ৰাইজিং নৰ্থ-ইষ্ট বিজনেছ এক্সিলেন্স এৱাৰ্ড ২০২৬ত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ উদ্যোগীসকলক সন্মান জনায় বৰষা ৰাণী বিষয়া আৰু দীপলিনা ডেকাই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 9 February 2026

ৰাইজিং নৰ্থ-ইষ্ট বিজনেছ এক্সিলেন্স এৱাৰ্ড ২০২৬ত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ উদ্যোগীসকলক সন্মান জনায় বৰষা ৰাণী বিষয়া আৰু দীপলিনা ডেকাই


 

W7s news,,গুৱাহাটী, ৭ ফেব্ৰুৱাৰী ২০২৬: অলপতে গুৱাহাটীত সফলতাৰে অনুষ্ঠিত হৈ যায় ৰাইজিং নৰ্থ-ইষ্ট বিজনেছ এক্সিলেন্স এৱাৰ্ডছ ২০২৬ । ইয়াত উত্তৰ-পূব ভাৰতৰ ব্যৱসায়িক বিকাশ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত  অৱদান আগবঢ়োৱা ব্যতিক্ৰমী উদ্যোগী, পেছাদাৰী, আৰু সংস্থাসমূহক স্বীকৃতি প্ৰদানেৰে  সন্মান জনোৱা হয় ।

এই সন্মানীয় বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা সাংস্কৃতিক আইকন বৰষা ৰাণী বিষয়া আৰু অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকা  । তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক আকৰ্ষণীয়, অনুপ্ৰাণিত আৰু বিশ্বাসযোগ্য  কৰি তোলে । উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায়িক উৎকৰ্ষতা আৰু উদ্যোগী মনোভাৱক উদযাপন কৰা এক নিবেদিত মঞ্চ সৃষ্টিৰ এই পদক্ষেপৰ শলাগ লয় দুয়োগৰাকী বিশিষ্ট শিল্পীয়ে  ।

উদ্ভাৱন, নেতৃত্ব, আৰু সেৱাৰ উৎকৰ্ষতাক সন্মান জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা ৰাইজিং নৰ্থ-ইষ্ট বিজনেছ এক্সিলেন্স  এৱাৰ্ড ২০২৬ত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, আৰু ছিকিমৰ  সফলতা অৰ্জন  কৰাসকলক স্বীকৃতি প্ৰদান কৰা হয়  । বঁটাপ্ৰাপকসকলক  ব্যৱসায়িক কৰ্মদক্ষতা, গ্ৰাহকৰ আস্থা, উদ্ভাৱন, বজাৰৰ প্ৰভাৱ, আৰু নিজ নিজ খণ্ডত লাভ কৰা  ধাৰাবাহিক বিকাশৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত কৰা হৈছিল  ।

এই অনুষ্ঠানত ভাষণ দি প্ৰতিষ্ঠাপক আৰু আয়োজক  আয়াজ মহম্মদে কয়, “উদ্যোগীকৰণ আৰু প্ৰতিভাৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে  উত্তৰ-পূৰ্বাঞ্চলে  । যোগ্য  উদ্যোগীসকলক  বৃহত্তৰ মঞ্চত প্ৰাপ্য স্বীকৃতি, বিশ্বাসযোগ্যতা, আৰু দৃশ্যমানতা প্ৰদান কৰাই  হৈছে এই বঁটাসমূহৰ মূল  লক্ষ্য ।” 

এই অনুষ্ঠানত স্বাস্থ্যসেৱা, শিক্ষা, ৰিয়েল ইষ্টেট, আতিথ্য, সৌন্দৰ্য্য আৰু সুস্থতা, উৎপাদন, খুচুৰা, ষ্টাৰ্টআপ, আৰু পেছাদাৰী সেৱাকে ধৰি বিভিন্ন খণ্ডৰ পৰা অংশগ্ৰহণ দেখিবলৈ পোৱা যায় । স্বীকৃতি  প্ৰদানৰ লগতে, অনুষ্ঠানটোৱে সহযোগিতা আৰু বিকাশৰ বাবে অৰ্থপূৰ্ণ নেটৱৰ্কিং সুযোগও প্ৰদান কৰে  ।

