মহানগৰ জিলা পৰিবহন কাৰ্যালয়ত পথ সজাগতামূলক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 14 November 2025

মহানগৰ জিলা পৰিবহন কাৰ্যালয়ত পথ সজাগতামূলক অনুষ্ঠান

 


 W7s news গুৱাহাটী: শিশু দিৱসৰ দিনটোতে

গুৱাহাটীৰ ছেফটি ড্ৰাইভিং এডুকেচন চেণ্টাৰত হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই বাথৌপুৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কিডছ কাৰ্নিভাল পথ সুৰক্ষা অনুষ্ঠান অনুষ্ঠিত কৰে। হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই তেঁওলোকৰ চি এছ আৰ কাৰ্যসূচীৰ অধীনত আজি কামৰূপ মহানগৰ জিলা পৰিবহন কাৰ্যালয়ৰ ছেফটি ড্ৰাইভিং এডুকেচন চেণ্টাৰত এই সজাগতামূলক অনুষ্ঠান আয়োজন কৰে। য'ত উপস্থিত থাকে পূৰ্ণিমা টাছা (মটৰ গাড়ী পৰিদৰ্শক, ডিটিঅ', গুৱাহাটী ) আৰু হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ ছেফটি ৰাইডিং কৰ্ডিনেটৰ জয়ন্ত কুমাৰ দাস। পূৰ্ণিমা টাছাই ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলক পথ কোনটো সংকেতে কি সূচায় সেই সমূহৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে বাহন চালকে সদায় পথ সংকেতসমূহ মানি চলিব লাগে। লগতে পথৰ চাইন বোৰ্ড আৰু বাহনৰ গতি বেগ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। আনহাতে, জয়ন্ত কুমাৰ দাসে পথ সজাগতাৰ বিষয়ে অৱগত কৰে। পথত দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত কোন সমূহ নীতি নিয়ম মানি চলিব লাগে সেই সমূহৰ বিষয়ে স্ক্ৰিন প্ৰদৰ্শন কৰি দেখুৱায়। লগতে হেলমেট কেনেদৰে পিন্ধিব সেই বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক দেখুৱায়। তেওঁ কয় যে যান-বাহন চলোৱাৰ ক্ষেত্ৰত পথৰ নীতি নিৰ্দেশনাসমূহ মানি নচলাৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হয়। সেয়ে পথৰ নিৰ্দেশনাসমূহ মানি চলিব লাগে বুলি ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here