চেফ মনজিৎ সিং গিলৰ নেতৃত্বত ইষ্টার্ন কুলিনেৰী এছ'চিয়েচনৰ উদ্যোগ* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 29 January 2026

চেফ মনজিৎ সিং গিলৰ নেতৃত্বত ইষ্টার্ন কুলিনেৰী এছ'চিয়েচনৰ উদ্যোগ*

 *

 ৩০-৩১ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব 'ফ্লেভাৰছ অব্‌-ইষ্ট' কুলিনেৰী প্রদর্শনী


W7s news,,গুৱাহাটী: উত্তৰ-পূব ভাৰতৰ চহকী ৰন্ধন ঐতিহ্য আৰু বিকশিত খাদ্য সংস্কৃতিৰ উদ্যাপনেৰে পদ্মশ্রী বঁটা বিজয়ী চেফ মনজিৎ সিং গিলক ফেচ অব্ দা ইভেন্ট হিচাপে লৈ ইষ্টার্ন ইন্ডিয়া কুলিনেৰী এছ'চিয়েচনৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ'ব 'ফ্লেভাৰছ অব্‌ নর্থ-ইষ্ট' শীর্ষক দুদিনীয়া কুলিনেৰী প্রদর্শনী। থলুৱা উপাদান, পৰম্পৰাগত ৰন্ধন কৌশল আৰু সমসাময়িক ৰন্ধনৰ উদ্ভাৱন অন্বেষণ কৰাৰ বাবে এই অনুষ্ঠানত চেফ, ঘৰুৱা ৰান্ধনী, আতিথ্য সেৱা খণ্ডৰ ছাত্র, কুলিনেৰী প্রতিষ্ঠান আৰু খাদ্য উদ্যোগৰ অংশীদাৰসকলক এক উমৈহতীয়া মঞ্চত একত্রিত কৰা হ'ব। মণিৰাম দেৱান ট্রেড চেন্টাৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত লাইভ ৰন্ধন প্রতিযোগিতা, চেফৰ নেতৃত্বত ৰান্ধনীশালৰ প্ৰদৰ্শন আৰু উত্তৰ-পূব ভাৰতীয় খাদ্যৰ গভীৰতা, বৈচিত্র্য আৰু ভৱিষ্যতৰ সম্ভাৱনাক উজ্জ্বল কৰি তোলাৰ বাবে জ্ঞান বিনিময়ৰ অধিৱেশন অনুষ্ঠিত হ'ব। মূল প্রতিযোগিতাৰ ভিতৰত থাকিব নর্থ-ইষ্ট প্লেটাৰ প্রতিযোগিতা, য'ত স্থানীয় উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা প্ৰামাণিক আঞ্চলিক খাদ্য প্রদর্শন কৰা হ'ব আৰু 'দুটা স্তৰৰ কেকসজ্জা প্রতিযোগিতা' থাকিব, য'ত বেকাৰী আৰু পেটিচেৰীৰ সৃষ্টিশীলতা আৰু কাৰিকৰী সূক্ষ্মতাক উজ্জ্বল কৰি তোলা হ'ব। এই প্রতিযোগিতাসমূহ ঘৰুৱা চেফ, অপেছাদাৰী চেফ আৰু হোটেল পৰিচালনাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থাকিব, য'ত সমগ্ৰ উত্তৰ-পূব আৰু পূব ভাৰতৰ পৰা অংশগ্রহণকাৰীসকলে ভাগ ল'ব পাৰিব। অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে চেফ মনজিৎ সিং গিল, চেফ অভিৰু বিশ্বাস, চেফ সন্দীপ পাণ্ডে, চেফ ৰংগনাথ মুখার্জী, চেফ জোৱেল বসুমতাৰী, চেফ অতুল লহকৰ ইত্যাদি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here