জে ই ই (মেইন) ২০২৬ৰ এলেন গুৱাহাটীৰ পুনৰবাৰ উৎকৃষ্ট ফলাফলৰে সাফল্য অৰ্জন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 17 February 2026

জে ই ই (মেইন) ২০২৬ৰ এলেন গুৱাহাটীৰ পুনৰবাৰ উৎকৃষ্ট ফলাফলৰে সাফল্য অৰ্জন

 





W7s news গুৱাহাটীঃ National Testing Agency-এ JEE (Main) ২০২৬ৰ জানুৱাৰী ছেছনৰ ফলাফল ঘোষণা কৰিছে আৰু এলেন গুৱাহাটীযে পুনৰবাৰ উৎকৃষ্ট ফলাফলৰে সাফল্য অৰ্জন কৰিছে।

ফলাফল শ্বেয়াৰ কৰি এলেনৰ উত্তৰ-পূৰ্বাঞ্চলৰ জ’নেল হেড Brajesh Kumar Yadavয়ে কয় যে এতিয়ালৈ সংগৃহীত ফলাফল অনুসৰি ১৯ জন শিক্ষাৰ্থীয়ে ৯৯ শতাংশতকৈ অধিক পাৰ্সেণ্টাইল লাভ কৰিছে আৰু ৬০ জনে ৯৫ শতাংশতকৈ অধিক পাৰ্সেণ্টাইল অৰ্জন কৰিছে। তেওঁ লগতে কয় যে বিগত ছয় বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা জেইইৰ শ্ৰেষ্ঠ ফলাফল আগবঢ়াই আহিছে এলেনে। ২০২০ চনৰ পৰা এতিয়ালৈ এইটো পঞ্চমবাৰ উত্তৰ-পূৰ্বাঞ্চল টপাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

এলেনৰ ছয় বছৰীয়া ক্লাছৰুম শিক্ষাৰ্থী Yashraj Singhয়ে ৯৯.৯৮১১৩৫৪ পাৰ্সেণ্টাইল লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলত শীৰ্ষ স্থান দখল কৰিছে। তেওঁ পদাৰ্থ বিজ্ঞানত ১০০ পাৰ্সেণ্টাইল লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, Lallung Muana Khelte মিজোৰাম ৰাজ্যৰ শীৰ্ষ স্থান অধিকাৰ কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত Nitin Kukreja, চিইঅ’ Allen Career Instituteয়ে কয় যে জেইই মেইন ২০২৬ৰ ফলাফলত এলেনে পুনৰবাৰ নিজৰ শৈক্ষিক উৎকৰ্ষতা প্ৰমাণ কৰিছে। দেশজুৰি মুঠ ১২ জন শিক্ষাৰ্থীয়ে ১০০ পাৰ্সেণ্টাইল অৰ্জন কৰিছে, যাৰ ভিতৰত ৭ জন এলেনৰ ক্লাছৰুম প্ৰগ্ৰামৰ শিক্ষাৰ্থী।

এলেন কোটাৰ ক্লাছৰুম শিক্ষাৰ্থী Kabeer Chhillarয়ে ৩০০ৰ ভিতৰত ৩০০ নম্বৰ লাভ কৰি ১০০ পাৰ্সেণ্টাইল অৰ্জন কৰিছে। আন ক্লাছৰুম শিক্ষাৰ্থীসকলৰ ভিতৰত Arnav Gautam, Shubham Kumar, Bhavesh Patra, Anay Jain, Nimy Purohit আৰু Chiranjib Karয়ে ১০০ পাৰ্সেণ্টাইল লাভ কৰিছে।

ফলাফলৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা অটুট ৰাখিবলৈ এলেনে পুনৰবাৰ দেশৰ আগশাৰীৰ অডিট সংস্থা EY Indiaৰ জৰিয়তে ফলাফলসমূহ ভেৰিফাই কৰাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here