W7s news,,গুৱাহাটী,, জানুৱাৰী, ২০২৬: সুখ-দুখ, আশা-নিৰাশাৰ টোপোলা সামৰি অৱশেষত ২০২৫ বৰ্ষক বিদায় জনাই এটা নতুন বছৰৰ সূৰ্যোদয়ে নতুন আশাৰ ৰেঙণিৰে সাজু হৈছে ধৰণী জিলিকাবলৈ। এনে এক সময়তে নতুন বছৰটোৰ বাবে কিছুমান সৰল অথচ তাৎপৰ্যপূৰ্ণ স্বাস্থ্য সংকল্প ল’বলৈ জনসাধাৰণক আহ্বান জনাইছে গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালে। এনে পদক্ষেপে চিকিৎসা সংক্ৰান্তীয় জৰুৰীকালীন অৱস্থা লক্ষণীয়ভাৱে হ্ৰাস কৰাৰ লগতে সামগ্ৰিক কুশলতা বৃদ্ধিত বিশেষ সহায় কৰিব পাৰে।
প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ বিশেষজ্ঞসকলে প্ৰতিগৰাকী ব্যক্তিকে বাৰ্ষিক স্বাস্থ্য পৰীক্ষাক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ আগবঢ়াইছে - বিশেষকৈ ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ দৰে জীৱনশৈলীৰ সৈতে জড়িত ৰোগসমূহ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰাৰ বাবে এই পৰীক্ষাসমূহ অত্যন্ত জৰুৰী। শৰীৰৰ গুৰুত্বপূৰ্ণ স্থিতিসমূহ নিয়মিত নিৰীক্ষণ কৰি থাকিলে ভৱিষ্যতে হ’ব পৰা স্বাস্থ্যৰ জটিলতা ৰোধ কৰাত ই এক নিৰ্ণায়ক ভূমিকা পালন কৰে।
চিকিৎসকসকলে মানসিক স্বাস্থ্যৰ বৰ্ধিত সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো বিশেষ জোৰ দিছে। মানসিক আৰু আৱেগিক সুস্থতাৰ বুজ লোৱা, মানসিক চাপ সঠিকভাৱে পৰিচালনা কৰা আৰু প্ৰয়োজন সাপেক্ষে পেছাদাৰী চিকিৎসকৰ সহায় ল’বলৈ তেওঁলোকে জনসাধাৰণক উৎসাহিত কৰিছে। এই সন্দৰ্ভত জাৰি কৰা পৰামৰ্শৱলীত উল্লেখ কৰা হৈছে যে, “মানসিক স্বাস্থ্য সামগ্ৰিক স্বাস্থ্যৰ এক অপৰিহাৰ্য অংশ আৰু ইয়াক শাৰীৰিক অসুস্থতাৰ দৰেই একেই গুৰুত্বসহকাৰে লোৱা উচিত।”
আনহাতে, মহিলাৰ স্বাস্থ্যৰ বিষয়টোক গুৰুত্ব দি হাস্পতাল কৰ্তৃপক্ষই ৰক্তহীনতা, থাইৰয়ড আৰু অন্যান্য সচৰাচৰ হোৱা অথচ প্ৰায়ে আওকাণ কৰা স্বাস্থ্য সমস্যাসমূহৰ বাবে নিয়মীয়া স্ক্ৰীনিং আৰু সঠিক সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আৱশ্যকতাৰ ওপৰতো বিশেষ জোৰ দিয়ে।
গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে কয়, “নতুন বছৰটো মানুহৰ বাবে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক দায়িত্বশীল হোৱাৰ এক সুযোগ। নিয়মীয়া স্বাস্থ্য পৰীক্ষা, দায়িত্বশীল বাহন চালন আৰু মানসিক স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াৰ দৰে সৰল সংকল্পই বহু জৰুৰীকালীন পৰিস্থিতি ৰোধ কৰিব পাৰে। জৰুৰীকালীন অৱস্থাত ‘গ’ল্ডেন আৱাৰ’ৰ সজাগতা আৰু ৰাজহুৱা সহযোগিতাই জীৱন ৰক্ষাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে।”
নতুন বছৰৰ পৰামৰ্শৱলীৰ অংশ হিচাপে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে পথ সুৰক্ষা আৰু দায়িত্বশীল বাহন চালনৰ ওপৰতো বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। মদ্যপান কৰি বাহন চলোৱাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকা, চিটবেল্ট আৰু হেলমেট পৰিধান কৰা তথা যান-বাহনৰ নিয়ম মানি চলিবলৈ হাস্পতাল কৰ্তৃপক্ষই সকলোকে আহ্বান জনায়। প্ৰতিষ্ঠানটোৱে গুৰুতৰ আঘাত বা জৰুৰীকালীন চিকিৎসাৰ ক্ষেত্ৰত ‘গ’ল্ডেন আৱাৰ’— অৰ্থাৎ প্ৰথম এক ঘণ্টাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা পুনৰ দোহাৰে, যি সময়ত সঠিক চিকিৎসাসেৱাই মানুহৰ প্ৰাণ ৰক্ষা কৰিব পাৰে।
চিকিৎসকসকলে এম্বুলেন্স আৰু জৰুৰীকালীন বাহনক পথ এৰি দিবলৈ চালক তথা ৰাইজক বিনম্ৰ অনুৰোধ জনায়। তেওঁলোকে উল্লেখ কৰা মতে, জৰুৰীকালীন চিকিৎসাৰ সঁহাৰি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সামূহিক সজাগতা আৰু সহযোগিতা অতি আৱশ্যকীয় উপাদান।
এই নতুন বছৰৰ স্বাস্থ্য সংকল্পৰ পৰামৰ্শৱলীৰ জৰিয়তে পিয়াৰলেছ হাস্পতালে সমাজৰ মাজত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, ৰাজহুৱা সুৰক্ষা আৰু সময়মতে জৰুৰীকালীন চিকিৎসাৰ সেৱা প্ৰসাৰিত কৰিবলৈ তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিছে।

No comments:
Post a Comment