শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান "হাৰ্মণি"ৰ আজি আৰম্ভণি হয়। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 2 November 2025

শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান "হাৰ্মণি"ৰ আজি আৰম্ভণি হয়।


 

অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰ পৰিবেশনৰ জৰিয়তে গায়ক জুবিন গাৰ্গক বিশেষ শ্ৰদ্ধাঞ্জলি জনায়।


W7s news,,গুৱাহাটী, ২ নৱেম্বৰ: গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতিষ আই টি এ সাংস্কৃতিক কেন্দ্ৰত শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান "হাৰৰ্মনী" অতি উৎসাহ, উদ্যমেৰে, কলা প্ৰদৰ্শনৰ বাবে উদযাপন কৰা হয়। আজিৰ পৰা আৰাম্ভ হোৱা দুদিনীয়া "হাৰ্মণি" বাৰ্ষিক অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটি উদ্বোধন কৰে মুখ্য অতিথি হিচাপে আমন্ত্ৰিত কৰি অনা গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰনাই।

 দুদিনীয়া এই অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অন্যান্য বিশিষ্ট অতিথিসকলো উপস্থিত থাকে। অনুষ্ঠানটিত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বাৰ্ষিক একাডেমিক বঁটা প্ৰদান কৰা হয় আৰু বিদ্যালয়খনৰ বিভিন্ন শৈক্ষিক কাৰ্যকলাপৰ ওপৰত এটি পাৱাৰ পইন্ট জৰিয়তে এটি  ভিডিঅ’ প্ৰদৰ্শন কৰা হয়। 

বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীমতী ৰীনা ভৌমিকে অতিথিসকলক আন্তৰিকতাৰে আদৰণি জনোৱাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ বিদ্যালয়খনৰ কৃতিত্বসমূহৰ ওপৰত আলোকপাত কৰি কয় যে বিদ্যালয়খনে সমগ্ৰ সময়ছোৱাত ভাল শৈক্ষিক ফলাফল বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। ইয়াৰ পাছতে বিদ্যালয়ৰ প্ৰতিবেদন দাখিল কৰে বিদ্যালয়ৰ সম্পাদক তথা গৌহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰদীপ কুমাৰে জৈনে। তেওঁ বিদ্যালয়খনৰ কৃতিত্বৰ ওপৰত আলোকপাত কৰি কয় যে বিদ্যালয়খনে গোটেইখিনি সময়তে ভাল শৈক্ষিক ফলাফল দিছে। এই উপলক্ষে ভাষণ দি বিদ্যালয়খনৰ সভাপতি পৱন কুমাৰ আগৰৱালাই সকলো কলা-কুশলীক তেওঁলোকৰ দৰ্শনীয় অভিনয়ৰ আৰু গীত-নৃত্যৰ বাবে প্ৰশংসা কৰে। তেওঁ বিদ্যালয় কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীৰ ভিতৰত থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ অদম্য প্ৰচেষ্টাৰ বাবেও অভিনন্দন জ্ঞাপন কৰে। মুখ্য অতিথি ন্যায়াধীশ কল্যাণ ৰায় সুৰনাই ছাত্ৰ-ছাত্ৰীৰ মনোভাৱ আৰু আত্মবিশ্বাসৰ শলাগ লৈ বিদ্যালয়খনৰ উজ্জ্বল শৈক্ষিক অভিলেখৰ বাবে আৰু শিশুসকলৰ প্ৰতিভাক মঞ্চত পৰিচয় কৰাই দিয়াৰ বাবেও প্ৰশংসা কৰে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানতটিত সুন্দৰভাৱে শৃংখলা  বজাই ৰাখি অনুষ্ঠানটি চলাই নিয়াত সহায় কৰে। সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে কিংবদন্তি গায়ক জুবিন গাৰ্গৰ তেওঁৰ দ্বাৰা ৰচিত হোৱা গীতৰ এক সুন্দৰ পৰিবেশনৰ জৰিয়তে বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু ৬০ বছৰত ভৰি দিয়াৰ বাবে বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে এক সুন্দৰ নৃত্য প্ৰদৰ্শনৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত থকা আন্তৰিকতাৰ সাক্ষীৰ পৰিচয় দাঙি ধৰে। অনুষ্ঠানটিৰ শেষত কৃতজ্ঞতা জ্ঞাপন কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ সৰ্বৰী দাসে। ছাত্ৰ-ছাত্ৰীসকলে মঞ্চত প্ৰদৰ্শন কৰা সুন্দৰ সজ্জা, শিল্প আৰু অনুষ্ঠানসমূহ একেবাৰেই এক অনন্দময় দৃশ্য আছিল। দুদিনীয়া এই বাৰ্ষিক অনুষ্ঠান "হাৰ্মণি" ৩ নৱেম্বৰ, ২০২৫ তাৰিখে সামৰণি হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here