W7s news,,গুৱাহাটী, ১৪ ডিচেম্বৰ - মহিলাৰ সবলীকৰণৰ বাবে গুৱাহাটীৰ ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলত দেওবাৰৰ পৰা ৱোমানিয়াজে ৰ দুদিনীয়া "বিগ পপ আপ 2.0" অনুষ্ঠান আয়োজন কৰা হৈছে।
বিশিষ্ট অতিথি পয়াল চদ্ধা, আৰজে মণ্ডী, নমিতা কোঠাৰী আৰু সঞ্জয় ছাব্ৰাৰ উপস্থিতিত "বিগ পপ আপ 2.0" উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত ৱোমানিয়াজেৰ প্ৰতিষ্ঠাপক দিব্যা ছিওটিয়া আৰু নুপুৰ আগ্ৰাৱালাৰ লগতে চিটি হেড ছুইটি আগৰৱালা আৰু বহু সংখ্যক সদস্য উপস্থিত থাকে। সকলো আমন্ত্ৰিত অতিথিয়ে মহিলাসকলক সবলীকৰণ আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে ৱোমানিয়াজেৰ প্ৰশংসা কৰে। সকলো গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণকাৰী মহিলা উদ্যোগী সকলক সফলতা কামনা কৰি তেওঁলোকৰ কথাৰে উৎসাহিত কৰে। উৎসৰ্গিত অগ্ৰণী মহিলা সংগঠন ৱোমানিয়াজেৰ
প্ৰতিষ্ঠাপক দিব্যা ছিওটিয়াই কয় যে এই অনুষ্ঠানৰ লক্ষ্য হৈছে মহিলা উদ্যোগী আৰু তেওঁলোকৰ সামগ্ৰীৰ প্ৰচাৰ। তেখেতে কয় যে "বিগ পপ আপ 2.0"ৰ সময়ত আমি মহিলা আৰু শিশুৰ বাবেও বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছো, যেনে ফেশ্বন শ্ব', নৃত্য প্ৰদৰ্শন, অংকন প্ৰতিযোগিতা ইত্যাদি। আন এগৰাকী প্ৰতিষ্ঠাপক নুপুৰ আগৰৱালাই পপ-আপৰ প্ৰথম দিনটোত মহিলা আৰু ছোৱালীৰ উল্লেখযোগ্য উপস্থিতিৰ ওপৰত আলোকপাত কৰে, য’ত স্থানীয় মহিলা উদ্যোগীসকলে নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰি যথেষ্ট প্ৰশংসা কৰে। তেওঁ আৰু কয় যে পপ-আপলৈ অহা দৰ্শনাৰ্থীসকলেও লাইভ বেণ্ড সংগীত আৰু সুস্বাদু খাদ্য উপভোগ কৰি আছে।
চিটিৰ মুৰব্বী ছুইটি আগৰৱালাই কয়ে যে দুদিনীয়া পপ-আপ ২.০ সোমবাৰে সমাপ্ত হ’ব, ৱোমানিয়াজেৰ সকলো সদস্যই অনুষ্ঠানটো সফল কৰিবলৈ তেওঁলোকৰ সম্পূৰ্ণ সহায় আগবঢ়াইছে। ৱোমানিয়াজে এ সকলোকে "বিগ পপ আপ 2.0" ত মহিলা উদ্যোগীসকলক সমৰ্থন আৰু উৎসাহিত কৰিবলৈ আমন্ত্ৰণ জনাইছে।

No comments:
Post a Comment