উত্তৰ-পূৰ্বাঞ্চলক বিশ্ব পৰ্যটনৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে মাৰ্চত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলন আৰু এফ এ এম ট্যু’ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 9 February 2026

উত্তৰ-পূৰ্বাঞ্চলক বিশ্ব পৰ্যটনৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে মাৰ্চত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলন আৰু এফ এ এম ট্যু’ৰ

 





W7s news গুৱাহাটী: উত্তৰ-পূব ভাৰতক এক সন্মিলিত তথা শ্ৰেষ্ঠ পৰ্যটনস্থলী হিচাপে দেশ-বিদেশত প্ৰচাৰ কৰাৰ মানসেৰে নৰ্থ ইষ্ট ইণ্ডিয়া টুৰিজিম কনফেডাৰেচনে (এনইআইটিচি)  ১৩ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ অৰুণাচলত আয়োজন কৰিছে ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলন আৰু ফেমিলিয়াৰাইজেচন (এফএএম) ট্যু’ৰ।


উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ অপূৰ্ব সাংস্কৃতিক ঐতিহ্য, নয়নজুৰোৱা প্ৰাকৃতিক সৌন্দৰ্য আৰু দুঃসাহসিক পৰ্যটনৰ বিশাল সম্ভাৱনাক বিশ্বদৰবাৰত দাঙি ধৰিবলৈ এই বিশেষ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। এই সন্মিলনৰ এক অন্যতম আকৰ্ষণ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ চৰকাৰী প্ৰতিনিধি, পৰ্যটন খণ্ডৰ অংশীদাৰ আৰু ঔদ্যোগিক সহযোগীসকলৰ সক্ৰিয় অংশগ্ৰহণ, যিয়ে এই কাৰ্যসূচীক এক পূৰ্ণাংগ আঞ্চলিক প্ৰতিনিধিত্ব প্ৰদান কৰিব।


এই সন্মিলনে সমগ্ৰ দেশৰ ট্যু’ৰ অপাৰেটৰ, ট্ৰেভেল এজেন্সী, সংবাদ মাধ্যমৰ প্ৰতিনিধি, ডিজিটেল ইনফ্লুৱেঞ্চাৰ আৰু পৰ্যটন খণ্ডৰ অংশীদাৰসকলক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব। অংশগ্ৰহণকাৰীসকলে অঞ্চলটোৰ বিভিন্ন মনোমোহা স্থানত অনুষ্ঠিত নিৰ্বাচিত ভ্ৰমণ কাৰ্যসূচীৰ জৰিয়তে ইয়াৰ আকৰ্ষণীয় দিশবোৰ প্ৰত্যক্ষভাৱে অনুভৱ কৰাৰ এক বিৰল সুযোগ লাভ কৰিব।


এন ই আই টি চিৰ মতে, এই বিশেষ অনুষ্ঠানটোৱে শক্তিশালী বি-টু-বি অংশীদাৰিত্ব গঢ়ি তোলাত সহায় কৰাৰ লগতে স্থানীয় সম্প্ৰদায় ভিত্তিক তথা বহনক্ষম পৰ্যটনৰ প্ৰসাৰত উৎসাহ যোগাব আৰু উত্তৰ-পূৰ্বাঞ্চলক এক একত্ৰিত পৰ্যটন ব্ৰেণ্ড হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক উজলাই তুলিব।


এই উদ্যোগৰ বিষয়ে মন্তব্য কৰি এনইআইটিচিৰ অধ্যক্ষ ই বি ব্লাহে উল্লেখ কৰে যে, এই সন্মিলনে পৰ্যটন খণ্ডৰ অংশীদাৰসকলৰ বাবে অৰ্থপূৰ্ণ সহযোগিতা আৰু দীৰ্ঘম্যাদী সুযোগৰ সৃষ্টি কৰিব। উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ অপৰিসীম সম্ভাৱনা লুকাই থকাৰ কথা দোহাৰি তেওঁ কয় যে এই অঞ্চলটোক ৰাষ্ট্ৰীয় পৰ্যটন বৰ্তনীৰ সৈতে অধিক ফলপ্ৰসূভাৱে সংলগ্ন কৰাৰ ক্ষেত্ৰত এনে মঞ্চৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ।


এন ই আই টি চিৰ সন্মিলনৰ অধ্যক্ষ চেৰিং ৱাংগেই কয়, “ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলন আৰু এফ এ এম ট্যু’ৰক উত্তৰ-পূব ভাৰতক এক একক তথা সংবদ্ধ পৰ্যটনস্থলী হিচাপে উপস্থাপন কৰাৰ উদ্দেশ্যৰে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানৰ জৰিয়তে আমি সমগ্ৰ ভাৰতৰ পৰ্যটন খণ্ডৰ প্ৰধান ব্যক্তিসকলক একত্ৰিত কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ যাতে তেওঁলোকে এই অঞ্চলৰ সৌন্দৰ্য প্ৰত্যক্ষভাৱে অনুভৱ কৰিব পাৰে, শক্তিশালী বাণিজ্যিক মিত্ৰতা গঢ়ি তুলিব পাৰে আৰু আমাৰ ৰাজ্যসমূহৰ বিশাল পৰ্যটন সম্ভাৱনাক উজ্জ্বল কৰি তুলিব পাৰে। আমি আশাবাদী যে এই পদক্ষেপে সহযোগিতাৰ নতুন পথ মুকলি কৰিব আৰু ৰাষ্ট্ৰীয় পৰ্যটনৰ মানচিত্ৰত উত্তৰ-পূৰ্বাঞ্চলক অধিক মৰ্যাদাপূৰ্ণ স্থানত অধিষ্ঠিত কৰিব।”


উল্লেখ্য, ছদিনীয়া এই কাৰ্যসূচীৰ ভিতৰত থাকিব একাধিক মত-বিনিময়মূলক অনুষ্ঠান, নেটৱৰ্কিং সন্মিলন, পৰ্যটন স্থলীৰ প্ৰদৰ্শনী আৰু উত্তৰ-পূবৰ বৈচিত্ৰ্যময় তথা স্বকীয় পৰ্যটন অভিজ্ঞতাক জানিব পৰাকৈ বিভিন্ন ক্ষেত্ৰভিত্তিক ভ্ৰমণ। অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম- এই আটাইকেইখন ৰাজ্যৰ সক্ৰিয় সহযোগিতাত এই সন্মিলনে অঞ্চলটোৰ পৰ্যটনৰ উত্তৰণৰ বাবে এক সামূহিক দৃষ্টিভংগী প্ৰকাশ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।


এন ই আই টি চিয়ে এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ ভাৰতৰ পৰ্যটন বিশেষজ্ঞ, ভ্ৰমণ কাহিনী লেখক, ডিজিটেল ইনফ্লুৱেঞ্চাৰ আৰু উদ্যোগ জগতৰ প্ৰতিনিধিসকলক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here