জনসংযোগ আৰু সংবাদ মাধ্যমৰ সম্পৰ্ক ৰক্ষাকাৰী হিচাপে সহযোগিতা আগবঢ়ায়  উপাঞ্জলি  পি আৰ এণ্ড কমিউনিকেচনে  । একেদৰে ইভেণ্টমাছে ইভেণ্ট সহযোগী হিচাপে  অনুষ্ঠানটো  সুচাৰুৰূপে পৰিচালনা কৰাত  আৰু সংবাদ মাধ্যমযোগে  প্ৰচাৰত  অৰিহণা যোগায় ।

ৰাইজিং নৰ্থ-ইষ্ট বিজনেছ এক্সিলেন্স এৱাৰ্ড ২০২৬ৰ বঁটা বিজয়ীসকল -

১. শ্ৰী আনছাৰুল হক চৌধুৰী – আৰমিন গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড – শ্ৰেষ্ঠ বিল্ডিং নিৰ্মাণ সামগ্ৰী উৎপাদন ব্ৰেণ্ড

২. চৰণ সিংহ – IATITW প্ৰাইভেট লিমিটেড – বহু-শ্ৰেণীৰ পেছাদাৰী নিযুক্তি সমাধানত উৎকৃষ্টতা

৩. আইদি ইছি – মেৰী হুনৰ মেৰী অপনি পেহচান – স্থানীয় উদ্যোগীকৰণৰ প্ৰসাৰত উৎকৃষ্টতা

৪. ছুহেল আহমেদ – ছানবাৰ্ড ছুপাৰ এনাৰ্জি প্ৰাইভেট লিমিটেড – লুব্ৰিকেণ্ট উৎপাদনত সবাতোকৈ বিশ্বাসযোগ্য ব্ৰেণ্ড

৫. অশ্বৰ্বন ডেকা – ফ্ৰ’জেন প্লেনেট ইণ্ডিয়া – উত্তৰ-পূব ভাৰতৰ শ্ৰেষ্ঠ স্নো থিম পাৰ্ক

৬. ইণ্ডিজি কনছালটিং এণ্ড ছলিউচনছ প্ৰাইভেট লিমিটেড – আই টি আৰু ডিজিটেল ট্ৰেন্সফৰ্মেচন সেৱাত উৎকৃষ্টতা

৭. বেটী এইচ লমছাংপুই – বিয়েৰ ছেবা গ্ৰুপ অৱ ইনষ্টিটিউচনছ – যুৱ নিয়োগ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অসাধাৰণ অৱদান

৮. ড° দৰ্শনা বৰুৱা থমাছ – সাহিত্য সংগম প্ৰকাশক – উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যলৈ অসাধাৰণ অৱদান

৯. স্থপতিবিদ লিটু এইচ ফুকন – নিউ বিল্ডিং ডিজাইন – উত্তৰ-পূব ভাৰতৰ শ্ৰেষ্ঠ নিৰ্মাণ কোম্পানী

১০. স্থপতিবিদ নবীন কুম্ভকাৰ – নিওফিলিক ছলিউচনছ অ’পিচি প্ৰাইভেট লিমিটেড – বছৰটোৰ উদীয়মান নিৰ্মাণ কোম্পানী

১১. গোপাল চন্দ্ৰ নাগ – স্বৰ্ণকমল জুৱেলাৰ্ছ– বছৰটোৰ আইকনিক ব্ৰেণ্ড (গহনা আৰু জীৱনশৈলী)

১২. অমিত কুমাৰ ৰয় – মায়া কনছালটেন্সি – শিক্ষক প্ৰশিক্ষণ আৰু বি.এড নামভৰ্তি সেৱাত নেতৃত্ব

১৩. প্ৰফুল্ল হাজৰিকা – সিদ্ধি আয়ুৰ্বেদা – আয়ুৰ্বেদিক স্বাস্থ্যসেৱা আৰু ৱেলনেছত উৎকৃষ্টতা

১৪. বাহাৰুল লস্কৰ – এ এছ ট্ৰেন্সপৰ্টেচন – পৰিবহণ আৰু লজিষ্টিক সেৱাত উৎকৃষ্টতা

১৫. ৰয়েল ভিনচেণ্ট লালু – এনিথিং নৰ্থইষ্ট – স্থানীয় সেৱা আৰু সম্প্ৰদায়ৰ সহায়ত নেতৃত্ব

১৬. মঃ ছাফিউল ইছলাম – এ এছ এছ আৰ লাইফ ছায়েন্সেজ  প্ৰাইভেট লিমিটেড – ফাৰ্মাচিউটিকেল বিতৰণ এণ্ড যোগানত উৎকৃষ্টতা

