চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত সংগীতৰ প্ৰতিভা অন্বেষণঃ অসম চৰকাৰ আৰু দ্য হান্স ফাউণ্ডেশ্যনৰ বিশেষ পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 3 January 2026

চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত সংগীতৰ প্ৰতিভা অন্বেষণঃ অসম চৰকাৰ আৰু দ্য হান্স ফাউণ্ডেশ্যনৰ বিশেষ পদক্ষেপ


 

W7s news,,গুৱাহাটী,  জানুৱাৰী, ২০২৬: চাহ বাগিচা সম্প্ৰদায়ৰ মাজত সামগ্ৰিক শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে, দ্য হান্স ফাউণ্ডেশ্যনে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সহযোগত ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয়সমূহৰ বাবে ঘোষণা কৰিছে এক বৃহৎ পৰিসৰৰ সংগীত প্ৰতিভা অন্বেষণ আৰু মাৰ্গদৰ্শন কাৰ্যসূচীৰ।

এই অভিনৱ কাৰ্যসূচীয়ে শোণিতপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ বাগিচা বলয়ত অৱস্থিত ৫৪ খন আদৰ্শ বিদ্যালয়ক সামৰি লৈছে। দ্য হান্স ফাউণ্ডেশ্যন আৰু অসম চৰকাৰৰ যৌথ অংশীদাৰিত্বৰে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাৰ সুলভতা, গুণগত মান আৰু ফলাফল উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। বৰ্তমান ‘উত্তম শিক্ষা’ কাৰ্যসূচীৰ অধীনত এই বিদ্যালয়সমূহক সহায় আগবঢ়াই থকা হৈছে আৰু অহা এপ্ৰিল মাহৰ ভিতৰত আঁচনিখনৰ পৰিসৰ ১০১ খন বিদ্যালয়লৈ বৃদ্ধি পাব।

লক্ষ্যণীয় যে, যোৱা ২০২৫ বৰ্ষৰ ৪ এপ্ৰিলত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। সেই উদ্দেশ্যে তেওঁ এই আদৰ্শ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত সংগীত শিক্ষাকে ধৰি পদ্ধতিগত সহ-পাঠ্যক্ৰম আৰু বৃত্তিমুখী কাৰ্যসূচী অন্তৰ্ভুক্ত কৰাৰ আৱশ্যকতাৰ কথা দোহাৰিছিল।

মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশনাক সৰোগত কৰি দ্য হান্স ফাউণ্ডেশ্যনে ৫৪ খন আদৰ্শ বিদ্যালয়ত আনুষ্ঠানিক সংগীত শিক্ষা কাৰ্যসূচী আৰম্ভ কৰে। এই কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰতিখন শিক্ষানুষ্ঠানত নিৰ্দিষ্ট সংগীত শিক্ষক নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, যোৱা কেইবামাহো ধৰি এই বিদ্যালয়সমূহৰ ১৪,০০০ তকৈও অধিক চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে সপ্তাহত নিয়মিতভাৱে অনুষ্ঠিত সংগীতৰ শ্ৰেণীসমূহত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে।

এই প্ৰচেষ্টাৰ ওপৰত ভিত্তি কৰিয়েই দ্য হান্স ফাউণ্ডেশ্যন আৰু মাধ্যমিক শিক্ষা বিভাগে এতিয়া এক ৰাজ্যিক পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা অসাধাৰণ প্ৰতিভাক চিনাক্ত কৰি সঠিক মাৰ্গদৰ্শন দিব পৰা যায়। ইয়াৰ লক্ষ্য কেৱল সংগীতৰ দক্ষতা স্বীকাৰ কৰাই নহয়, বৰঞ্চ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক শিক্ষাৰ লগতে সহ-পাঠ্যক্ৰমতো পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত কৰা।

কাৰ্যসূচীৰ নিৰ্ধাৰিত সূচী অনুসৰি, অহা এমাহ ধৰি সকলো অংশগ্ৰহণকাৰী আদৰ্শ বিদ্যালয়ত প্ৰাৰম্ভিক পৰ্যায়ৰ অডিচন অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে শোণিতপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ত জিলা পৰ্যায়ৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হ’ব, য’ৰ পৰা ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক বাছনি কৰা হ’ব। অহা ২১ জানুৱাৰীত ডিব্ৰুগড়ত এখন প্ৰাক-ৰাজ্যিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু তাৰ মাজৰ পৰাই শ্ৰেষ্ঠ ১৫ গৰাকী প্ৰতিভাক উন্নত মাৰ্গদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হ’ব।

