অনুসূচিত জাতিৰ নেতাৰ বিৰুদ্ধে বিজেপি ৰাজ্যিক কাৰ্য্যালয় সম্পাদকৰ ষড়যন্ত্ৰৰ অভিযোগ
অতিশীঘ্রেই ডিমৰীয়াত ৰাজ্যিক কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাসক (সুজিত) নিষিদ্ধ কৰিব অনুসূচিত জাতিৰ ৰাইজে
বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক ব্যৱস্থা গ্রহণৰ দাবী ডিমৰীয়াৰ অনুসূচিত জাতিৰ ৰাইজৰ
W7s news গুৱাহাটী:
অনুসূচিত জাতিৰ নেতাৰ বিৰুদ্ধে বিজেপি ৰাজ্যিক কাৰ্য্যালয় সম্পাদকৰ ষড়যন্ত্ৰৰ অভিযোগ অনুসূচিত জাতি সুৰক্ষা সমিতি, ডিমৰীয়াই। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই অভিযোগ উত্থাপন কৰি
সমিতিৰ সভাপতি বিতু সৰকাৰে কয়-আমিডিমৰীয়া সমষ্টিটো অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত কৰাৰ বাবে কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেশ স্বাধীন হোৱাৰে পৰা অনুসূচিত জাতিৰ বিশেষ পৰিৱৰ্তন হোৱা দেখা নগ'ল। স্বাধীনতাৰ পিছত চৰকাৰ বহুতবাৰ সলনি হ'ল। সকলোবোৰ চৰকাৰেই অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা দেখা নগ'ল। স্বাধীনতাৰ ৭৮ বছৰ পিছতো দিশপুৰ/ডিমৰীয়াত জন্মসূত্রে ডিমৰীয়াৰ এজন স্থানীয় লোকে বিধায়ক হ'ব নোৱাৰাটো দুর্ভাগ্যজনক বিষয়। সকলোৱে ডিমৰীয়াখন ৰাজনীতিৰ আখৰাস্থলী হিচাপে ব্যৱহাৰ কৰি আহিছে। আজিও সেই একেই ষড়যন্ত্র চলিছে। ভৱিষ্যতে ডিমৰীয়া সমষ্টিৰ এজন সবল নেতা হোৱাৰ সম্ভাৱনা থকা অনুসূচিত জাতিৰ ডিমৰীয়াৰ যুৱক বিপ্লৱ চৰকাৰক কলিতে ষড়যন্ত্ৰ কৰি ধ্বংস কৰি পেলোৱা হৈছে। আমি বিপ্লৱ চৰকাৰকো আহ্বান জনাইছোঁ মণ্ডল সভাপতি পদৰ পৰা তেওঁক কি অপৰাধত অপসাৰণ কৰা হ'ল সেয়া দুদিনৰ ভিতৰত তেওঁৰ স্থিতি স্পষ্ট কৰক। সমান্তৰালভাবে বিজেপি দলৰ উৰ্দ্ধতম কর্তৃপক্ষক বিপ্লৱ সৰকাৰৰ বিৰুদ্ধে দলে গ্রহণ কৰা ব্যৱস্থাৰ তদন্তৰ প্রতিবেদন ৰাজহুৱা কৰিবলৈ দাবী জনালোঁ।আমি জানিব পৰা মতে বিপ্লৱ সৰকাৰক মণ্ডল সভাপতি পদৰ পৰা আঁতৰোৱাৰ আৰত বিজেপি ৰাজ্যিক কাৰ্য্যালয় সম্পাদক সুশান্ত বিশ্বাস (সুজিত) জড়িত। বাংলাদেশীয় মূলৰ এই ব্যক্তিজনৰ এন আৰ চি ত নাম নাই বুলি ডিমৰীয়াত দীর্ঘদিন ধৰি চৰ্চা চলি আছে। ডিমৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ আশা কৰি তেওঁ লাখ লাখ টকা খৰচ কৰি আছে। ডিমৰীয়া সমষ্টিত প্রতিমাহে ১০ লাখতকৈ অধিক টকা খৰচ কৰি ডিমৰীয়াৰ ৰাইজৰ ওচৰ চাপিব খোজা এই সুশান্ত বিশ্বাসৰ সুবিশাল ধন ভাণ্ডাৰৰ উৎস কি ডিমৰীয়াৰ ৰাইজে জানিব বিচাৰে। সুশান্ত বিশ্বাসক প্রত্যাহ্বানজনোৱা হ'ল আগন্তুক দুই দিনৰ ভিতৰত সংবাদ মেল সম্বোধন কৰি সমগ্র বিষয়ৰ ওপৰত তেওঁৰ স্থিতি স্পষ্ট কৰক। অন্যথা ডিমৰীয়াৰ অনুসূচিত জাতিৰ সমাজে সুজিত বিশ্বাসক ডিমৰীয়াত প্রবেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ব। ধনৰ বলেৰে ৰাইজৰ ওচৰ চাপিব খোজা এইজনা ব্যক্তিৰ ভাষাজ্ঞানো সন্দেহজনক। অসহ্য শব্দটো অচহা বুলি কোৱা, অসমক অচম বুলি কোৱা, সূৰ্যক চুর্য্য বুলি কোৱা এই নেতা জনে ঐতিহ্য মণ্ডিত ডিমৰীয়াৰ ভাষা, সভ্যতা সংস্কৃতিৰ প্ৰতি তীব্র ভাবুকি কঢ়িয়াই আনিছে।
উপৰোক্ত বিষয় সমূহৰ ওপৰত বিশ্বাসক নিজৰ স্থিতি স্পষ্ট নকৰিলে ডিমৰীয়া বাসীয়ে ভৱিষ্যতে বিপ্লৱ সৰকাৰ ডিমৰীয়া সমষ্টিৰ এজন যোগ্য প্রতিদণ্ডী হোৱাৰ আশংকাত ভূগি সুজিত বিশ্বাসে ষড়যন্ত্র কৰি সভাপতি পদবীৰ পৰা আঁতৰ কৰা বুলি উত্থাপিত অভিযোগটো ডিমৰীয়া বাসী ৰাইজে সত্য বুলি ভাবিবলৈ বাধ্য হ'ব।লগতে সততে নীতি আদৰ্শৰ শ্লোগান আওঁৰাই থকা বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক দাবী জনালোঁ বিপ্লব সৰকাৰৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ এক নিৰপেক্ষ তদন্ত হওঁক আৰু তদন্ত শেষ নোহোৱালৈকে বিপ্লৱ চৰকাৰৰ মণ্ডল সভাপতিৰ পদটো বাহাল ৰাখক আৰু সুজিত বিশ্বাসে বিগত দুই/তিনি বছৰত খৰচ কৰা প্ৰায় কেবা কোটি টকাৰ উৎসৰ বিষয়ে ৰাইজক জনাবলৈ এক তদন্ত সমিতি গঠন কৰক। এই বিষয়ত ন্যায় নোপোৱালৈ সমগ্র ডিমৰীয়া সমষ্টিৰ অনুসূচিত জাতিৰ লোকসকলে #JusticeforSCPeopleofDimoria শীর্ষক শ্লোগানেৰে এক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।' সংবাদ মেলত সমিতিৰ সম্পাদক ৰাজীৱ ৰয় প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment