W7s news গুৱাহাটী : অঞ্চলটোৰ সৰ্ববৃহৎ ফেশ্বন আৰু পেজেণ্ট অনুষ্ঠান আয়োজক মেগা এণ্টাৰটেইনমেণ্টে সোমবাৰে ঘোষণা কৰে যে ১২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ আই টি এ সাংস্কৃতিক প্ৰকল্পত গেটছবি মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০২৬ৰ ১৫ সংখ্যক সংস্কৰণৰ গ্ৰেণ্ড ফাইনেল অনুষ্ঠিত হ’ব।
সংবাদ মাধ্যমক সম্বোধন কৰি মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক তথা পেজেণ্ট সঞ্চালক অভিজিৎ সিংহই উত্তৰ-পূবৰ আঠখন ৰাজ্যত অন-গ্ৰাউণ্ড আৰু অনলাইন দুয়োটাতে অনুষ্ঠিত হোৱা অডিশ্যন সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত পেজেণ্টৰ অগ্ৰগতিৰ সবিশেষ জনায়। তিনিজন বিজয়ীৰ ট্ৰফীৰ বাবে গ্ৰেণ্ড ফাইনেলত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ ওজন উত্তৰ-পূব ৰাজ্যসমূহৰ ভিতৰত ৪৬ গৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছে।
তেওঁ কয়, “১৫ বছৰত ভৰি দিয়া গেটছবি মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ এই যাত্ৰা হৈছে অবিৰত বিকাশ, অনুশাসন, আৰু নিৰ্দিষ্ট লক্ষ্যৰ। বছৰ বছৰ ধৰি এই মঞ্চখন আঞ্চলিক প্ৰতিযোগিতাৰ পৰা উত্তৰ-পূবৰ পুৰুষ প্ৰতিভাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত প্ৰৱেশৰ মাধ্যমলৈ বিকশিত হৈছে।এই ছিজনত আঠখন ৰাজ্যৰ সকলো সঁহাৰিয়ে প্লেটফৰ্মৰ পৰিপক্কতাক প্ৰতিফলিত কৰিছে, আৰু ২০২৬ সংস্কৰণটোৱে গ্ৰুমিং, চৰিত্ৰ নিৰ্মাণ আৰু সৰ্বাত্মক সষ্টমতাৰ ওপৰত গভীৰভাৱে মনোনিৱেশ কৰি আমাৰ এতিয়ালৈকে আটাইতকৈ প্ৰতিযোগিতামূলক সংস্কৰণসমূহৰ ভিতৰত অন্যতম হোৱাৰ দিশে গঢ় লৈ উঠিছে।”
সংবাদমেলত মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০২৫ৰ বিজয়ী অক্ৰাম নিখিল সিং আৰু নৱাং ডণ্ডুপেও অংশগ্ৰহণ কৰে।আগন্তুক মিষ্টাৰ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব নিখিলে, আনহাতে মিষ্টাৰ ইকো ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব নৱাঙে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি তেওঁলোকে মেগা মিষ্টাৰ নৰ্থ ইষ্ট হিচাপে তেওঁলোকৰ যাত্ৰাৰ বিষয়ে কয়, আৰু প্ৰতিযোগীসকলক গ্ৰুমিং আৰু আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু পেজেণ্ট উদ্যোগৰ বাবে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সংস্থাটোৰ ভূমিকাকো আলোকপাত কৰে।
মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০২৬ৰ টাইটেল স্পনছৰ গেটছবি; আচবাবৰ অংশীদাৰ, নীলকমল; পানীয়ৰ অংশীদাৰ, কোকা-কোলা; আৰু ফেশ্বন পাৰ্টনাৰ, ট্ৰেণ্ডছ।
প্ৰতিযোগিতাখনৰ দীৰ্ঘদিনীয়া দৃষ্টিভংগী “টেকিং ইণ্ডিয়া টু দ্য ৱৰ্ল্ড ষ্টেজ”ৰ পুনৰাই উত্থাপন কৰি কৰি অভিজিৎ সিংহই পূৰ্বৰ খিতাপধাৰীসকলৰ আন্তঃৰাষ্ট্ৰীয় সফলতাৰ ওপৰত আলোকপাত কৰে। বিশ্বব্যাপী ভাৰতক প্ৰতিনিধিত্ব কৰা প্লেটফৰ্মৰ পৰা বিগত বিজয়ীসকলৰ ভিতৰত আছে ফিলিপাইনছত অনুষ্ঠিত মিষ্টাৰ ইণ্টাৰনেশ্যনেল ২০২২ত বিজয়ী হিচাপে মুকুট পিন্ধা মণিপুৰৰ পৰা মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৯ৰ বিজয়ী লুকানন্দ ক্ষেত্ৰিমায়ুম; ফিলিপাইনছত অনুষ্ঠিত মিষ্টাৰ ইণ্টাৰনেশ্যনেল ২০২৪ত ভাৰতক প্ৰতিনিধিত্ব কৰা ত্ৰিপুৰাৰ পৰা মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০২৩ৰ বিজয়ী আডং জামাটিয়া।
এই প্ৰতিযোগিতাখন প্ৰযোজনা কৰিছে মেগা এণ্টাৰটেইনমেণ্টে আৰু মাৰ্কেটিং কৰিছে মেগা এক্টিভেচনে। এতিয়া গ্ৰেণ্ড ফাইনেলৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে বাছনি কৰা ফাইনেলিষ্টসকলে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত অনুষ্ঠানটোৰ পূৰ্বে গ্ৰুমিং আৰু পৰামৰ্শদানৰ এক গভীৰতৰ পৰ্যায়ত অংশগ্ৰহণ কৰিব।
No comments:
Post a Comment