১৭. মৃদুস্মিতা দাস – ডিভাইন অ’ৰা ব্লিছ – টেৰ’ট ৰিডিং আৰু আধ্যাত্মিক সুস্থতাৰ উদীয়মান তাৰকা

১৮. অজয় সাহু – ৰেনষ্টেণ্ড টেকন’লজিছ প্ৰাইভেট লিমিটেড – FSSAI পঞ্জীয়ন আৰু অনুসৰণ সেৱাত উৎকৃষ্টতা

১৯. মহম্মদ ইলিয়াছ আহমেদ – বিল্ড আৰ্হি কনষ্ট্ৰাকচন – নিৰ্মাণ পৰিকল্পনা, ডিজাইন আৰু কাৰ্যকৰীকৰণত নেতৃত্ব

২০. ড০ দৰ্শনা বৰুৱা থমাছ – দা এলিভ’ ইনষ্টিটিউট – প্ৰাথমিক শিক্ষণ আৰু শিশুৰ বিকাশত অসাধাৰণ অৱদান

২১. KnowHow3D – 3D প্ৰিন্টিং, প্ৰশিক্ষণ আৰু উদ্ভাৱনত নেতৃত্ব

২২. জি কে হোমছ – ইণ্টেৰিয়ৰ ডিজাইন আৰু হোম ষ্টাইলিঙৰ উৎকৃষ্টতা

২৩. Maroon Roy – পে’জ৩ ছাউণ্ডছ এণ্ড লাইটছ – পেছাদাৰী শব্দ আৰু আলোক সমাধানৰ উৎকৃষ্টতা

২৪. ফাইজুৰ ৰহমান – ডিজিটেলমোজো ইনষ্টিটিউট – উত্তৰ-পূবৰ আটাইতকৈ বিশ্বাসযোগ্য অগ্নিনিৰ্বাপক আৰু সুৰক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান

২৫. বিশ্বজ্যোতি দাস – মেডিকেল এণ্ড ছাৰ্জিকেল মেগা মাৰ্ট – স্বাস্থ্যসেৱা সেৱাত ব্যৱসায়িক উৎকৃষ্টতা

২৬. দীপিকা দাস – ডিভাইন এনাৰ্জি হিলিং – কেৰিয়াৰ আৰু গাইডেন্সৰ বাবে শ্ৰেষ্ঠ টেৰ’ট ৰিডাৰ

২৭. এম জে মাছুদ মাইবাম – ৰায়ান গ্ৰুপ – ইভি বজাৰ বিকাশত সহায় শ্ৰেষ্ঠ উদ্যোগী

২৮. ৰেনশী বিশ্বজিৎ সৰকাৰ – এছ কে এছ নৰ্থ-ইষ্ট – সমৰ কলা, আত্মৰক্ষা আৰু ফিটনেছ প্ৰশিক্ষণত উৎকৃষ্টতা

২৯. আদিত্য ছ’লাৰ‌ এনাৰ্জি প্ৰাইভেট লিমিটেড – সৌৰ শক্তিৰ সমাধানত উৎকৃষ্টতা

৩০.মহম্মদ আব্বাছ – আছাম ছিপছ – নিয়োগ আৰু জীৱিকা সৃষ্টিত উৎকৃষ্টতা

৩১. ঋষিৰাজ দুৱৰা – ডিজিটেল ডিব্ৰুগড় – ডিজিটেল মাৰ্কেটিং শিক্ষাত উৎকৃষ্টতা

৩২. নিতাই দাস – শ্বেয়াৰ মাৰ্কেট লাৰ্নিং – ভৱিষ্যত আৰু বিকল্প শিক্ষাত নেতৃত্ব

৩৩. জয়ন্ত হাজৰিকা – ট্ৰাষ্ট এজেন্সী – কৰ্পৰেট হাইৰিং এণ্ড ষ্টাফিং ছলিউচনত উৎকৃষ্টতা

৩৪. সৌম্যদীপ দেব – ব্ৰেণ্ডিং, বিজ্ঞাপন আৰু বজাৰ পজিচনিঙৰ ক্ষেত্ৰত নেতৃত্ব

৩৫.ডাঃ মিতালী বৰুৱা – ডিভাইন নিউমাৰো কেয়াৰ – আধ্যাত্মিক সুস্থতালৈ অসাধাৰণ অৱদান

৩৬. বিকাশকুমাৰ দে – গ্ৰেডিয়েণ্ট মাইণ্ড ভিজন – আৰম্ভণিৰ প্ৰতিভা চিনাক্তকৰণ আৰু প্ৰশিক্ষণত উৎকৃষ্টতা

