গুৱাহাটীত মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত ২০২৫-২৬ বৰ্ষৰ দ্বাদশ আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতা সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 2 November 2025

গুৱাহাটীত মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত ২০২৫-২৬ বৰ্ষৰ দ্বাদশ আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতা সম্পন্ন


 

W7s news,,,২ নৱেম্বৰ ২০২৫, গুৱাহাটীঃ মহানগৰীৰ কাহিলীপাৰাস্থিত শিক্ষা প্ৰতিষ্ঠান মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত আয়োজিত হোৱা ২০২৫-২৬ বৰ্ষৰ দ্বাদশ আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাৰে সৃষ্টিশীলতা, প্ৰকাশভংগী আৰু পৰিৱেশন কলাৰ অবিস্মৰণীয় উদযাপনৰ জৰিয়তে আলোকিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ। অনুষ্ঠানটোৰ আৰম্ভণিতে অসমৰ সংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কথা সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় অসমৰ মহানায়ক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। ইয়াৰ পিছতে দিল্লী পাব্লিক স্কুল (গুৱাহাটী আৰু খানাপাৰা), শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰ, নতুন ফটাশিল টাউন স্কুল, কাজিৰঙা ইংলিছ একাডেমী, পূব গুৱাহাটী হাইস্কুল, মডাৰ্ণ হাইস্কুল, গ্ৰীণ ভেলী স্কুল, গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলকে ধৰি দহখন শীৰ্ষ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মন্ত্ৰমুগ্ধকৰ নাট পৰিৱেশন কৰে। লক্ষ্যণীয় যে, এই নাট প্ৰতিযোগিতাৰ মূল বিষয়বস্তু আছিল 'সহাৱস্থান’। ইফালে, এই প্ৰতিযোগিতাই পুনৰ এবাৰ প্ৰমাণ কৰে যে মহানগৰীৰ যুৱ মঞ্চ শিল্পীসকলৰ বিকাশৰ বাবে ই অন্যতম সজীৱ আৰু সন্মানীয় মঞ্চ। 


অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে চলচ্চিত্ৰ আৰু নাট্য জগতৰ দুগৰাকী সুপৰিচিত ব্যক্তি অমৃতা গগৈ আৰু জয়ন্ত মাধৱ বৰা। তদুপৰি সন্মানীয় বিচাৰকৰ আসন শুৱনি কৰে অসমৰ নাট্য আৰু অভিনয় জগতৰ খ্যাতনামা ব্যক্তি দীপক নাথ, সুনীত কুমাৰ বৰা আৰু প্ৰণামী বৰাই।


এই নাট প্ৰতিযোগিতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয়, ‘আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতা কেৱল এখন প্ৰতিযোগিতাই নহয়, এয়া হৈছে নৱপ্ৰজন্মৰ সৃষ্টিশীলতা আৰু কল্পনাৰ এক অনন্য উৎসৱ, যিয়ে পৰিবেশন কলাৰ সজীৱতাক উদযাপন কৰে। প্ৰতি বছৰে আমাৰ যুৱ কলা-কুশলীসকলে নিজৰ অসাধাৰণ পৰিৱেশনৰ জৰিয়তে প্ৰমাণ কৰে যে আত্মবিশ্বাস, সহানুভূতি আৰু সহযোগিতাৰ মনোভাৱ গঢ়ি তোলাত নাটকে কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনুষ্ঠানটোৰ প্ৰকৃত মনোভাৱ আৰু পৰম্পৰাক সন্মান জনাই মডাৰ্ণ ইংলিছ স্কুলে এই বছৰ দলীয় আৰু শিক্ষকৰ বঁটা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা আৰু উৎসাহ মঞ্চত প্ৰদৰ্শিত হোৱা দেখি আমি অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছো।’’


ইফালে, বিচাৰক মণ্ডলীয়ে অংশগ্ৰহণকাৰী দলসমূহৰ অভিনয়, সংলাপ, পৰিচালনা আৰু উপস্থাপনৰ শলাগ লৈ একাধিক শাখাত বঁটা ঘোষণা কৰেঃ

