Ozempic® বিশ্বৰ সৰ্বাধিক প্ৰেছক্ৰিপচন কৰা GLP-1 এতিয়া ভাৰতত উপলব্ধ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 13 December 2025

Ozempic® বিশ্বৰ সৰ্বাধিক প্ৰেছক্ৰিপচন কৰা GLP-1 এতিয়া ভাৰতত উপলব্ধ


 

ভাৰতত প্ৰাপ্তবয়স্ক টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে   প্ৰথম শাৰীৰ চিকিৎসা, খাদ্য আৰু ব্যায়ামৰ সংযোজক হিচাপে অনুমোদিত অজেম্পিক হৈছে সপ্তাহত এবাৰকৈ বেজী দিব পৰা ছেমাগ্লুটাইডৰ উপাদান


তেজত চেনীৰ পৰিমাণ  ফলপ্ৰসূভাৱে হ্ৰাস কৰাৰ লগতে  অজেম্পিক ডায়েবেটিছ ৰোগীৰ ওজন হ্ৰাসৰ ক্ষেত্ৰতো উপযোগী বুলি ক্লিনিকেলভাৱে প্ৰমাণিত হৈছে


শক্তিশালী HbA1C নিয়ন্ত্ৰণ আৰু ওজন সংক্ৰান্তীয় উপকাৰৰ উপৰিও অজেম্পিকৰ অতিৰিক্ত সুবিধাসমূহৰ ভিতৰত আছে ডায়েবেটিছ ৰোগীৰ হৃদযন্ত্ৰ আৰু বৃক্কৰ সুৰক্ষা।


W7s news,,নতুন দিল্লী, ১২ ডিচেম্বৰ: বহুজাতিক  স্বাস্থ্যসেৱা প্ৰতিষ্ঠান ন’ভ’ নৰ্ডিস্কে আজি ভাৰতত অ’জেম্পিক (বেজীযুক্ত চেমাগ্লুটাইড) মুকলি কৰাৰ কথা ঘোষণা কৰে। অজেম্পিক হৈছে অনিয়ন্ত্ৰিত টাইপ ২ ডায়েবেটিছ মেলিটাছ (T2DM) ৰোগত আক্ৰান্ত প্ৰাপ্তবয়স্কসকলৰ বাবে খাদ্য আৰু ব্যায়ামৰ সংযোজক হিচাপে সপ্তাহত এবাৰকৈ গ্ৰহণ কৰা জিএলপি-১ আৰএ (ৰিচেপ্টৰ এগ'নিষ্ট)।


ভাৰতত এক গুৰুত্বপূৰ্ণ সময়ত অজেম্পিকৰ আগমন ঘটিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ ২০২৩-২৪ চনৰ হিচাপ অনুসৰি ভাৰতত ১০১ নিযুত  (ভাৰতৰ জনসংখ্যাৰ প্ৰায় ১১.৪%) ডায়েবেটিছ ৰোগত আক্ৰান্ত লোক আছে, যাৰ ফলত ভাৰত চীনৰ পিছতে বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম ডায়েবেটিছ আক্ৰান্ত জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হৈছে। দেশখনত প্ৰিডায়েবেটিছ ৰোগীৰ সংখ্যা ১৩৬ নিযুত আৰু সাধাৰণীকৃত মেদবহুলতাৰ সৈতে জীয়াই থকা ২৫৪ নিযুত লোকো আছে, যিয়ে ফলপ্ৰসূ, প্ৰমাণভিত্তিক চিকিৎসাৰ প্ৰয়োজন হোৱা এক ত্বৰান্বিত স্বাস্থ্য প্ৰত্যাহ্বানৰ সংকেত দিয়ে।


অজেম্পিকৰ  ক্লিনিকেল সুবিধাসমূহ


ওজন হ্ৰাসৰ  সুবিধাৰ সৈতে শক্তিশালী HbA1c হ্ৰাস পোৱাটো প্ৰদৰ্শন কৰিছিল যিয়ে উন্নত বিপাকীয় স্বাস্থ্যৰ সমৰ্থন কৰিছিল।


HbA1c =7% থকা প্ৰাপ্তবয়স্কৰ বাবে উপযোগী, য’ত হৃদযন্ত্ৰ সংক্ৰান্তীয় আশংকা বেছি থকা বা  হৃদযন্ত্ৰৰ ৰোগ থকাসকলো অন্তৰ্ভুক্ত।


হৃদযন্ত্ৰ সংক্ৰান্তীয় অতিৰিক্ত পৰিঘটনা হ্ৰাস কৰে যি দীৰ্ঘদিনীয়া T2DM  থকা       লোকসকলৰ বাবে এটা মূল চিন্তাৰ বিষয় ।


 দীৰ্ঘম্যাদী স্বাস্থ্যৰ ফলাফলক সমৰ্থন কৰি দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগৰ অগ্ৰগতিৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰে।


