গোৱালপাৰা প্ৰেছ ক্লাৱত জিএনআৰচি হাস্পতালৰ দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 26 December 2025

গোৱালপাৰা প্ৰেছ ক্লাৱত জিএনআৰচি হাস্পতালৰ দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচী

 



বিগত তিনি দশকত জিএনআৰচি হাস্পতালত উত্তৰ-পূৰ্বাঞ্চলৰ ৯৩,০০০ গৰাকী আৰু গোৱালপাৰা জিলাৰ ১,৯৮৯ গৰাকী দুর্ঘটনাগ্রস্ত ৰোগীক চিকিৎসা প্রদান



W7s news গোৱালপাৰা: 

 উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালৰ উদ্যোগত ডিচেম্বৰ মাহটো দুর্ঘটনা সজাগতা আৰু প্ৰতিৰোধ মাহ হিচাপে পালন কৰা হৈছে। এই সন্দর্ভত আজি গোৱালপাৰা প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। আজিৰ এই সংবাদ মেলত দুর্ঘটনাৰ কাৰণসমূহ, ইয়াক নিৰাময়ৰ বিভিন্ন উপায়ৰ লগতে দুঘটনাগ্রস্ত ৰোগীসকলৰ জীৱন কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰত বিশদভাবে আলোচনা কৰা হয়।

হাস্পতালখনৰ হৈ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ জুনেদ আহমেদ আৰু জেনেৰেল ছার্জন ডাঃ অনিল কুমাৰ বৰুৱা, মূত্ৰৰোগ বিশেষজ্ঞ ডাঃ সমৰজ্যোতি বৰা আৰু এম্বুলেঞ্চ সেৱাৰ মুৰব্বী ৰছিদুল ইছলামে সংবাদ মেলত উপস্থিত সাংবাদিক সকলক সম্বোধি দুৰ্ঘটনাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা দাঙি ধৰে।

ভাৰতবৰ্ষত প্ৰতি বছৰে এক বুজন সংখ্যক লোক বিভিন্ন দুর্ঘটনাত মৃত্যু মুখত পৰে বা শাৰীৰিক অক্ষমতাত ভোগে। কেৱল পথ দুর্ঘটনাতেই প্রতি ১.৯ মিনিটত এজন লোকৰ মৃত্যু হয়। সমগ্র বিশ্বতে হোৱা দুর্ঘটনাজনিত মৃত্যুৰ পথ দুর্ঘটনা এক প্রধান কাৰক। আন এটি উদ্বেগজনক কথা হ'ল যে যুৱ ভাৰতীয় সকলৰ মাজত মৃত্যুৰ এক মুখ্য কাৰণ হৈছে বিভিন্ন দুর্ঘটনা। নীতিগত পদক্ষেপ আৰু আন্তঃগাঁথনিৰ উন্নতিৰ স্বত্ত্বেও ২০১০ ৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতত পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ প্রায় ১৮ শতাংশ বৃদ্ধি পাইছে। বিগত তিনি দশকত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৯৩,০০০ ৰো অধিক দুর্ঘটনাগ্রস্ত ৰোগীক জিএনআৰচি হাস্পতালত চিকিৎসা প্রদান কৰা হৈছে। ইয়াৰ ভিতৰত প্রায় ১.৯৮৯ জন ব্যক্তি গোৱালপাৰা জিলাৰ আছিল। এই পৰিসংখ্যাই জিলাখনত দুর্ঘটনাজনিত আঘাতৰ বৰ্ধিত গুৰুত্বক প্রতিফলিত কৰে।

