হৃদযন্ত্ৰৰ চিকিৎসাত নতুন যুগ: মেদান্তাই প্ৰদৰ্শন কৰিছে উন্নত হৃদযন্ত্ৰৰ চিকিৎসাৰ ভৱিষ্যৎ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 28 January 2026

হৃদযন্ত্ৰৰ চিকিৎসাত নতুন যুগ: মেদান্তাই প্ৰদৰ্শন কৰিছে উন্নত হৃদযন্ত্ৰৰ চিকিৎসাৰ ভৱিষ্যৎ

 


W7s news গুৱাহাটী: হৃদযন্ত্ৰৰ ৰোগ (চিভিডি) অসমত জনস্বাস্থ্যৰ এক প্ৰধান আৰু ক্ৰমবৰ্ধমান উদ্বেগ আৰু ৪০ বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্কৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হিচাপে দেখা গৈছে।1 তদুপৰি বিভিন্ন অধ্যয়নে ইংগিত দিছে যে পাহাৰীয়া অঞ্চলকে ধৰি চহৰ অঞ্চলত বাস কৰা লোকসকল চিভিডিৰ প্ৰতি ক্ৰমান্বয়ে অধিক সংবেদনশীল হৈ পৰে, প্ৰায়ে ৪০ বছৰ বয়স হোৱাৰ বহু আগতেই এনে সমস্যা পোহৰলৈ আহিছে।2

নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদান্তা–দ্য মেডিচিটীয়ে ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ (চিএডি) আৰু ভালভুলাৰ হাৰ্ট ডিজিজ (ভিএইছকে)কে ধৰি বহুতো হৃদৰোগৰ ক্লিনিকেল গৱেষণা আৰু উন্নত চিকিৎসা বিকল্পৰ ক্ষেত্ৰত আগবাঢ়ি আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত চিকিৎসা সেৱাৰ উন্নতিৰ অবিৰত প্ৰচেষ্টাত মেদান্তাই নিজৰ বিশেষ বিশেষজ্ঞতা গুৱাহাটীলৈ লৈ আহিছে, মেদান্তা –দ্য মেডিচিটীৰ ইণ্টাৰভেনচনেল কাৰ্ডিঅ’লজী, কাৰ্ডিয়াক কেয়াৰৰ অধ্যক্ষ ডাঃ প্ৰবীণ চন্দ্ৰই উন্নত হৃদৰোগ অৱস্থাৰ আগতীয়া চিনাক্তকৰণ আৰু ব্যৱস্থাপনাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে উল্লেখ কৰে যেস সমগ্ৰ দেশৰ ৰোগীসকলৰ বাবে বিশ্বমানৰ স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ বাবে মেদান্তাৰ প্ৰতিশ্ৰুতি।

হৃদযন্ত্ৰৰ ধমনীত প্লেক জমা হোৱাৰ ফলত হোৱা চিএডি উচ্চ কলেষ্টেৰল, ধূমপান, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা, মানসিক চাপ, দুৰ্বল খাদ্য, নিষ্ক্ৰিয়তাৰ দৰে কাৰকৰ দ্বাৰা ক্ষতিগ্ৰস্ত বা প্ৰভাৱিত হয়। ভিএইচডি-এ হৃদযন্ত্ৰৰ ভালভৰ ক্ষতি কৰে, তেজৰ চলাচলত ব্যাঘাত জন্মায় আৰু উশাহ-নিশাহ লোৱাত কষ্ট, বুকুৰ অস্বস্তি আৰু ভাগৰুৱা অনুভৱ হয়; চিকিৎসা নকৰিলে হৃদযন্ত্ৰৰ বিকলতা বা ষ্ট্ৰোক হ’ব পাৰে।

"২০২৬ বৰ্ষত চিএজি আৰু ভালভুলাৰ হাৰ্ট ৰোগৰ চিকিৎসা-আমি ক'ত উপনীত হৈছো" শীৰ্ষক বিষয়ত বক্তব্য ৰাখি মেদান্তা-দ্য মেডিচিটীৰ ইণ্টাৰভেন্সনেল কাৰ্ডিঅ'লজী, কাৰ্ডিয়াক কেয়াৰৰ অধ্যক্ষ ডাঃ প্ৰবীন চন্দ্ৰই কয় যে, "আমাৰ এতিয়া উন্নত হৃদযন্ত্ৰৰ চিকিত্সাৰ যথেষ্ট বিকল্প আছে-যাৰ ভিতৰত আছে ভালভ মেৰামতি আৰু প্ৰতিস্থাপন বিকল্পৰ এক পৰিসৰ, য'ত ক্ষতিগ্ৰস্ত হাৰ্ট ভালভবোৰ সঠিক কাৰ্য পুনৰ কৰিব পৰাকৈ মেৰামতি কৰা হয় অথবা কৃত্ৰিম ভালভৰ সৈতে সলনি কৰা হয়; ন্যূনতম কটা-ছিঙাৰে ক্ষুদ্ৰ অস্ত্ৰোপচাৰ, য'ত বিষ, দাগ আৰু আৰোগ্যৰ সময় হ্ৰাস কৰিবলৈ সৰু ছিদ্ৰ কৰা হয়; ৰবটিক অস্ত্ৰোপচাৰ-জটিল পদ্ধতিৰ সময়ত বৰ্ধিত নিখুঁততা আৰু নিয়ন্ত্ৰণৰ বাবে ৰবটিক সহায় ব্যৱহাৰ কৰা; আৰু অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু কলেষ্টেৰল পৰিচালনাৰ বাবে পদক্ষেপ আদি।''

ডাঃ চন্দ্ৰই লগতে কয়, "চিকিৎসা বিশেষজ্ঞতা, প্ৰযুক্তি আৰু সম্প্ৰদায়ৰ স্বাস্থ্য কাৰ্যসূচীসমূহক এক ঐক্যবদ্ধ কৌশলত একত্ৰিত কৰি আমি হৃদযন্ত্ৰৰ চিকিত্সাক প্ৰতিক্ৰিয়াশীলৰ পৰা সক্ৰিয়লৈ ৰূপান্তৰিত কৰিব পাৰো—যিয়ে এৰাই চলিব পৰা জটিলতাসমূহ প্ৰতিৰোধ কৰি অগণন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে।"

ইয়াৰ পূৰ্বে ডাঃ চন্দ্ৰই গুৱাহাটীত অ’পিডি সেৱা অনুষ্ঠিত কৰি অসমৰ জনসাধাৰণৰ ওচৰত বিশেষজ্ঞৰ পৰামৰ্শ আৰু নিদান সেৱাৰ সম্প্ৰসাৰণ কৰে।আগন্তুক ৪ শতাধিক বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ উপলক্ষে গুৱাহাটীত ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত কৰাৰ কেইমাহমানৰ পাছতে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰিও মেদান্তাই উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে এক সমৰ্পিত হেল্পলাইন নম্বৰো মুকলি কৰিছে: 8904395588.

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here