৩৩৬ কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী
১৫ দিনৰ ভিতৰত দাবী পূৰণ নহলে গ্ৰহণ কৰিব আন্দোলনৰ কাৰ্যসূচী
W7s news গুৱাহাটী: জনস্বাস্থ্য কাৰিকৰী বিভাগত ঠিকাভিত্তিক কৰ্মৰত ৩৩৬জন কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাইছে সদৌ অসম জল আৰু অনাময় কর্মচাৰী সন্থাই। শনিবাৰে সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ
ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সস্থাৰ সম্পাদক তুলিকা মেধিয়ে কয়-
আমি ২০০৯ চনত নিযুক্তি লাভ কৰিছিলো। বিগত ১৫ বছৰে আমি চৰকাৰী বিভিন্ন আঁচনিৰ সৈতে জড়িত হৈ আছোঁ।বিশেষত জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত ঠিকাভিত্তিক কর্মচাৰী চি ডব্লিউ চি (বি আৰ চি চি/চি আৰ চি চি) সকলৰ দ্বাৰা গঠিত "সদৌ অসম জল আৰু অনাময় কর্মচাৰী সন্থাৰ" কর্মচাৰীৰ চাকৰি স্থায়ীকৰণৰ লগতে বিভিন্নভাৱে বিভাগ আৰু চৰকাৰৰ ওচৰত আমি দাবী জনাই আহিছে। আমি ২০০৯ চনতে নিযুক্তি লাভ কৰা আৰু পৰবৰ্তী সময়ত সম্পূর্ণ বিভাগীয় নীতি নিয়মৰ মাজেৰে বি আৰ চি চি আৰু চি আৰ চি চি হিচাপে নিযুক্তি লাভ কৰা এইসকল কর্মচাৰী বর্তমান চি ডব্লিউ চি নামকৰনেৰে বিভাগত নিযুক্ত হৈ আছো। জনস্বাস্থ্য কাৰিকৰী বিভাগত গুৰুত্বপূর্ণ সকলো কাম কাজত বিগত ১৫/১৬ বছৰ ধৰি কাম কৰি অহাৰ পিছতো বিভাগে আমাৰ চাকৰিৰ স্থায়ীকৰণৰ কোনো ব্যৱস্থা নকৰিলে। বিগত সময়ত বহুবাৰ বিভাগৰ উচ্চপদস্থ বিষয়া আৰু বিভাগীয় মন্ত্রীক কাকুতি মিনতি কৰি আহিন্দ্যে যদিও তেওঁলোকে কোনো ধৰণৰ বিহিত ব্যবস্থা গ্রহণ কৰা দেখা নগল। গতিকে যদিহে বিভাগে আগন্তক ১৫ দিনৰ ভিতৰত আমাৰ সৈতে আলোচনা কৰি সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্রহণ নকৰে তেনেহলে আগম্ভক দিনত বিভাগৰ বিৰুদ্ধে জিলা ভিত্তিত, ৰাজ্যিক ভিত্তিত তীব্র গণতান্ত্রিক আন্দোলন আৰু চাকৰিটোৰ স্বাৰ্থত ন্যায়ালয়ত দ্বাৰন্ত হোৱাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। লগতে বিষয়টোত মন্ত্রীৰ হস্তক্ষেপ বিচাৰি আমাৰ মূল দাবী সমূহ পূৰণ কৰিবলৈ আহ্বান জনালোঁ। আমাৰ মূল দাবী হ'ল জনস্বাস্থ্য কাৰিকৰী বিভাগত ২০০৯ চলত নিযুক্তি পোৱা আৰু পৰবৰ্তী সময়ত বি আৰ চি চি, চি আৰ চি চি হিচাপে নিযুক্তি লাভকৰি বৰ্তমান চি ডব্লিউ চি (কমিউনিটি ৱাছ কো-অৰ্ডিনেটৰ) হিচাপে কর্মনত প্রতিগৰাকী কৰ্মচাৰীকে বিভাগত স্থায়ী নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্রহণ কৰক। তাৰোপৰি ইমান বন্দৰ কৰ্মৰত হৈ থকাৰ পিছতো আৰু বিভিন্ন কর্মশালা প্রশিক্ষণ লৈ সুন্দৰকৈ কৰ্মনিৰ্বাহ কৰি অহাৰ পিছতো কেরল চি ৱাবিউ চি (বি আৰ চি চি/চি আৰ চি চি) সকলৰ মাজত এক যোগাভানিৰূপণ