৩৭. মহম্মদ ইমৰাণ খান – আইছা ছাৰ্ভিচেজ – আৱাসিক আৰু বাণিজ্যিক অভ্যন্তৰীণ সমাধানত উৎকৃষ্টতা

৩৮. মিছ আটিফা – আলচেমাইজ ইয়ৰছেলফ – উদীয়মান নান্দনিক ছালৰ যত্নত ব্যৱসায়িক উৎকৃষ্টতা

৩৯. অংকিত দাস – বিনায়ক ষ্টেচনাৰী – গ্ৰাহকৰ আস্থা আৰু খুচুৰা সেৱাত উৎকৃষ্টতা

৪০. দিপাংকৰ নাথ – দা বিজিত ইউনিছেক্স চেলুন আৰু মেকআপ ষ্টুডিঅ’ – ফেচিয়েল এছথেটিকছ আৰু ক্লিনিকেল কচমট’লজীত ডক্টৰেট ডিগ্ৰী

৪১. উদিত স্মল ফাইনেন্স প্ৰাইভেট লিমিটেড – মহিলা উদ্যোগীকৰণৰ ক্ষেত্ৰত অসাধাৰণ অৱদান

৪২.  য়াংকেশ পন্ত – আংকল উগেনছ মম’ – প্ৰামাণিক ছিকিমী হিমালয়ান খাদ্যৰ উৎকৃষ্টতা

৪৩. পল্লবী গগৈ – আলবেট্ৰছ ৰেষ্টুৰেণ্ট এণ্ড বাৰ – খাদ্য, পানীয় আৰু আতিথ্য সেৱাত উৎকৃষ্টতা

৪৪. নবজিত দাস – এন জে এছ’চিয়েটছ – সংহত স্থাপত্য আৰু অভিযান্ত্ৰিক সেৱাত উৎকৃষ্টতা

৪৫. ইঞ্জিনিয়াৰ হেমজ্যোতি চুংক্ৰাং – জ্যোতি চি এ ডি চেণ্টাৰ – ডি পি আৰ, মূল্যায়ন আৰু কাৰিকৰী পৰামৰ্শদাতাত উৎকৃষ্টতা

৪৬. গায়ত্ৰী দুৱৰা দত্ত – এন কে ইনোভেটিভ – আধুনিক জীৱন আৰু ডিজাইনৰ ক্ষেত্ৰত অসাধাৰণ অৱদান

৪৭. দীপ ঘোষ – মিষ্টাৰ কেক ৱালা – ক্ৰিয়েটিভ আৰু কাষ্টমাইজড কেকত উৎকৃষ্টতা

৪৮. অসীম  বৰ্মন – বুক মাই টিউটৰ গুৱাহাটী – ঘৰুৱা টিউচন আৰু ব্যক্তিগতকৃত শিক্ষণত 

উৎকৃষ্টতা

৪৯. সমন্নয় দাস – পাৰ্ল কনষ্ট্ৰাকচন এণ্ড ইণ্টেৰিয়ৰ প্ৰাইভেট লিমিটেড – টাৰ্ণকী কনষ্ট্ৰাকচন এণ্ড ইন্টেৰিঅ’ৰ ছলিউচনছ উৎকৃষ্টতা

৫০. উৰনেডো প্ৰাইভেট লিমিটেড – আটাইতকৈ আশাব্যঞ্জক ট্ৰেভেল-টেক ষ্টাৰ্টআপ

৫১. চৌধুৰী পেমেণ্ট ছলিউচন প্ৰাইভেট  লিমিটেড (চি পি এছ কোম্পানী) – ৱেব ডেভেলপমেণ্ট আৰু চফ্টৱেৰ সমাধানৰ ক্ষেত্ৰত উৎকৃষ্টতা

উত্তৰ-পূব ভাৰতৰ ব্যৱসায়ৰ গৰাকীসকলৰ মাজত বিশ্বাসযোগ্যতা, নেতৃত্ব, আৰু উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি সফলভাৱে সামৰণি পৰে ৰাইজিং নৰ্থ-ইষ্ট বিজনেছ এক্সিলেন্স এৱাৰ্ড ২০২৬ । এই মঞ্চই ৰাষ্ট্ৰীয় ব্যৱসায়িক মানচিত্ৰত অঞ্চলটোৰ দৃশ্যমানতা শক্তিশালী কৰি আহিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here