এই চূড়ান্ত প্ৰতিযোগীসকলক পৰৱৰ্তী সময়ত গুৱাহাটীলৈ অনা হ’ব আৰু ইয়াত তেওঁলোকৰ বাবে নিবিড় গ্ৰুমিং তথা মাৰ্গদৰ্শনমূলক বিশেষ সমাৱেশৰ আয়োজন কৰা হ’ব। এই সমগ্ৰ যাত্ৰাৰ সামৰণি পৰিব ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এক গ্ৰেণ্ড ফিনালেৰ জৰিয়তে, য’ত শ্ৰেষ্ঠ পাঁচগৰাকী প্ৰতিভাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

দ্য হান্স ফাউণ্ডেশ্যনৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগ্ৰেম মেনেজাৰ জুৰিস্মিতা পূজাৰীয়ে কয়, “দ্য হান্স ফাউণ্ডেশ্যনত আমি বিশ্বাস কৰোঁ যে ল’ৰা-ছোৱালীক প্ৰকৃততে সৱল কৰি তুলিবলৈ শিক্ষা কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থকাটো উচিত নহয়। বিশেষকৈ সমাজৰ পিছপৰা শ্ৰেণীৰ শিশুসকলৰ বাবে সংগীত আত্মপ্ৰকাশ, আত্মবিশ্বাস বৃদ্ধি আৰু অনুশাসন গঢ়াৰ এক শক্তিশালী মাধ্যম হিচাপে প্ৰমাণিত হৈছে। আমাৰ সংগীতৰ শ্ৰেণীসমূহত ১৪,০০০ তকৈও অধিক চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ অভূতপূৰ্ব সঁহাৰিয়ে এই ধাৰণাক অধিক দৃঢ় কৰিছে যে সুযোগৰ অভাৱ হ'লেও প্ৰতিভা সকলোৰে মাজতে থাকে। এই প্ৰতিভা অন্বেষণ আৰু মাৰ্গদৰ্শন কাৰ্যসূচীৰ জৰিয়তে যোগ্য শিশুসকলক আমি এখন মঞ্চ, দীৰ্ঘম্যাদী শৈক্ষিক সহায় আৰু প্ৰয়োজনীয় পৰিচিতি প্ৰদান কৰিব বিচাৰোঁ, যিয়ে তেওঁলোকৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব পাৰে।”

এই প্ৰতিযোগিতাৰ বিজয়ীসকলে স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষা বৃত্তি লাভ কৰাৰ লগতে মুম্বাইস্থিত প্ৰখ্যাত ভাৰতীয় কণ্ঠশিল্পী সুৰেশ ৱাডকাৰৰ সংগীত প্ৰতিষ্ঠান ভ্ৰমণৰ এক বিৰল সুযোগ লাভ কৰিব। ইয়াৰ উপৰি তেওঁলোকক বিভিন্ন বঁটা আৰু স্বীকৃতিৰে সন্মানিত কৰা হ’ব।

আনহাতে, অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হোজাইয়ে কয়, “অসম চৰকাৰ বিশেষকৈ চাহ বাগিচা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰিবলৈ দায়বদ্ধ। আদৰ্শ বিদ্যালয়সমূহত সংগীতৰ দৰে সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ অন্তৰ্ভুক্তি চৰকাৰৰ এই দৃষ্টিভংগীৰে প্ৰতিফলন। ‘উত্তম শিক্ষা’ কাৰ্যসূচীৰ অধীনত দ্য হান্স ফাউণ্ডেশ্যনৰ সৈতে হোৱা এই সহযোগিতাই তৃণমূল পৰ্যায়ত শৈক্ষিক ফলাফল অধিক শক্তিশালী কৰিছে। সংগীতৰ প্ৰতিভা চিনাক্ত কৰি তাক বিকশিত কৰাৰ এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাৰ বাহিৰতো উৎকৰ্ষ সাধন কৰিবলৈ অনুপ্ৰাণিত কৰিব।”

এই বিশেষ পদক্ষেপৰ জৰিয়তে দ্য হান্স ফাউণ্ডেশ্যনে চাহ জনজাতীয় শিশুসকলৰ মাজত নিহিত হৈ থকা সুপ্ত প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰিব বিচাৰিছে। লগতে, ছাত্ৰ-ছাত্ৰীসকলক সহ-পাঠ্যক্ৰম কাৰ্যসূচীত নিৰন্তৰ অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে আত্মবিশ্বাস, সৃজনীশীলতা আৰু ভৱিষ্যতৰ সুযোগ গঢ়াৰ ক্ষেত্ৰত কলা শিক্ষাৰ ভূমিকা পুনৰ দৃঢ় কৰাই হৈছে ইয়াৰ অন্যতম লক্ষ্য।

মন কৰিবলগীয়া যে, এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগ আৰু দ্য হান্স ফাউণ্ডেশ্যনৰ যৌথ সহযোগত। এই পদক্ষেপে চাহ বাগিচা সম্প্ৰদায়ৰ শিশুসকলৰ বাবে অন্তৰ্ভুক্তিমূলক আৰু গুণগত শিক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত দুয়োটা পক্ষৰে এক উমৈহতীয়া দায়বদ্ধতা প্ৰতিফলিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here