গুৱাহাটী বিশ্ববিদ্যালয়ত বালিপৰা ফাউণ্ডেচনৰ প্ৰকৃতিবিজ্ঞান গৱেষণা সন্মিলন আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 15 November 2025

গুৱাহাটী বিশ্ববিদ্যালয়ত বালিপৰা ফাউণ্ডেচনৰ প্ৰকৃতিবিজ্ঞান গৱেষণা সন্মিলন আৰম্ভ

 



'W7s news গুৱাহাটী  ঃ বালিপৰা ফাউণ্ডেচনে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগিতাত আয়োজন কৰা দুদিনীয়া প্ৰকৃতিবিজ্ঞান গৱেষণা সন্মিলনখন শনিবাৰৰ পৰা বিৰিঞ্চি কুমাৰ বৰুৱা পেক্ষাগৃহত আৰম্ভ হৈছে৷ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী, গৱেষক পণ্ডিত আৰু বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিসকলে যোগদান কৰা এই সন্মিলনত পূব হিমালয় আৰু উত্তৰ-পূব পাহাৰৰ পৰিৱেশ স্থিতিস্থাপকতা তথা নতুন উৎপাদনশীল বিকাশৰ ওপৰত আলোচনা হোৱাৰ লগতে একত্ৰিত হৈ জ্ঞান বিনিময় কৰিব৷

সন্মিলন উদ্বোধন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই কয় ‘উন্নয়ন পক্ৰিয়াত আমি প্ৰাকৃতিক সম্পদক ৰক্ষনা-বেক্ষণ কৰাৰ বিষয়টোও গুৰুত্ব সহকাৰে প্ৰৰ্যবেক্ষন কৰিব লাগিব৷ এই গৱেষণা সন্মিলন হৈছে এক আৰ্হিগত পৰিৱৰ্তনক সমাজক সচেতন কৰাৰ প্ৰয়াস৷ আজিৰ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, আমেৰিকাৰ ৱাশ্বিংটন ষ্টেট ডিপাৰ্টমেণ্ট অৱ ইক’লজিৰ নিউক্লিয়াৰ ৱেষ্ট প্ৰগ্ৰেমৰ মুখ্য হাড্ৰ’জিঅ’লজিষ্ট ড॰ দিবাকৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান ফেকাল্টিৰ ডীন অধ্যাপক কে টায়ুং তথা অধ্যাপক বি এন গোস্বামী৷প্ৰায় তিনিশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা আলোচনাত পূব হিমালয়ে সন্মুখীন হোৱা পৰিৱেশ আৰু আৰ্থ-সামাজিক প্ৰত্যাহ৩ানসমূহৰ সমাধানৰ দিশবোৰ অহা দুদিনত আলচ্য বিষয়ৰূপে লোৱা হ’ব৷ অংশগ্ৰহণকাৰী পৰিৱেশ আৰু সমাজ বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰৰ পণ্ডিতসকলে এক সমৃদ্ধ কাৰ্যসূচীত জড়িত হৈ নিজৰ গৱেষণামূলক তথ্য উপস্থাপন কৰিব৷ সন্মিলনৰ মূল বিষয়ৰ ভিতৰত আছে বন আৰু পৰিৱেশ, পৰম্পৰাক বিজ্ঞানৰ সৈতে সংযোগ লগতে সম্প্ৰদায়ৰ নেতৃত্বত পৰিৱেশ পুনৰুদ্ধাৰ তথা পুনৰ উৎপাদনশীল উন্নয়ন৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here