নভো নৰ্ডিস্ক ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বিক্ৰান্ত শ্ৰোত্ৰিয়াই কয়- "অজেম্পিকক ভাৰতলৈ অনাটো এটা ডাঙৰ মাইলৰ খুঁটি। বিশ্বজুৰি থকা আস্থা, প্ৰমাণিত ক্লিনিকেল উৎকৰ্ষতা আৰু বিশ্বমানৰ মানদণ্ডৰ দ্বাৰা সমৰ্থিত তথা শক্তিশালী যোগান শৃংখলৰ দ্বাৰা পৰিচালিত অজেম্পিকে ভাৰতীয় চিকিৎসকসকলক এক ফলপ্ৰসূ চিকিৎসাৰ পছন্দ আগবঢ়ায়। আমাৰ লক্ষ্য হৈছে ৰোগীসকলক উন্নত গ্লাইচেমিক নিয়ন্ত্ৰণ, অৰ্থপূৰ্ণ ওজন ব্যৱস্থাপনা আৰু দীৰ্ঘম্যাদী হৃদযন্ত্ৰ আৰু বৃক্কৰ সুৰক্ষা প্ৰদান কৰা এক উদ্ভাৱনীমূলক আৰু সুলভ চিকিৎসা প্ৰদান কৰা - এই সকলোবোৰ এটা সহজ, ব্যৱহাৰ কৰাত সৰল  কলম সদৃশ যন্ত্ৰৰ জৰিয়তে প্ৰদান কৰা হয়। এই সপ্তাহত এবাৰকৈ প্ৰদান কৰা  চিকিৎসাই উন্নত স্বাস্থ্য ফলাফল আৰু দীৰ্ঘদিনীয়া ৰোগৰ যত্নৰ বাবে ন'ভ' নৰ্ডিস্কৰ  প্ৰতিশ্ৰুতিক প্ৰদৰ্শন কৰে।"


অজেম্পিকে কেনেকৈ কাম কৰে?

অজেম্পিক হৈছে এটা GLP-1 ৰিচেপ্টৰ এগ'নিষ্ট যিয়ে সহায় কৰে:


গ্লাইচেমিক নিয়ন্ত্ৰণ উন্নত কৰে আৰু HbA1c হ্ৰাস কৰে।


মগজুৰ ভোক নিয়ন্ত্ৰণ কৰা অংশত ক্ৰিয়া কৰি ভোক আৰু খাদ্য গ্ৰহণ নিয়ন্ত্ৰণ কৰে।


T2DM ৰোগীৰ ওজন হ্ৰাস কৰাত সহায় কৰে।


ডায়েবেটিছৰ লগত জড়িত হৃদযন্ত্ৰ আৰু বৃক্কৰ জটিলতাৰ আশংকা হ্ৰাস কৰে।


সপ্তাহত এবাৰ ব্যৱহাৰ আৰু বিশ্বব্যাপী বিশ্বাসযোগ্য সুৰক্ষা প্ৰফাইলে ইয়াক কেইবাখনো দেশৰ ক্লিনিকেল প্ৰেকটিছত এক পছন্দৰ চিকিৎসা বিকল্প  কৰি তুলিছে।


মূল GLP-1 RA (ছেমাগ্লুটাইড) থেৰাপী অজেম্পিক,ন'ভ' নৰ্ডিস্কৰ দ্বাৰা ২০বছৰতকৈও অধিক সময় ধৰি গৱেষণাৰ দ্বাৰা বিকশিত আৰু ৩৮ নিযুত  ৰোগীৰ ক্ষেত্ৰত বছৰ - বছৰ ধৰি  বিশ্বব্যাপী ক্লিনিকেল ব্যৱহাৰৰ দ্বাৰা সমৰ্থিত। শেহতীয়াকৈ ছেমাগ্লুটাইডক বিশ্ব স্বাস্থ্য সংস্থাৰ  Model List of Essential Medicines ত অন্তৰ্ভুক্ত কৰা হৈছে - যিয়ে ডায়েবেটিছ আৰু মেদবহুলতাত আক্ৰান্ত লোকসকলৰ বাবে এই উদ্ভাৱনী চিকিৎসাৰ প্ৰমাণিত স্বাস্থ্য উপকাৰিতাৰ ওপৰত আলোকপাত কৰিছে। ভাৰতত এতিয়া অজেম্পিক ফ্লেক্সটাচ পেনত ০.২৫ মিলিগ্ৰাম, ০.৫ মিলিগ্ৰাম আৰু ১ মিলিগ্ৰামৰ বিকল্পত উপলব্ধ,এয়া হৈছে ব্যৱহাৰ কৰিবলৈ সহজ  সপ্তাহত এবাৰ ব্যৱহাৰ কৰা পেন ডিভাইচ। একাধিক ড’জিং শক্তিয়ে চিকিৎসকৰ দ্বাৰা নিৰ্দেশিত টাইটাৰেচন আৰু দীৰ্ঘম্যাদী ডায়েবেটিছ ব্যৱস্থাপনাক সমৰ্থন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here