষাৎকাৰত তেওঁ নেতৃত্ব, সংবাদ মাধ্যম, সংস্কৃতি আৰু আঞ্চলিক স্বৰৰ ক্ৰমবৰ্ধমান ভূমিকাৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰিছে।


প্ৰশ্ন ১: ৰাজনীতি আৰু ৰাজহুৱা জীৱনত আপোনাক কেনেধৰণৰ মূল্যবোধে পথ প্ৰদৰ্শন কৰে?


উত্তৰ: সততা, সকলোকে সমানে লগত লৈ চলাৰ মানসিকতা আৰু কামৰ প্ৰতি থকা একাগ্ৰতা। নেতৃত্বৰ আচল শক্তি হ’ল বিশ্বাস অৰ্জন কৰা আৰু নিৰ্দিষ্ট লক্ষ্যৰ দিশে সামূহিকভাৱে আগুৱাই যোৱা। ৰাজনীতি হওক বা সমাজসেৱা, দায়বদ্ধতা আৰু সতীৰ্থসকলৰ সৈতে মিলি কাম কৰাটোৱেই আটাইতকৈ ডাঙৰ কথা।


প্ৰশ্ন ২: ৰাজহুৱা কাম-কাজত মহিলাৰ অংশগ্ৰহণৰ বিষয়ে আপুনি সঘনাই কৈ আহিছে। আপোনাৰ দৃষ্টিত সমাজৰ পুৰণি চিন্তা-ধাৰা নে প্ৰতিষ্ঠানিক বিধি-পথালি- কোনটো অধিক প্ৰত্যাহ্বানজনক?


উত্তৰ: আচলতে সামাজিক দৃষ্টিভংগীৰ ওপৰতে প্ৰতিষ্ঠানবোৰ থিয় হৈ থাকে, সেয়েহে দুয়োটাই পৰস্পৰৰ পৰিপূৰক। অৱশ্যে প্ৰতিষ্ঠানিক স্তৰত পৰিৱৰ্তন আনিব পাৰিলে সমাজৰ চিন্তা-চৰ্চাও দ্ৰুতগতিত সলনি হয়। যেতিয়া মহিলাই সফলভাৱে নেতৃত্ব দিয়ে, তেতিয়া সমাজৰ পুৰণি ধাৰণাবোৰ স্বতঃস্ফূৰ্তভাৱে সলনি হ’বলৈ ধৰে।


প্ৰশ্ন ৩: নেতৃত্ব দিব খোজা যুৱ প্ৰজন্মক, বিশেষকৈ মহিলাসকলক আপুনি কি পৰামৰ্শ দিব?


উত্তৰ: নিজকে সদায় যোগ্য কৰি ৰাখক, ধৈৰ্য্য নেহেৰুৱাব আৰু নিজৰ শিপাৰ সৈতে সম্পৰ্ক ৰাখক। নেতৃত্বৰ গুণবোৰ নিৰন্তৰ প্ৰচেষ্টাৰ মাজেৰেহে আয়ত্ত কৰিব পাৰি। কাম আৰম্ভ কৰিবলৈ সদায় অনুকূল পৰিৱেশৰ বাবে বাট চাই নাথাকিব।


প্ৰশ্ন ৪: এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা হিচাপেও আপোনাৰ এটা পৰিচয় আছে। চিনেমাৰ জগতখনৰ প্ৰতি আপুনি কিয় আকৰ্ষিত হ’ল?


উত্তৰ: কাহিনী কোৱাৰ বাবে চিনেমা এক অনন্য আৰু শক্তিশালী মাধ্যম। অসমত ডাঙৰ-দীঘল হোৱাৰ পৰত মই অনুভৱ কৰিছিলোঁ যে আমাৰ বহু থলুৱা কাহিনী আৰু আঞ্চলিক স্বৰ সঠিকভাৱে বিশ্বদৰবাৰত প্ৰকাশ পোৱা নাই। ছবি নিৰ্মাণৰ জৰিয়তে সৃজনশীলতাৰ সোৱাদ লোৱাৰ লগতে সাংস্কৃতিক দিশত কিবা এটা অৱদান আগবঢ়োৱাৰ সুযোগ মই পাইছোঁ।


প্ৰশ্ন ৫: সাংস্কৃতিক পৰিচয় আৰু সামাজিক আলোচনাৰ ক্ষেত্ৰত চিনেমাৰ ভূমিকা কি বুলি ভাবে?


