গুৱাহাটী-শ্বিলং ঘাইপথত বস্ত্ৰশিল্প, পৰ্যটন আৰু থলুৱা উদ্যোগৰ অভিনৱ সংগম ৰি চাইৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 1 January 2026

গুৱাহাটী-শ্বিলং ঘাইপথত বস্ত্ৰশিল্প, পৰ্যটন আৰু থলুৱা উদ্যোগৰ অভিনৱ সংগম ৰি চাইৰ


 

W7s news,,গুৱাহাটী,  ২০২৬: গুৱাহাটী-শ্বিলং ঘাইপথত সাংস্কৃতিক পৰ্যটনৰ এক নতুন মাত্ৰা যোগ কৰি নংপোত শেহতীয়াকৈ মুকলি হৈছে ‘ৰি চাই’ নামৰ এক বিশেষ সাংস্কৃতিক কেন্দ্ৰ। আতিথ্য, সুস্বাদু ভোজন, থলুৱা বস্ত্ৰশিল্প আৰু হস্তশিল্প ভিত্তিক জীৱিকাক একেটা গন্তব্যস্থানতে একত্ৰিত কৰি এই কেন্দ্ৰটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ঘাইপথ পৰ্যটনৰ এক নতুন আৰ্হি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। গুৱাহাটী আৰু শ্বিলঙৰ মাজভাগত অৱস্থিত এই প্ৰকল্পটোৱে যাত্ৰীসকলৰ বাবে কেৱল এটা চমু বিৰতিৰ স্থলী হোৱাৰ পৰিবৰ্তে তেওঁলোকক কিছু সময় থমকি ৰৈ মেঘালয়ৰ জীৱন্ত সাংস্কৃতিক পৰম্পৰাক ওচৰৰ পৰা অনুভৱ কৰিবলৈ উৎসাহিত কৰিছে।


মন কৰিবলগীয়া যে, ‘ৰি চাই’ৰ কেন্দ্ৰবিন্দু হৈছে মেঘালয় চৰকাৰৰ বস্ত্ৰশিল্প বিভাগৰ দ্বাৰা বিকশিত এক সংহত বস্ত্ৰশিল্প আৰু পৰ্যটন কেন্দ্ৰ (আই টি টি চি)। এই কেন্দ্ৰটোৱে বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জি আই-টেগযুক্ত এৰি সূতাৰ সংৰক্ষণ আৰু ইয়াৰ প্ৰসাৰত মনোনিবেশ কৰিছে। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীসকলে এৰি সূতাৰ কেঁচা আঁহৰ পৰা কাপোৰলৈকে হোৱা উৎপাদনৰ সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰত্যক্ষ কৰাৰ লগতে ইয়াৰ সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক গুৰুত্বৰ বিষয়েও জানিবলৈ সক্ষম হ’ব। উল্লেখযোগ্য যে, বৰ্তমান বিশ্বজুৰি এৰি সূতা বা অহিংসা চিল্কৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সময়তে এই কেন্দ্ৰটোৱে পৰ্যটনক শিল্পীসকলৰ জীৱিকাৰ সৈতে সংপৃক্ত কৰিছে। ইয়াৰ ফলত পৰম্পৰাগত বস্ত্ৰশিল্প কেৱল যাদুঘৰৰ প্ৰদৰ্শনীৰ মাজতে আবদ্ধ নাথাকি এক আধুনিক অৰ্থনৈতিক প্ৰবাহৰ অংশ হিচাপেহে আত্মপ্ৰকাশ কৰিছে।


ইফালে, এই আই টি টি চিৰ আন এক বিশেষ আকৰ্ষণ হৈছে এখন সুপৰিকল্পিত বিপণী, য’ত মেঘালয়ৰ থলুৱা তথা জি আই-টেগযুক্ত সামগ্ৰীসমূহ স্থান দিয়া হৈছে। ইয়াত এৰি সূতাৰ বস্ত্ৰৰ লগতে বাঁহৰ হস্তশিল্প, লাৰানি মৃৎশিল্প, লাকাডং হালধি আৰু থলুৱা কাঠৰ শিল্পৰ এক মনোমোহা সম্ভাৰ দৰ্শনাৰ্থীৰ বাবে উপলব্ধ হ’ব। এই খুচুৰা বিক্ৰীৰ ব্যৱস্থাই এফালে স্থানীয় উৎপাদকসকলক পোনপটীয়া বজাৰৰ সুবিধা কৰি দিয়াৰ লগতে একে সময়তে পৰ্যটকসকলক অঞ্চলটোৰ প্ৰামাণিক থলুৱা সামগ্ৰীসমূহৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰিব।


