W7s news,,গুৱাহাটী, ডিচেম্বৰ।
সামাজিক আৰু মানৱ সেৱাৰ ক্ষেত্ৰত ব্যতিক্ৰমী কাম কৰি অহা অগ্ৰণী মহিলা সংগঠন লায়ন্স ক্লাৱৰ গুৱাহাটী উমাঙৰ উদ্যোগত বিনামূলীয়াকৈ ছাৰ্ভাইকেল কেন্সাৰ টিকাকৰণ শিবিৰৰ আয়োজন কৰা হয়। আৰ্থিকভাৱে বঞ্চিত পৰিয়ালৰ ৫০ ৰো অধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীক দ্বিতীয়টো ড’জ সফলতাৰে প্ৰদান কৰা হয়। ক্লাবৰ জনসংযোগ বিষয়া পয়াল চাদ্ধা কয় যে সভাপতি বিমলা কোছাৰ আৰু ভেকচিন শিবিৰৰ সমন্বয়ক ঋতু বাংকা, সহ-সমন্বয়ক জ্যোতি খেমকা, সুনীতা পাৰিক, আৰু বীনা জছৰসৰাৰীৰ তত্বাৱধানত এই শিবিৰটো সফলতাৰে আয়োজন কৰা হৈছে। সম্পাদক স্বাতী চৌধাৰীয়ে উল্লেখ কৰে যে নাৰায়ণ নগৰৰ বদ্ৰীদাস হিন্দী বিদ্যালয়ৰ শিশুসকলৰ মাজতো জলপানৰ পেকেট বিতৰণ কৰা হয়। সমন্বয়ক ঋতু বাংকাই কয় যে ভৰলুমুখৰ আই এইচ আৰ গোৱেংকা নাৰ্চিং হোমত আয়োজন কৰা এই শিবিৰ। জ্যেষ্ঠ চিকিৎসক ডাঃ দীপক গোৱেংকা, ডাঃ নিৰ্মল জৈন, আৰু ডাঃ কাঞ্চন মুৰাৰ্কাৰ তত্বাৱধানত আৰু চিকিৎসালয়খনৰ নিষ্ঠাবান দলৰ সহযোগত ৯ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুকে ভাৰতীয় ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা এইচ পি ভি (হিউমেন পেপিলোমা ভাইৰাছ) কেন্সাৰ ভেকচিনৰ দ্বিতীয় মাত্ৰা সফলতাৰে প্ৰদান কৰা হয়। উপস্থিত চিকিৎসকসকলে কৰ্কট ৰোগ প্ৰতিৰোধ আৰু শিশুসকলৰ মাজত সজাগতাৰ বিষয়েও তথ্য ভাগ-বতৰা কৰে। এই শিবিৰৰ সফলতাত বিমলা কোছাৰ, ৰেণু আগৰৱালা, ঋতু বাংকা, সুনীতা পাৰিখ, জ্যোতি খেমকা, বীনা জছৰসৰাৰিয়া, সৰোজ জালান, সুনীতা মিট্টল, ৰেখা জালান, সুজাতা জৈন, স্বাতী সূৰানা, আৰুষী ছোনী, আৰু পিংকি হাৱেলিয়া আদি সদস্য সকলে যথেষ্ট অৰিহণা যোগাইছিল।

No comments:
Post a Comment