উপস্থিত সাংবাদিক সকলক সম্বোধি ডাঃ জুনেদ আহমেদে কয়, "পথ দুৰ্ঘটনাৰ ফলত হোৱা মূৰ আৰু মেৰুদণ্ডৰ আঘাত আমাৰ সমাজৰ আটাইতকৈ নীৰৱ হত্যাকাৰী। প্রতিবছৰে ভাৰতৰ ১.৫ লাখতকৈও অধিক আঘাতজনিত মগজুৰ আঘাতৰ এক অংশ দুচকীয়া বাহনৰ দুর্ঘটনাৰ বাবে হয়। হেলমেট আৰু চিটবেল্ট পৰিধান কৰি আৰু গাড়ী চলোৱাৰ সময়ত সুৰাপান পৰিহাৰ কৰি বহু দুর্ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰি। তদুপৰি দুৰ্ঘটনাগ্রস্ত ব্যক্তি এজনক সময়মতে চিকিৎসালয়লৈ নিব পাৰিলে প্রাণ ৰক্ষাৰ সম্ভাৱনা বাঢ়ি যায়। আন বিভিন্ন কাৰণতো এজন লোক দুর্ঘটনাগ্রস্ত হ'ব পাৰে আৰু শুনাত বিশ্বাসযোগ্য নহ'লেও এই কাৰণসমূহতো বহু লোক দুর্ঘটনাগ্রস্ত হৈ মৃত্যুক সাবটি লয় বা অক্ষম হৈ পৰে- বয়সস্থ লোক আৰু শিশুঘৰৰ মজিয়াত পিছলি পৰা, বাথৰুমত পিছলি পৰা, ছিৰিত পৰি যোৱা; অসুৰক্ষিত কর্মস্থলী যেনে-নিৰ্মাণৰত ঘৰ বা বিল্ডিং, কাজিয়া-পেছাল, শাৰীৰিক আঘাত, কৃষি-কর্মত পোৱা আঘাত ইত্যাদি।"

ডাঃ সমৰজ্যোতি বৰা, "দুর্ঘটনাৰ ফলত বাহিৰৰ পৰা নেদেখাকৈও বিভিন্ন গুৰুতৰ আভ্যন্তৰীণ আঘাত হ'ব পাৰে। অধিক প্রভাৱ পৰা দুর্ঘটনাসমূহে বৃক্ক আৰু প্ৰস্ৰাৱতন্ত্ৰৰ দৰে অংগসমূহৰ ক্ষতি কৰিব পাৰে। সময়মতে ৰোগ নির্ণয় আৰু চিকিৎসা অবিহনে, এই আঘাতবোৰে জীৱনজোৰা জটিলতাৰ সৃষ্টি কৰিব পাৰে।"


ডাঃ অনিল কুমাৰ বৰুৱাই জনায় যে, "সজাগতা, প্রস্তুতি আৰু সময়োপযোগী সঁহাৰিয়ে বহু দুর্ঘটনা প্রতিৰোধ কৰিব পাৰে তথা দুর্ঘটনা এটাৰ পৰৱৰ্তী পৰ্য্যায়ত বহুলোকৰ প্ৰাণ ৰক্ষা কৰিব পাৰে। প্ৰতিটো ৰক্ষা কৰা জীৱনে এটা পৰিয়ালক সুৰক্ষিত কৰে।”


এই অনুষ্ঠানতে ৰছিদুল ইছলামে কার্ডিঅ'পালম'নাৰী বিছাচিটেশ্যন (চি. পি. আৰ.) প্রদর্শন কৰে আৰু কেনেদৰে সময়োপযোগী ব্যৱস্থাই জীৱন আৰু মৃত্যুৰ মাজত পার্থক্য আনিব পাৰে সেই বিষয়ে বর্ণনা কৰে। সংবাদমেল তথা দুর্ঘটনা সজাগতা আৰু প্ৰতিৰোধ মাহৰ কাৰ্যসূচীৰ জৰিয়তে জিএনআৰচি হাস্পতালে সমগ্ৰ অসমৰ উত্তৰ-পূৰ্বাঞ্চলত দুর্ঘটনাজনিত আঘাতৰ বিষয়ে সজাগতা আৰু জৰুৰীকালীন সেৱা শক্তিশালী কৰাৰ প্রতিশ্রুতি পুনৰ দোঁহাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here