আনহাতে, ‘ৰি চাই’ৰ ভিতৰত থকা ৰেষ্টুৰেণ্টখনক এক স্বতন্ত্ৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলা হৈছে, যিয়ে ঘাইপথৰ ভোজনৰ অভিজ্ঞতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। পথৰ কাষৰ সাধাৰণ খোৱা ঠাইতকৈ ই যথেষ্ট পৃথক। ইয়াত সুপৰিকল্পিত ঠাইৰ লগতে নংপোহৰ পাহাৰৰ এক বিস্তৃত দৃশ্য উপভোগ কৰাৰ সুবিধা আছে। ইয়াৰ ফলত যাত্ৰীসকলে খৰখেদা নকৰি অতি আৰামদায়কভাৱে আহাৰ গ্ৰহণ কৰিব পাৰিব। দৰ্শনাৰ্থীসকলে ইয়াত মেঘালয়ৰ থলুৱা সোৱাদৰ লগতে পৰিচিত ভাৰতীয় ব্যঞ্জনৰো জুতি ল’ব পাৰিব। এই ৰেষ্টুৰেণ্টখনত প্ৰতিসাজ আহাৰ প্ৰস্তুত কৰা হয় অতি সযতনে আৰু সতেজ উপাদানেৰে। লগতে এক পৰিষ্কাৰ আৰু আমন্ত্ৰণমূলক পৰিৱেশত সেয়া পৰিৱেশন কৰা হয়। ৰেষ্টুৰেণ্টখনত ঘৰৰ ভিতৰত বহাৰ আসনৰ উপৰি প্ৰাকৃতিক দৃশ্য দেখা পোৱাকৈ বাহিৰৰ মুকলি ঠাইৰো ব্যৱস্থা আছে। আচলতে আঞ্চলিক খাদ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু সুনিপুণ ডিজাইনৰ সমন্বয়ত এই ৰেষ্টুৰেণ্টখন অঞ্চলটোৰ ঘাইপথৰ কাষৰ এনে এক বিৰল ভোজনস্থলী হিচাপে পৰিগণিত হৈছে, য’ত অতিথিসকলে লাভ কৰিব পাৰে আৰাম, মৌলিকতা আৰু এক আপোন অনুভূতি।


তদুপৰি, ‘ৰি চাই’ত থকাৰ সু-ব্যৱস্থা হিচাপে উপলব্ধ কৰোৱা হৈছে ৰি চাই কটেজ ষ্টে। ইয়াত আৰাম আৰু গোপনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এটা আৰু দুটা শোৱা কোঠাৰ কটেজ তথা কোঠাসমূহ নিৰ্মাণ কৰা হৈছে। আধুনিক সা-সুবিধা আৰু বাহিৰত বহাৰ সুন্দৰ ব্যৱস্থাৰে সমৃদ্ধ এই কটেজসমূহে পৰিয়াল, পথচাৰী আৰু ঘাইপথৰ পৰা সহজে আহ-যাহ কৰি অলপ বেছি সময় জিৰণি ল’ব বিচৰা অতিথিৰ প্ৰয়োজনসমূহ পূৰণ কৰিব।


উল্লেখ্য যে, মেঘালয়ৰ হোটেল চেণ্টাৰ পইণ্ট, ৰি কিঞ্জাই, দ্য শ্বিলং এড্ৰেছ আৰু অসমৰ দ্য গুৱাহাটী এড্ৰেছৰ দৰে আগশাৰীৰ আতিথ্য প্ৰতিষ্ঠান চলাই থকা চি পি জি ই হস্পিটালিটি গ্ৰুপৰ মালিকানাধীন আৰু তত্ত্বাৱধানতে এই সমগ্ৰ প্ৰকল্পটো পৰিচালিত হৈছে। এনেদৰে খাদ্য, থকাৰ ব্যৱস্থা, বস্ত্ৰশিল্প আৰু হস্তশিল্পক একত্ৰিত কৰি ৰি চাইয়ে সাংস্কৃতিক পৰ্যটনৰ এক অনুকৰণীয় আৰ্হি দাঙি ধৰিছে। ইয়াৰ জৰিয়তে ভ্ৰমণ পথসমূহৰ সৈতে স্থানীয় অৰ্থনীতি আৰু উদ্যোগসমূহকো সুন্দৰভাৱে সংযোগ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here