শ্ৰেষ্ঠ নাট্য দল: নাটক - ভাগৰুৱা এটি সপোন, গ্ৰীণ ভেলী পাব্লিক স্কুল 

প্ৰথম ৰানাৰ্ছ আপ দল: নাটক - ইন দ্য ক্লাছৰুম, মহৰ্ষি বিদ্যা মন্দিৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, শিলপুখুৰী

দ্বিতীয় ৰানাৰ্ছ আপ দল: নাটক - আউসীৰ জোন, গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

শ্ৰেষ্ঠ অভিনেতা (পুৰুষ)- মৃগাংগ ৰাজ ৰয়, (নাটক- ইন দ্য ক্লাছৰুম), এমভিএম শিলপুখুৰী

শ্ৰেষ্ঠ অভিনেত্ৰী (মহিলা)- আয়েশা ছিদ্দিকা, (নাটক- ভাগৰুৱা এটি সপোন), গ্ৰীণ ভেলী পাব্লিক স্কুল


ইয়াৰোপৰি, ব্যক্তিগতভাৱে অনবদ্য প্ৰদৰ্শনৰ বাবে বিশেষ বঁটা প্ৰদান কৰা হয়ঃ

শ্ৰেষ্ঠ পৰিচালক- হীৰকজ্যোতি বৈশ্য, (নাটক- ভাগৰুৱা এটি সপোন), গ্ৰীণ ভেলী পাব্লিক স্কুল

শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ- হিমাংশু শইকীয়া, (নাটক- ভাগৰুৱা এটি সপোন), গ্ৰীণ ভেলী পাব্লিক স্কুল

শ্ৰেষ্ঠ সহযোগী অভিনেতা (পুৰুষ)- পূৰ্বৰাগ শৰ্মা, (নাটক- আউসীৰ জোন), গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (মহিলা)- গায়ত্ৰী দাস, (নাটক- সূৰ্য্যৰ বাটেৰে সূৰ্য্যকষ্ঠ) নতুন ফটাশিল টাউন হাইস্কুল

শ্ৰেষ্ঠ হাস্য অভিনেতা- আয়ুস বেজবৰুৱা, (নাটক- ধেমালি) মডাৰ্ণ ইংলিছ স্কুল


বিচাৰকৰ বঁটা- 

মৃদুস্মিতা ৰয়, (নাটক- দুৰ্মতিৰ সুমতি হওক), পূব গুৱাহাটী হাইস্কুল 

অৰ্ণৱ ৰয়, (নাটক- ধেমালি), মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা

তনুশ্ৰী সুৰ ৰয়, (নাটক- কেঞ্চাৰ পৰ জীত) মডাৰ্ণ হাইস্কুল 

আৰাধ্যা গোস্বামী (নাটক- আউসীৰ জোন), গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল 

নিকু দাস (বিশেষ উল্লেখ- বিচাৰক), (নাটক- সূৰ্য্যৰ বাটেৰে সূৰ্য্যকষ্ঠ), নতুন ফটাশিল টাউন হাইস্কুল 

ড° চন্দন বৰুৱা (বিচাৰকৰ বিশেষ উল্লেখ-চিত্ৰনাট্য), (নাটক- ইণ্টাৰনেট বিহীন এটা জীৱন), দিল্লী পাব্লিক স্কুল, গুৱাহাটী


এনে পদক্ষেপৰ জৰিয়তে সৃষ্টিশীল শিক্ষা আৰু পৰিৱেশন কলাক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে। অনাগত দিনতো অসমৰ চহকী নাট্য ঐতিহ্যক আৰু অধিক উন্নীত কৰাৰ লগতে নতুন প্ৰজন্মৰ কথাবাচক আৰু শিল্পীসকলক উৎসাহিত কৰি যোৱাৰ নিজৰ সংকল্প পুনৰ ব্যক্ত কৰে বিদ্যালয়খনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here