- W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 11 December 2025


 এই বৰ্ষত এদিনীয়াকৈ উদযাপন কৰা হ'ব 'বাদুংদুপ্পা' নাট সমাৰোহ




W7s news গুৱাহাটী:বিগত বৰ্ষত ৰূপালী জয়ন্তী অতিক্ৰম কৰা 'বাদুংদুপ্পা কলাকেন্দ্ৰ‌'ই এই দীঘলীয়া সময়ছোৱাত নিৰন্তৰ নাট্য চৰ্চা কৰি আহিছে। এই নাট্যচৰ্চা অভিনৱ আৰু সুকীয়া বুলি ইতিমধ্যে স্বীকৃত হৈছে। বছৰৰ আটাইকেইটা দিনেই এটা কেন্দ্ৰত থাকি প্ৰতিদিনেই নাট অভ্যসন কৰা বাদুংদুপ্পাৰ শৈলীয়ে নাট্যবোদ্ধা সকলক আকৰ্ষিত কৰি আহিছে। বাদুংদুপ্পাৰ জনক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই নিৰ্মাণ কৰা কম সংলাপ অধিক শৰীৰী সজ্জাৰ এই শৈলীক নতুন আৰু একক আখ্যা দিয়া হৈছে।

আঢ়ৈটা দশকত বাদুংদুপ্পাই বহুকেইটা সম্পৰীক্ষা কৰিছে। তাৰ ভিতৰত- Retelling Legends Through Theatre, Performing Identity, Live Theatre, Ritual Theatre আদি লেখত ল'বলগীয়া। এই সম্পৰীক্ষাসমূহত দেশ বিদেশৰ বহু নাট্যবোদ্ধা, গৱেষকে গোৱালপাৰাৰ ৰামপুৰৰ দৰে এখন অখ্যাত ঠাইত আহি ভীৰ কৰিছে। একেদৰে বাদুংদুপ্পাইও নিজৰ শৈলীক দেশে বিদেশে কঢ়িয়াই ফুৰিছে। 

ৰাজ্যখনৰ নাট্যক্ষেত্ৰলৈ বাদুংদুপ্পাৰ 'আণ্ডাৰ দা চাল ট্ৰি' নাট সমাৰোহ এক বিশেষ অৱদান। এই বৰ্ষত ষোল্ল অধ্যায়ত প্ৰৱেশ কৰা আণ্ডাৰ দা চাল ট্ৰি নাট সমাৰোহত ৰাজ্যখনৰ ওপৰিও দেশ বিদেশৰ অগণন দৰ্শকে ভিৰ কৰে। 

প্ৰতি বছৰে ডিচেম্বৰ মাহৰ পোন্ধৰ তাৰিখৰ পৰা অনুষ্ঠিত হৈ অহা এই নাট সমাৰোহখন এই বৰ্ষত এদিনীয়াকৈ উদযাপন কৰা হ'ব। এই সন্দৰ্ভত বাদুংদুপ্পাৰ পৰিচালন সঞ্চালক মদন ৰাভাই কয় যে- নতুন পৰিকল্পনাৰে নতুন সম্পৰীক্ষাৰে পুণৰ যাত্ৰা আৰম্ভ কৰাৰ আগমুহুৰ্তত আমি কিছু সময়ৰ বাবে দৰক দিছো। সেয়ে এই বৰ্ষৰ আয়োজন অলপ অনুষ্টুপীয়া। আহি থকা বৰ্ষত আমি পুৰ্ণোদ্যমে আগবাঢ়ি যোৱাৰ সংকল্প লৈছো। তেখেতে জনায় যে এই বৰ্ষত পোন্ধৰ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা আণ্ডাৰ দা চাল‌ ট্ৰি নাট সমাৰোহত তিনিখন নাটক প্ৰদৰ্শিত হ'ব। বাদুংদুপ্পাৰ নিজা প্ৰযোজনা -ৰঞ্জুমুক। মদন ৰাভাৰ ৰচনা আৰু ধনঞ্জয় ৰাভাৰ পৰিচালনাৰে এঘন্টা দৈৰ্ঘৰ নাটকখনৰ আগে আগে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিব বিশিষ্ট সাহিত্যিক আৰু বৰিষ্ঠ সাংবদিক দিলীপ চন্দনে।


সমাৰোহৰ দ্বিতীয়খন নাটক নগাঁৱৰ মিৰদানৰ প্ৰযোজনা ' এদিন তেওঁ আহিব'। অংশুমান শ‌ইকীয়াৰ পৰিচালনাৰে 'এদিন তেওঁ আহিব' বিখ্যাত এবচাৰ্ড নাটক ' ৱেইটিং ফৰ গ'ড'ৰ অসমীয়া অভিযোজনা। পঞ্চাশ মিনিট দৈৰ্ঘৰ নাটকখনৰ পাছত ২.৩০  বজাত প্ৰদৰ্শিত হ'ব নিৰ্মল বাৰ্মাৰ ৰচনা আৰু অনুপ হাজৰিকাৰ পৰিচালনা তথা অভিনয়ৰে -' ডেঢ় ইঞ্চ উপৰ'। বা এ কালচাৰেল‌ অৰ্গেনাইজেচনৰ প্ৰযোজনা 'ডেঢ় ইঞ্চ উপৰ' দৈৰ্ঘ পঞ্চাশ মিনিট। 

সঞ্চালক মদন ৰাভাই দৰ্শক আৰু শুভাকাংখীৰ সহায় সহযোগীতা কামনা কৰি কয় যে- বাদুংদুপ্পা নিতান্ত‌ই ৰাইজৰ অনুষ্ঠান। ৰাজ্যখনৰ শুভানুধ্যায়ীৰ আশীৰ্বাদৰে ই ৰূপালী জয়ন্তী অতিক্ৰম কৰিছে। অনাগত দিনবোৰতো ৰাইজৰ শুভাকাংখাই ইয়াক আগবঢ়াই নিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here