উত্তৰ: আঞ্চলিক চিনেমাৰ বুকুত আমাৰ সমাজৰ সেইবোৰ বাস্তৱ ছবি জিলিকি উঠে যিবোৰ প্ৰায়ে মূলসুঁতিৰ আলোচনাত পোৱা নাযায়। ই সমাজত এক মৰ্মস্পৰ্শী সংলাপ আৰু সাংস্কৃতিক পৰিচয় গঢ়াত সহায় কৰে। ইয়াৰ জৰিয়তে আমাৰ আঞ্চলিক কাহিনীসমূহ দেশ-বিদেশৰ দৰ্শকৰ কাষলৈ লৈ যাব পৰা যায়।


প্ৰশ্ন ৬: স্বতন্ত্ৰ আঞ্চলিক ছবি নিৰ্মাণ কৰিবলৈ গৈ আপুনি কেনে অসুবিধাৰ মুখামুখি হৈছে?


উত্তৰ: মূলধনী ধনৰ অভাৱ, বিতৰণৰ সমস্যা আৰু আন্তঃগাঁথনিৰ দুৰ্বলতা আজিও আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। তদুপৰি সৃজনশীলতা আৰু ব্যৱহাৰিক সীমাবদ্ধতাৰ মাজত ভাৰসাম্য ৰখাটোও সহজ নহয়। অৱশ্যে দৰ্শকৰ মৰম আৰু সঁহাৰিয়ে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।


প্ৰশ্ন ৭: ৰাজনৈতিক ব্যস্ততাৰ মাজতো আপুনি ছবি নিৰ্মাণ কৰি যাব নেকি?


উত্তৰ: হয়, অৱশ্যে খুব বাচনি কৰিহে কাম কৰিব বিচাৰিম। আচলতে সৃজনশীল কাম আৰু ৰাজহুৱা জীৱন ইটোৱে সিটোৰ পৰিপূৰক হ’ব পাৰে, কাৰণ দুয়োটা ক্ষেত্ৰতে গভীৰ অনুশাসন আৰু দলীয় সহযোগিতাৰ প্ৰয়োজন।


প্ৰশ্ন ৮: সংবাদ মাধ্যমৰ অতিমাত্ৰা নজৰে ৰাজনৈতিক যোগাযোগৰ ধৰণ কেনেদৰে সলনি কৰিছে?


উত্তৰ: যোগাযোগ ব্যৱস্থা এতিয়া অধিক দ্ৰুত আৰু মুকলি হৈ পৰিছে। নেতা এজন এতিয়া অধিক স্পষ্টবাদী, তথ্যভিত্তিক আৰু দায়িত্বশীল হোৱাটো জৰুৰী। এই ডিজিটেল যুগত কোনো কথা অস্পষ্ট বা লুকুৱাই ৰখাৰ অৱকাশ নাই বুলিয়েই ক’ব পাৰি।


প্ৰশ্ন ৯: ৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ সমস্যাবোৰ উপস্থাপন কৰাৰ ক্ষেত্ৰত আঞ্চলিক নেতৃত্বৰ ভূমিকা কিমান?


উত্তৰ: এক ভাৰসাম্যপূৰ্ণ শাসন ব্যৱস্থাৰ বাবে আঞ্চলিক স্বৰসমূহ অত্যন্ত প্ৰয়োজনীয়। সঠিক আঞ্চলিক প্ৰতিনিধিত্ব থাকিলেহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সিদ্ধান্তবোৰত উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ সঁচা ছবিখন প্ৰতিফলিত হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here