পৰীক্ষা বিগতবৰ্ষত (EVALUATION) অনুষ্ঠিত কৰে, যত সৌভাগ্যক্রমে সকলোৱে উত্তীর্ণ হয় কিন্তু সেই পৰীক্ষাৰ
কোনো লাভালাভ আমাক দিয়া নহল। বৰঞ্চ কামৰ ক্ষেত্ৰত বহুতো নতুন নীতি নির্দশনাৰে ব্যতিব্যস্ত কৰি তোলাৰ প্রয়াস কিছুমানহে দেখা গল, যিবিলাক আমাৰ বিভাগতে কৰ্মৰত আমাৰ বাহিৰে বাকী কোনো পদৰে (জিলা সমন্বয়ক , কাৰিকৰী নির্দেশক বিষয়া (টি অ') এনেকুৱা পৰীক্ষা পতা দেখা নগল আৰু কৰ্ম নির্দেশনাও
সেইটো হাস্যকৰ। যদিহে চৰকাৰে স্থায়ী কৰণৰ প্ৰক্ৰিয়াত যদি জটিলতা বা অন্য বাধা আহি পৰে তেনে হলে এই বাধাসমূহ দূৰীকৰণৰ আইনী ব্যবস্থা গ্ৰহণৰ দায়িত্ব লয় যেন আৰু এই প্রক্রিয়া চলি থকা সময়খিনিত তাৎক্ষনিক ভারে আমাক অন্যান্য বিভাগৰ কৰ্মচাৰীৰ (এছ এছ এ, এ এছ আৰ এল এম ) দৰে সমহাৰত দৰমহা আৰু অন্যান্য সা সুবিধা প্রদান কৰি ৬০ বছৰৰ লৈকে চাকৰিৰ নিশ্চিতকৰণৰ ব্যৱস্থা কৰক। বিভাগৰ তৰফৰ পৰা ১০ শতাংশ Increment আৰু ৬০ বছৰৰ বাবে প্ৰস্তাৱনা দিয়া হৈছিল যদিও আজি লৈকে কার্যকৰী নহ'ল। চি ডব্লিউ চি (বি আৰ চি চি/চি আৰ চি চি) সকলে সুদীর্ঘ ১৫/১৬ বছৰ এই বিভাগত কাম কৰাৰ পিছতো বিভাগে বছেৰেকীয়া INCREMENT, পি এফ, ডি এ, স্বাস্থ্য সেৱা (MEDICAL ALLOWANCE) আদি যিবিলাক সুবিধা এজন কর্মচাৰীয়ে পাব লাগে সেই সুবিধাসমূহৰ পৰা বঞ্চিত কৰি ৰাখিছে। গতিকে বিভাগে বিগত কাৰ্য্যকালৰ উপযুক্ত সমূহ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে বাকী সুবিধাসমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰক।. আমাৰ যিসকল চি ডব্লিউ চি য়ে বিভাগত কৰ্মৰত অৱস্থাত ইতিমধ্যে পৰলোকগামী হৈছে তেওঁলোকৰ পৰিয়ালবর্গলৈ ১০ লাখ(দহ লাখ) টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনালো। দাবী পূৰণ নললে আমি কলা বেজ পৰিধান কৰ্মত সম্পাদন কৰিম।'
সংবাদ মেলত সন্থাৰ সভাপতি কাকলি কলিতা, সদস্য
সঞ্জীৱ দাস, বাবুল শইকীয়া, ভাস্কৰ জোতি বৰদলৈ, ছ অঞ্জলি দাস, ৰাণা কৰ, জেহেৰুল ইছলাম, দীপামণি তালুকদাৰ আদি উপস্থিত থাকে।
No comments:
Post a Comment