জুবিন গাৰ্গলৈ সংগীতেৰে শ্ৰদ্ধাঞ্জলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 2 November 2025

জুবিন গাৰ্গলৈ সংগীতেৰে শ্ৰদ্ধাঞ্জলি


 

উঘা চেৰেকী তৃতীয় সংস্কৰণৰ সামৰণি 


W7s news,,গুৱাহাটী, ২ নৱেম্বৰঃ কবিতা বৰুৱা মেধিৰ মিলিজ কিউৰেচন ফাউণ্ডেচনে উপস্থাপন কৰা ডিজাইনাৰ-কাম-উইভাৰছ ষ্টেণ্ডএল’ন শ্ব’ উঘা চেৰেকীৰ তৃতীয় সংস্কৰণ কালি গুৱাহাটীৰ নাম্যা মেন’ৰত সামৰণি পৰে ৷ 


উত্তৰ-পূব পৰিষদৰ সহযোগত ইনক্ৰেডিবল্‌ ইণ্ডিয়া, নুমলীগড় শোধনাগাৰ লিমিটেড আৰু আই চি চি আৰ নৰ্থ-ইষ্টৰ সহযোগত আয়োজিত এইবাৰৰ উঘা চেৰেকীয়ে অসমৰ হস্ততাঁত ঐতিহ্যক উদযাপন কৰে ৷ ইয়াৰ জৰিয়তে নিপুণ বয়ন শিল্পী আৰু যুৱ শিপিনীৰ গতিশীল সংগমেৰে  পৰম্পৰাগত বস্ত্ৰশিল্পক উজ্জীৱিত ৰূপত উপস্থাপন কৰা হয়। সন্ধিয়াটোত নাদ ব্ৰহ্ম বেণ্ডে  অসমীয়া সংগীত কিংবদন্তি প্ৰাণৰ জুবিন গাৰ্গৰ প্ৰতি বিশেষভাৱে সংগীতেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।


উল্লেখ্য যে কেইবাবছৰৰপৰা উঘা চেৰেকীয়ে বহনক্ষম ফেশ্বনৰ বাবে এক প্ৰধান মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰি তৃণমূল পৰ্যায়ৰ বয়ন সম্প্ৰদায়ক প্ৰচাৰ কৰাৰ লগতে অসমৰ বস্ত্ৰ পৰম্পৰাৰ কালজয়ী আড়ম্বৰক ব্যাপক ৰূপত দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰি আহিছে।


এই সংস্কৰণৰ বিষয়বস্তু অসমীয়া বিবাহ পৰম্পৰা ৷ প্ৰীতি কংকনাই কইনা আৰু ৰাজ গুপ্তাই দৰাৰ ৰূপত ৰেম্পত খোজকাঢ়ি অসমীয়া পৰম্পৰাৰ সাংস্কৃতিক সৌন্দৰ্য্য আৰু আনুষ্ঠানিকতাক প্ৰতীকী ৰূপত প্ৰকাশ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here